লক্ষ্মী চান্দ জৈন
| লক্ষ্মী চান্দ জৈন | |
|---|---|
| জন্ম | ১৩ ডিচেম্বৰ, ১৯২৫ বাহাদুৰপুৰ, ৰাজস্থান, ভাৰত |
| মৃত্যু | ১৪ নৱেম্বৰ, ২০১০ (৮৪ বছৰ) নতুন দিল্লী, ভাৰত |
| পেচা | স্বাধীনতা সংগ্ৰামী, ক’পাৰেটিভ লিডাৰ |
| জনা যায় | গান্ধীবাদী, স্বাধীনতা সংগ্ৰামী, প্ৰাক্তন আমোলা (ব্যুৰুক্যেট) আৰু মেগছেচে বঁটা বিজয়ী, ১৮৮৯ |
| স্বাক্ষৰ | |
লক্ষ্মী চান্দ জৈন (ইংৰাজী: Lakshmi Chand Jain; জন্ম:১৯২৫-মৃত্যু:২০১০) এগৰাকী ৰাজনৈতিক এক্টিভিষ্ট[1] আৰু লেখক। পিছলৈ বিভিন্ন সময়ত তেওঁ পৰিকল্পনা আয়োগৰ সদস্য হিচাপে, দক্ষিণ আফ্ৰিকাত ভাৰতীয় উচ্চায়ুক্ত হিচাপে, বান্ধ সম্পৰ্কীয় বিশ্ব আয়োগৰ (WCD) সদস্য হিচাপে আৰু ভাৰতীয় সমবায় সংঘ আৰু সৰ্বভাৰতীয় হস্তশিল্প ব’ৰ্ডৰ (AIHB) সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। দক্ষিণ আফ্ৰিকাত পাৰমাণৱিক পৰীক্ষাৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি ফলপ্ৰসূভাৱে ৰক্ষা নকৰাৰ বাবে বাজপেয়ী চৰকাৰে তেওঁক ৰাষ্ট্ৰদূত পদৰপৰা বৰ্খাস্ত পৰে। অৱশেষত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে। ইউপিএ চৰকাৰে তেওঁক মৰণোত্তৰ ভাৱে ভাৰতৰ দ্বিতীয়টি সৰ্ব্বোশ্ৰেষ্ঠ অসামৰিক সন্মান পদ্ম বিভূষণ প্ৰদান কৰে। কিন্তু জৈনে ৰাজ্যিক সন্মানৰ বিৰোধিতা কৰিছিল বুলি কৈ তেওঁৰ পৰিয়ালে এই বঁটা গ্ৰহণ কৰিবলৈ অমান্তি হয়।[2]
জীৱনী
[সম্পাদনা কৰক]তেওঁৰ ডেকাকালত, ১৯৪২ চনত জৈনে ভাৰত ত্যাগ আন্দোলনত ভাগ লৈছিল। ১৯৪৭ চনৰ ভাৰত বিভাজনৰ সময়ত তেওঁ নৰ্থ (উত্তৰ) দিল্লীৰ কিংছৱে কেম্পত থকা ৰিফিউজী কেম্পৰ দায়িত্ব লৈছিল। তেওঁ কৃষি আৰু কুটিৰ উদ্যোগৰ বাবে সমবায় সমিতিসমূহক ৰিহেবিলাইটেচন শিবিৰত প্ৰৱেশ কৰাত সহায় কৰিছিল। ভাৰতীয় সমবায় সংঘ (আই চি ইউ)ৰ সৈতে স্বেচ্ছাসেৱী সংগঠক হিচাপে তেওঁ দিল্লীৰ পৰা ২০ কিলোমিটাৰ দূৰত্বত ফৰিদাবাদত অৱস্থিত পাকিস্তানৰ শৰণাৰ্থীসকলৰ পুনৰ্বাসন প্ৰকল্পত (rehabilitation project) যোগদান কৰিছিল।
১৯৬৬ চনত তেওঁ গ্ৰাহক সমবায়ৰ দোকানৰ (consumer cooperative stores) শৃংখল স্থাপনৰ নেতৃত্ব দিয়ে, য’ত চহৰত বাস কৰা লোকসকলে উচিত মূল্যত খাদ্য, কাপোৰ আৰু বিভিন্ন সঁজুলি কিনিব পাৰে। ১৯৬৮ চনত তেওঁ এটা সেৱামুখী পৰামৰ্শদাতা প্ৰতিষ্ঠানৰ (service-oriented consulting firm) সহ-প্ৰতিষ্ঠা কৰে।
জৈনে কেইবাটাও উন্নয়ন সংস্থাৰ লগতে চৰকাৰী সমিতি আৰু ব’ৰ্ড, যেনে বিশ্ব বান্ধ আয়োগৰ সৈতে কাম কৰিছিল।[3] আই চি ইউৰ অংশ হিচাপে তেওঁ চেণ্ট্ৰেল কটেজ ইণ্ডাষ্ট্ৰীজ এম্পোৰিয়াম আৰু ছুপাৰ বজাৰ সমবায় ষ্ট’ৰ স্থাপন কৰাত সহায় কৰিছিল।[4][5]
