সমললৈ যাওক

লংকাৰাম’

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লংকাৰাম’ ডেগোবা
এথ পকুনা (হাতী পুখুৰী)
জৰাজীৰ্ণ অৱস্থাত লংকাৰাম’ ১৯২৭।

লংকাৰাম’ শ্ৰীলংকাৰ প্ৰাচীন ৰাজ্য অনুৰাধাপুৰৰ গলহেবাকড়াৰ প্ৰাচীন স্থানত ৰজা ৱালাগম্বাই নিৰ্মাণ কৰা এটা স্তুপ। স্তুপৰ প্ৰাচীন ৰূপৰ বিষয়ে একো জনা নাযায়, পিছলৈ এই স্তুপৰ সংস্কাৰ কৰা হয়। ধ্বংসাৱশেষৰপৰা দেখা যায় যে তাত শাৰী শাৰীকৈ শিলৰ খুঁটা আছে আৰু ইয়াক ঢাকিবলৈ স্তুপক আগুৰি ধৰি এটা ঘৰ নিৰ্মাণ কৰা হৈছে তাত কোনো সন্দেহ নাই। স্তুপৰ ঘূৰণীয়া চোতালখন যেন মাটিৰপৰা ৩.০ মিটাৰ (১০ ফুট) ওপৰত। এই স্তুপৰ ব্যাস ১৪ মিটাৰ (৪৫ ফুট)। চোতালখনৰ আকৃতি বৃত্তাকাৰ আৰু ইয়াৰ ব্যাস ৪০৬ মিটাৰ (১,৩৩২ ফুট)।

এথ পকুনা

[সম্পাদনা কৰক]

এথ পকুনা (হাতী পুখুৰী) হৈছে লংকাৰাম’য়াৰ ওচৰত অৱস্থিত প্ৰাচীন মানৱসৃষ্ট পুখুৰী। ইয়াৰ দৈৰ্ঘ্য ১৫৯ মিটাৰ (৫২২ ফুট), প্ৰস্থ ৫২.৭ মিটাৰ (১৭৩ ফুট) আৰু গভীৰতা ৯.৫ মিটাৰ (৩১ ফুট) আৰু ইয়াৰ পানী ধৰি ৰখাৰ ক্ষমতা ৭৫,০০০ মিটাৰ কুইণ্টল (২,৬০০,০০০ ঘনফুট)।

এই পুখুৰীৰ পানী পেৰিয়ামকুলামা টেংকৰ পৰা মাটিৰ তলৰ খালৰ নেটৱৰ্কৰ জৰিয়তে যোগান ধৰা হয়। এই মাটিৰ তলৰ খালবোৰে কেইবাশ বছৰৰ পাছতো কাম কৰি আছে। এই টেংকটো সম্ভৱতঃ অভয়াগিৰি বিহাৰ (বৌদ্ধ মঠ)ত সন্ন্যাসীসকলে ব্যৱহাৰ কৰিছিল, য’ত এটা সময়ত পাঁচ হাজাৰৰো অধিক পুৰোহিত আছিল।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  • This page incorporates content from Dr. Rohan Hettiarachchi's [1] used with permission of website owner.

স্থানাংক: 8°22′N 80°23′E / 8.367°N 80.383°E / 8.367; 80.383