সমললৈ যাওক

লক্ষ্মণা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লক্ষ্মণা
অষ্টভাৰ্যা-ৰ সদস্য

মহিশূৰ চিত্ৰপটত অংকিত লক্ষ্মণা আৰু অষ্টভাৰ্যা
অন্য নাম মাদ্ৰী, চাৰুহাশিনী
সম্পৰ্ক দেৱী, লক্ষ্মী, অষ্টভাৰ্যা
নিবাস দ্বাৰক
হিন্দু পাঠ্য বিষ্ণু পুৰাণ, ভাগৱত পুৰাণ, হৰিবংস, মহাভাৰত

লক্ষ্মণা (সংস্কৃত: लक्ष्मणा ) বা লক্ষনা হৈছে অষ্টভাৰ্যাৰ সপ্তমগৰাকী,[1] বা হিন্দু দেৱতা কৃষ্ণৰ আঠগৰাকী পত্নীৰ গোটৰ এগৰাকী৷

পৰিয়াল আৰু নাম

[সম্পাদনা কৰক]

ভাগৱত পুৰাণত সুগুণেৰে সমৃদ্ধ লক্ষ্মণাক মাদ্ৰা ৰাজ্যৰ এজন নাম প্ৰকাশ নকৰা শাসকৰ কন্যা বুলি উল্লেখ কৰা হৈছে।[2] পদ্ম পুৰাণত মাদ্ৰা ৰজাৰ নাম বৃহৎসেনা বুলি নিৰ্দিষ্ট কৰা হৈছে।[3]লক্ষ্মণাই বৃহৎসেনাক সংলাপৰ জৰিয়তে এজন ভাল বীণাবাদক বুলি বৰ্ণনা কৰিছে।[4] কিছুমান গ্ৰন্থত তেওঁক মাদ্ৰি বা মাদ্ৰা ("মাদ্ৰাৰ") উপনাম দিয়া হৈছে।[5][6]বিষ্ণু পুৰাণত অষ্টভাৰ্যাৰ তালিকাত লক্ষ্মণাক সন্নিবিষ্ট কৰা হৈছে যদিও আন এগৰাকী ৰাণী মাদ্ৰীৰ উল্লেখ আছে, যিগৰাকীক মাদ্ৰাৰ ৰাজকুমাৰী বুলি স্পষ্টকৈ উল্লেখ কৰা হৈছে। লক্ষ্মণাৰ বংশৰ কথা গ্ৰন্থত উল্লেখ কৰা হোৱা নাই। পাঠটোত তেওঁক চাৰুহাসিনী বুলিও কোৱা হৈছে৷ হৰিবংশেও তেওঁক চাৰুহাসিনী বুলি কয়, কিন্তু মাদ্ৰাৰ লগত ইয়াৰ সম্পৰ্ক নাই৷ আনহাতে বিষ্ণু পুৰাণৰ দৰে মাদ্ৰি বা সুভিমা নামৰ আন এগৰাকী ৰাণীৰ কথা উল্লেখ কৰা হৈছে।[6][7]

লক্ষ্মণাৰ পিতৃয়ে স্বয়ম্বৰ অনুষ্ঠানৰ আয়োজন কৰিছিল৷ ভাগৱত পুৰাণত উল্লেখ আছে যে কৃষ্ণই স্বয়ম্বৰৰ পৰা লক্ষ্মণাক অপহৰণ কৰে, ঠিক যেনেকৈ গৰুড়ে দেৱতাৰ পৰা জীৱন অমৃতৰ ঝাৰ (অমৃত) চুৰি কৰিছিল।[8][5] আন এটা কাহিনীত কৃষ্ণই স্বয়ম্বৰত লক্ষ্মণাক জয় কৰাৰ কথা কোৱা হৈছে৷ তাৰ বাবে তেওঁ ধনুৰ্বিদ্যা প্ৰতিযোগিতাত ভাগ লয়। ৰজা জৰাসন্ধ আৰু দুৰ্যোধনে লক্ষ্য-নিৰূপণত ব্যৰ্থ হয়। শ্ৰেষ্ঠ ধনুৰ্বিদ বুলি অভিহিত পাণ্ডৱ ৰাজকুমাৰ আৰু কৃষ্ণৰ খুলশালীয়েক অৰ্জুনে কাঁড়ৰ সহায়ত লক্ষ্যৰ স্থিৰ কৰিছিল যদিও ইচ্ছানুযায়ী ব্যৰ্থ হৈছিল যাতে কৃষ্ণই লক্ষ্মণাক জয় কৰিব পাৰে। অৰ্জুনৰ ভ্ৰাতৃ ভীমে কৃষ্ণৰ প্ৰতি সন্মান জনাই স্বয়ম্বৰত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। শেষত কৃষ্ণই লক্ষ্যত আঘাত কৰি জয়ী হয়।[9] কৃষ্ণ আৰু তেওঁৰ ৰাণীসকলে এসময়ত পাণ্ডৱ আৰু যুধিষ্ঠিৰৰ পত্নী দ্ৰৌপদীক লগ কৰিবলৈ হস্তিনাপুৰলৈ গৈছিল। গৌৰৱান্বিত আৰু লাজুক লক্ষ্মণাই দ্ৰৌপদীক কয় যে তেওঁৰ বিবাহো অতি ৰোমাঞ্চকৰ আছিল৷ তেওঁ তাৰপিছত ইয়াৰ কাহিনী বৰ্ণনা কৰে।[4]