জৈনৰ পত্নী দেৱীকা জৈন এগৰাকী অৰ্থনীতিবিদ। দুয়ো দুটি পুত্ৰ সন্তানৰ অধিকাৰী। তেওঁলোকে বেংগালুৰুত নিগাজীকৈ থাকিবলৈ লৈছিল। তেওঁলোকৰ পুত্ৰ শ্ৰীনিবাসন জৈন এজন নিউজ এংকৰ, সাংবাদিক আৰু বৰ্তমান এনডিটিভিৰ পৰিচালন সম্পাদক। ১৯৮৯ চনত জৈনে তৃণমূল পৰ্যায়ত ভাৰতত দৰিদ্ৰতা প্ৰতিৰোধৰ বাবে আগবঢ়োৱা তেওঁৰ নিস্বাৰ্থ অৱদানৰ বাবে লোকসেৱা শিতানত মেগছেছে বঁটা লাভ কৰিছিল।[6]
স্বীকৃতি
[সম্পাদনা কৰক]২০১১ চনত ভাৰত চৰকাৰে চান্দক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ দ্বিতীয় অসামৰিক সন্মান পদ্ম বিভূষণৰ বাবে নিৰ্বাচিত কৰিছিল যদিও জৈন ৰাজ্যিক সন্মানৰ ধাৰণাটিৰ বিৰোধী বুলি কৈ পৰিয়ালে এই বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল।[2]
বিতৰ্ক
[সম্পাদনা কৰক]লক্ষ্মী চান্দ জৈন দক্ষিণ আফ্ৰিকাত ভাৰতীয় উচ্চায়ুক্ত হিচাপে থকা কালত অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত ভাৰত চৰকাৰে পোখৰাণত পাৰমাণৱিক পৰীক্ষা চলাইছিল। আই কে গুজৰাল চৰকাৰে নিযুক্তি দিয়া লক্ষ্মী চান্দ জৈনক ১৯৯৮ চনত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী চৰকাৰে তলব কৰে। খবৰ অনুসৰি, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ব্ৰজেশ মিশ্ৰই জৈন সম্পৰ্কে এই অভিযোগ আনিছিল যে, জৈনে ভাৰতৰ পোখৰাণত হোৱা দ্বিতীয়টো পাৰমাণিক পৰীক্ষাৰ পক্ষত সৱল স্থিতি লোৱা নাছিল। কে পি নায়াৰৰ দৰে সাংবাদিকসকলে যুক্তি দিছিল যে জৈন এই ধাৰণাটোৰ বিৰোধী আৰু এই কথা দক্ষিণ আফ্ৰিকা চৰকাৰক জনাইছে। পাকিস্তানৰ উচ্চায়ুক্তই এই পৰীক্ষাসমূহ পাকিস্তানৰ বাবে এক বৃহৎ ভাবুকি বুলি দাবী কৰাৰ পিছত জৈনক সোধা হয় যে তেওঁ, পৰীক্ষাসমূহৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। জৈনে উত্তৰ দিছিল যে,
“পৃথিৱীৰ কোনোৱেই পাৰমাণৱিক অস্ত্ৰৰ কথাটো সহজভাৱে ল’ব নোৱাৰে।”
তেওঁৰ মতে, তেওঁৰ এই ব্যক্তব্য শুনি মিশ্ৰ ক্ষোভিত হৈছিল, যি অনুভৱ কৰিছিল যে চান্দে এই কথা কোৱা উচিত হোৱা নাই আৰু সেয়েহে চান্দক তলব কৰিবলৈ চৰকাৰক অনুৰোধ কৰিছিল।
২০১৭ চনৰ ডিচেম্বৰ মাহত ৰাজীৱ মন্ত্ৰীয়ে জৈনক প্ৰমাণিক বিশ্বাসঘাতক বুলি অভিহিত কৰি তেওঁৰ এটা প্ৰবন্ধত এই অভিযোগ উত্থাপন কৰিছিল যে, সেই বছৰৰ শেষৰ ফালে অনুষ্ঠিত হোৱা এন এ এম শীৰ্ষ সন্মিলনত ভাৰতে পাৰমাণৱিক পৰীক্ষাৰ বিৰোধিতা কৰা দক্ষিণ আফ্ৰিকাৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে জৈনৰ পুত্ৰ সাংবাদিক শ্ৰীনিবাসন জৈনে ৰাজীৱ মন্ত্ৰীলৈ মানহানিৰ জাননী প্ৰেৰণ কৰিছিল।[7]
