লক্ষ্মী গৌতম (অধ্যাপিকা)
| লক্ষ্মী গৌতম | |
|---|---|
| মৃত্যু | ১৯৬৩ |
| অন্য নাম | বৃন্দাবনৰ পৰী |
লক্ষ্মী গৌতম (ইংৰাজী: Laxmi Gautam; জন্ম প্ৰায় ১৯৬৩) এগৰাকী ভাৰতীয় শিক্ষাবিদ। তেওঁ সমাজৰ পৰা উৎসৃষ্ট বিধৱাসকলৰ যত্ন লোৱাৰ বাবে নিজৰ সময় উচৰ্গা কৰে। তেওঁক "বৃন্দাবনৰ পৰী" বুলি কোৱা হৈছে। ২০১৫ চনত তেওঁ এই সেৱাৰ স্বীকৃতি স্বৰূপে নাৰী শক্তিৰ সন্মান লাভ কৰে। তেওঁ বৃন্দাবনৰ প্ৰাচ্য দৰ্শন প্ৰতিষ্ঠানত অধ্যাপনা কৰে ৷
জীৱন
[সম্পাদনা কৰক]গৌতমৰ জন্ম হৈছিল প্ৰায় ১৯৬৩ চনত বৃন্দাবনত। [1] আগ্ৰা বিশ্ববিদ্যালয়ত হিন্দী আৰু ইতিহাস অধ্যয়ন কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ বৃন্দাবনৰ প্ৰাচ্য দৰ্শন প্ৰতিষ্ঠানৰ সহযোগী অধ্যাপিকা হিচাপে কাম কৰে। [1]
কম বয়সতে তেওঁ বুজিব ধৰিছিল যে বগা কাপোৰ পিন্ধা মুণ্ডন কৰা মহিলাসকলেই বিধৱা আছিল। শিশু কইনাই সকলৰো কোনো কোনো মহিলা অৱস্থা প্ৰাপ্তিৰ আগতেই বিধৱা হ 'ব পাৰে আৰু তাৰ পিছত বাকীচোৱা জীৱন সন্মানৰ অভাৱত বা খাদ্য বা চোৱা-চিতাৰ আশা নোহোৱাকৈ বিধৱা হিচাপে কটাব লগাত পাৰে।[1] ১৯৯৫ চনত তেওঁ উপ-মেয়ৰ হৈছিল।[2]
গৌতমে বিধৱাসকলৰ দুৰ্দশাৰ বিষয়ে কিবা এটা কৰাৰ সিদ্ধান্ত লয় আৰু ২০১৩ চনত তেওঁ [3] এটা এন জি অ' ফাউণ্ডেচন আৰম্ভ কৰে। বিধৱাসকলৰ প্ৰায়েই টকা-সিকাবিহীনভাৱেই মৃত্যুবৰণ কৰে আৰু গাভৰু বিধৱাসকলে জীয়াই থাকিবলৈ বেশ্যাৰ পথ অনুসৰণ কৰে। [2]
পৰিত্যক্ত বিধৱাৰ মৃতদেহবোৰ বিচাৰি গৌতমে [4] তেওঁলোকৰ মৃতদেহ জীৱ-জন্তুৱে খাব নোৱাৰাকৈ সন্মানজনকভাৱে দাহ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। তেওঁ কেৱল মৃতকৰ যত্ন লোৱাই নহয় তেওঁ প্ৰতিষ্ঠা কৰা ভেটিটোৱে পৰিত্যক্ত বিধৱাসকলৰো যত্ন লয়। পঁয়ত্ৰিশগৰাকী বিধৱাই তেওঁৰ সহায়ত জীৱন নিৰ্বাহ কৰি আহিছে। যৌন নিৰ্যাতনৰ বলি হোৱা লোকসকলকো তেওঁৰ ফাউণ্ডেচনে আইনী আৰু আৱেগিক সহায় আগবঢ়াইছে। [5]
২০১৫ চনত তেওঁৰ কামে স্বীকৃতি লাভ কৰে যেতিয়া তেওঁ নাৰী শক্তিৰ বঁটাৰে সন্মানিত হয়। এই পুৰস্কাৰৰ উদ্ধৃতিটোত উল্লেখ কৰা হৈছে যে তেওঁ দিনে দিনে পচি যোৱা মৃতদেহবোৰ চম্ভালিছিল আৰু ৫০০ টা মৃতদেহৰ ওপৰত শেষকৃতৰ ৰীতি-নীতি সমাপন কৰিছিল। অৱশ্যে এই বঁটাটো আছিল মৃত আৰু জীৱিতসকলক চোৱাচিতা কৰাৰ বাবেহে। কিয়নো এই বিধৱাসকলৰ বাবে তেওঁ খাদ্য, পানীয় আৰু কম্বলৰ ব্যৱস্থা কৰিছিল। [6]
তথ্যসূত্ৰসমূহ
[সম্পাদনা কৰক]- 1 2 3 "Committed to the welfare of Vrindavan widows" (en ভাষাত). Hindustan Times. 2018-05-17. https://www.hindustantimes.com/lucknow/committed-to-the-welfare-of-vrindavan-widows/story-L9mZQ5ynSMNKxjm9470UZL.html। আহৰণ কৰা হৈছে: 2020-07-01."Committed to the welfare of Vrindavan widows". Hindustan Times. 2018-05-17. Retrieved 2020-07-01.
- 1 2 Codingest (2018-06-06). "Dr. Lakshmi Gautam helps sadhvi escape an endless cycle of abuse" (en ভাষাত). Vrindavan Today. https://vrindavantoday.in/dr-lakshmi-gautam-helps-sadhvi-escape-an-endless-cycle-of-abuse। আহৰণ কৰা হৈছে: 2020-07-01.[সংযোগবিহীন উৎস]Codingest (2018-06-06). "Dr. Lakshmi Gautam helps sadhvi escape an endless cycle of abuse"[সংযোগবিহীন উৎস]. Vrindavan Today. Retrieved 2020-07-01.
- ↑ "Dr. Laxmi Gautam | WEF | Women Economic Forum" (en ভাষাত). WEF. https://www.wef.org.in/dr-laxmi-gautam/। আহৰণ কৰা হৈছে: 2020-07-01.
- ↑ Madhukalya, Amrita (2015-03-09). "Angel of Vrindavan: Dr Laxmi Gautam gets Nari Shakti Puraskar for her dedication to widows' welfare" (en ভাষাত). DNA India. https://www.dnaindia.com/india/report-angel-of-vrindavan-dr-laxmi-gautam-gets-nari-shakti-puraskar-for-her-dedication-to-widows-welfare-2067109। আহৰণ কৰা হৈছে: 2020-07-01.
- ↑ Codingest (2018-06-06). "Dr. Lakshmi Gautam helps sadhvi escape an endless cycle of abuse" (en ভাষাত). Vrindavan Today. https://vrindavantoday.in/dr-lakshmi-gautam-helps-sadhvi-escape-an-endless-cycle-of-abuse। আহৰণ কৰা হৈছে: 2020-07-01.[সংযোগবিহীন উৎস]
- ↑ "India's Ministry of Women, children and development" (en ভাষাত). Twitter. https://twitter.com/i/status/766250907851894784। আহৰণ কৰা হৈছে: 2020-07-01.