সন্তান আৰু মৃত্যু

[সম্পাদনা কৰক]

ভাগৱত পুৰাণত উল্লেখ আছে যে লক্ষ্মণাৰ দহজন পুত্ৰ আছিল: প্ৰঘোষ, গত্ৰবণ, সিংহ, বালা, প্ৰবালা, উৰ্ধ্বগ, মহাশক্তি, সাহা, ওজা আৰু অপৰাজিতা।[10]বিষ্ণু পুৰাণত কোৱা হৈছে যে তেওঁৰ গত্ৰবণৰ নেতৃত্বত বহুতো পুত্ৰ আছে।[6]

ভাগৱত পুৰাণত কৃষ্ণৰ ৰাণীসকলৰ কান্দোনৰ কথা উল্লেখ আছে৷ আৰু পৰৱৰ্তী সময়ত তেওঁলোকে কিদৰে কৃষ্ণৰ অন্ত্যেষ্টিক্ৰিয়াৰ জুইত নিজকে সঁপি দিছিল-তাৰ বিষয়েও উল্লেখ আছে।[11] হিন্দু মহাকাব্য মহাভাৰতমৌসল পৰ্বত কৃষ্ণৰ মৃত্যু আৰু তেওঁৰ জাতিৰ যৱনিকাৰ বৰ্ণনা কৰা হৈছে৷ কোৱা হৈছে যে-মাত্ৰ চাৰিগৰাকীয়ে তেনেদৰে জঁপিয়াইছিল৷ বাকীসকলে ডকাইতৰ আক্ৰমণৰ সন্মুখীন হৈ জীৱন্তে জ্বলি নিজকে নিধন কৰে।[12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Mani, Vettam (1975). Puranic Encyclopaedia: a Comprehensive Dictionary with Special Reference to the Epic and Puranic Literature. Motilal Banarsidass Publishers. পৃষ্ঠা. 62. ISBN 978-0-8426-0822-0. https://archive.org/details/puranicencyclopa00maniuoft.
  2. Prabhupada. "Bhagavata Purana 10.58.57". Bhaktivedanta Book Trust. Archived from the original on 2011-09-20. https://web.archive.org/web/20110920104704/http://vedabase.net/sb/10/58/57/en আহৰণ কৰা হৈছে: 2025-02-03.
  3. Mani, Vettam (1975). Puranic Encyclopaedia: a Comprehensive Dictionary with Special Reference to the Epic and Puranic Literature. Motilal Banarsidass Publishers. পৃষ্ঠা. 448. ISBN 978-0-8426-0822-0. https://archive.org/details/puranicencyclopa00maniuoft.
  4. 1 2 Rakosh Das Begamudre; Pōtana (1988). Amrutha of Sreemad Bhagavatha: adapted and translated from the Telugu original of Kavi Bammera Pothana. Rakosh Das Beegamudre. https://books.google.com/books?id=e_IcAAAAMAAJ আহৰণ কৰা হৈছে: 7 February 2013.
  5. 1 2 Prabhupada. "Bhagavata Purana 10.61.15". Bhaktivedanta Book Trust. http://vedabase.net/sb/10/61/15/en.
  6. 1 2 3 Horace Hayman Wilson (1870). The Vishńu Puráńa: a system of Hindu mythology and tradition. Trübner. পৃষ্ঠা. 81–3, 107–8. https://archive.org/details/bub_gb_RO8oAAAAYAAJ আহৰণ কৰা হৈছে: 21 February 2013.
  7. "Harivamsha Maha Puraaam - Vishnu Parvaharivamsha in the Mahabharata - Vishnuparva Chapter 103 - narration of the Vrishni race". Mahabharata Resources Organization. http://mahabharata-resources.org/harivamsa/vishnuparva/hv_2_103.html আহৰণ কৰা হৈছে: 25 January 2013.
  8. "Five Ques married by Krishna". Krishnabook.com. http://krsnabook.com/ch58.html আহৰণ কৰা হৈছে: 25 January 2013.
  9. Aparna Chatterjee (December 10, 2007). "The Ashta-Bharyas". American Chronicle. Archived from the original on 6 December 2012. https://archive.today/20121206024252/http://www.americanchronicle.com/articles/view/45238 আহৰণ কৰা হৈছে: 21 April 2010.
  10. "The Genealogical Table of the Family of Krishna". Krsnabook.com. http://krsnabook.com/ch61.html আহৰণ কৰা হৈছে: 5 February 2013.
  11. Prabhupada. "Bhagavata Purana 11.31.20". Bhaktivedanta Book Trust. Archived from the original on 13 June 2010. https://web.archive.org/web/20100613194505/http://vedabase.net/sb/11/31/20/en.
  12. Kisari Mohan Ganguli. "Mahabharata". Sacred-texts.com. http://www.sacred-texts.com/hin/m16/m16007.htm আহৰণ কৰা হৈছে: 18 March 2013.