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- ডেভেলপমেণ্ট অৱ ডিচেণ্ট্ৰেলাইজড ইণ্ডাষ্ট্ৰিজ ইন ইণ্ডিয়া-প্ৰগ্ৰেছ এণ্ড পাৰ্চপেক্টিভ; গান্ধী মাৰ্গ-২, নং-৬ (ছেপ্টেম্বৰ ১৯৮০):৩০৭-২৯
- অবিচুৱেৰি: কমলাদেৱী; ইকনমিক এণ্ড পলিটিকেল ৱিক্লি, ২৬ নৱেম্বৰ ১৯৮৮, ২৫২০-২১
- পভাৰ্টি, এন্ভাইৰ’মেণ্ট, ডেভেলপমেণ্ট:আ ভিউ ফ্ৰম গন্ধীজ ৱিন্ণ্ড; ইকনমিক এণ্ড পলিটিকেল ৱিক্লি, ১৩ ফেব্ৰুৱাৰী ১৯৮৮, ৩১১-২০
- পাৱাৰ ট্যু দ্য পিপল:ডিচেণ্ট্ৰেলাইজেচন ইজ আ নেচেচিটি; পলিচি ইছ্যু নং-১, হাইদৰাবাদ:একাডেমী অৱ গান্ধীয়ান ষ্টাডিজ, ১৯৮০
- আ টেল অৱ টু প্ৰগ্ৰামচ : দ্য মহাত্মাজ এণ্ড মিচেচ গান্ধীজ; টাইমচ অৱ ইণ্ডিয়া, ২৬ নৱেম্বৰ, ১৯৮৩
- (বি ভি কৃষ্ণমূৰ্তি আৰু পি এম ত্ৰিপাঠীৰ সৈতে) গ্ৰাছ ৱিইডাউট ৰুটচ্ : ৰুৰেল ডেভেলপমেণ্ট আণ্ডাৰ গভৰ্মেণ্ট Rural Development under Government অচপিচেছ; নতুন দিল্লী:চেজ পাব্লিকেছনচ্, ১৯৮৫
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Crossette, Barbara (19 May 1991). "INDIA'S DESCENT". New York Times. https://www.nytimes.com/1991/05/19/magazine/india-s-descent.html?pagewanted=4.
- ↑ 2.0 2.1 "Gandhian's family declines Padma Vibhushan | India News - Times of India" (en ভাষাত). The Times of India. 2011-03-25. https://timesofindia.indiatimes.com/india/gandhians-family-declines-padma-vibhushan/articleshow/7784160.cms। আহৰণ কৰা হৈছে: 2021-12-09.
- ↑ World Dam Commission mandate Archived 13 November 2007 at the Wayback Machine, retrieved 27 November 2007
- ↑ "Dam commission concludes hearings". Indian Express. 13 December 1998. http://www.indianexpress.com/res/web/pIe/ie/daily/19981213/34750684.html.[সংযোগবিহীন উৎস]
- ↑ 'Gandhi works, always' By Ashok Gopal[usurped] infochangeindia.org.
- ↑ Citation Archived 5 June 2010 at the Wayback Machine Ramon Magsaysay Award website.
- ↑ "Sreenivasan Jain Sends Legal Notice For 'Certifiable Traitor' Slur" (en ভাষাত). The Quint. 6 August 2018. https://www.thequint.com/news/india/sreenivasan-jain-defamation-rajeev-mantri-lc-jain-pokhran। আহৰণ কৰা হৈছে: 2019-03-19.