সমললৈ যাওক

লক্ষ্মী তন্ত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


সমুদ্ৰ মন্থনৰ পৰা ওলাই অহা লক্ষ্মীৰ ভাস্কৰ্য

লক্ষ্মী তন্ত্ৰ হিন্দু ধৰ্মত লক্ষ্মী আৰু নাৰায়ণ(বিষ্ণু) প্ৰতি উৎসৰ্গিত পঞ্চৰাত্ৰ গ্ৰন্থসমূহৰ ভিতৰত অন্যতম এখন গ্ৰন্থ। ই আগমশাস্ত্ৰৰ এটা গোট গঠন কৰে। লক্ষ্মী তন্ত্ৰ লক্ষ্মী দেৱীৰ পূজা (বিষ্ণু-নাৰায়ণৰ শক্তি)ৰ বাবে নিবেদিত যদিও ইয়াত সাধাৰণতে সকলো নাৰীক মহিমামণ্ডিত কৰা হয়।[1]

এই গ্ৰন্থখন নৱম আৰু দ্বাদশ শতিকাৰ মাজৰ কোনোবা এটা সময়ত ৰচনা কৰা হৈছিল।[2]

বিষয়বস্তু

[সম্পাদনা কৰক]

লক্ষ্মী তন্ত্ৰ গ্ৰন্থত পঞ্চৰাত্ৰ দৰ্শন, মহাবিশ্ববিজ্ঞান আৰু মন্ত্ৰ শাস্ত্ৰৰ বিষয়ে তথ্য সন্নিবিষ্ট কৰা হৈছে। লক্ষ্মী-নাৰায়ণ আৰু বিষ্ণুৰ ব্যুহসমূহৰ চিত্ৰাৱলীও আলোচনা কৰা হৈছে। গ্ৰন্থখনত পূজাৰ আচাৰ-ব্যৱহাৰৰ, মন্দিৰৰ স্থাপত্য আৰু পূজাৰ বিষয়ে তথ্য সন্নিবিষ্ট কৰা হোৱা নাই।[3]

এই গ্ৰন্থখনক বৈষ্ণৱ বুলিও শ্ৰেণীভুক্ত কৰিব পাৰি, কিয়নো ইয়াত লক্ষ্মী-নাৰায়ণক পৰম বুলি মহিমামণ্ডিত কৰা হৈছে।[4]

শ্ৰী(লক্ষ্মী) যন্ত্ৰ

লক্ষ্মী তন্ত্ৰৰ দেৱী মহাত্ম্যৰ প্ৰতীক ৰহস্যমৰ সৈতে স্পষ্ট সাদৃশ্য থকা দেখা গৈছে, য’ত বৈষ্ণৱসকলৰ শাক্ত-কথাৰ সৈতে মিলি যোৱা দেখা গৈছে, যিটো অত্যন্ত বিৰল। পৰম শক্তি আদি মহালক্ষ্মীয়ে তেওঁৰ সম্পূৰ্ণ অৱতাৰ মহালক্ষ্মী বা মহাশ্ৰীলৈ ৰূপান্তৰিত হোৱাৰ বিষয়ে বৰ্ণনা কৰা খণ্ডটোত দেৱীগৰাকীয়ে গদা, ঢাল, নেমুটেঙা আৰু বাটি লৈ থকা দেখুওৱা হৈছে। তেওঁ সোণালী ৰঙৰ আৰু মুকুটত তেওঁ ধাৰণ কৰি আছে এটা লিংগ আৰু বহুফণাযুক্ত সাপ যিটো ত্ৰিদেৱৰ প্ৰতীক; লিংগ অৰ্থাৎ শিৱ, যোনি অৰ্থাৎ বিষ্ণু আৰু ব্ৰহ্মাক প্ৰতিনিধিত্ব কৰা সাপ। তেওঁ ৰজঃ গুণক প্ৰতিনিধিত্ব কৰে। ইয়াৰ পৰা ই প্ৰতীক ৰহস্যমত দেখা পোৱাৰ সৈতে যথেষ্ট মিল আছে, মহালক্ষ্মীয়ে ক্ৰমে তমঃগুণ আৰু সত্বঃ গুণক প্ৰতিনিধিত্ব কৰা মহাকালী/মহামায়া আৰু মহাসৰস্বতী/মহাবিদ্যাৰ সৃষ্টি কৰে। কিন্তু প্ৰতিকা ৰহস্যমত দেৱীসকলে নিজাববীয়াকৈ ত্ৰিমূৰ্তি আৰু ত্ৰিদেৱী সৃষ্টি কৰাৰ দৰে নহয়, লক্ষ্মী তন্ত্ৰত আদিপুৰুষ বা পৰম বাসুদেৱে চতুৰ্ভ্যুহ, প্ৰদ্যুম্ন, অনিৰুদ্ধ, আৰু শংকৰ্ষণৰ তিনিটা সৃষ্টি কৰে। প্ৰদ্যুম্ন ব্ৰহ্মা আৰু লক্ষ্মী (পদ্মা নামেৰে নামাকৰণ কৰা) সৃষ্টি কৰা মহাশ্ৰীৰ সৈতে জড়িত, শংকৰশন মহামায়াৰ সৈতে জড়িত, শিৱ আৰু সৰস্বতী সৃষ্টি, আৰু অনিৰুদ্ধ আৰু মহাবিদ্যাৰ সৈতে জড়িত হৈ বিষ্ণু আৰু গৌৰী/পাৰ্বতী সৃষ্টি কৰে। ইয়াত পুৰুষ আৰু নাৰী শক্তিৰ সংমিশ্ৰণে সৃষ্টি বা জীৱন সৃষ্টি কৰে।[5][6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. www.wisdomlib.org (2021-09-19). "Lakshmi-tantra [sanskrit"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/lakshmi-tantra-sanskrit। আহৰণ কৰা হৈছে: 2022-08-10. 
  2. Lakṣmī Tantra. A Pāñcarātra text. প্ৰকাশক Leiden: Brill. 1972. পৃষ্ঠা. 21. ISBN 978-90-04-03419-8. 
  3. Gupta, Sanjukta. Lakshmi Tantra A Pancharatra Text. পৃষ্ঠা. XVII. http://archive.org/details/LakshmiTantraAPancharatraTextSanjuktaGupta. 
  4. Lakshmi Tantra A Pancharatra Text Sanjukta Gupta. পৃষ্ঠা. 37. http://archive.org/details/LakshmiTantraAPancharatraTextSanjuktaGupta. 
  5. "Lakshmi Tantra" (en ভাষাত). Goddess Vidya. http://vedicgoddess.weebly.com/3/post/2013/01/lakshmi-tantra-by-yogi-ananda-saraswathi.html। আহৰণ কৰা হৈছে: 2021-11-30. 
  6. Pattanaik, Devdutt (11 November 2015). "The ancient story of goddess Lakshmi—bestower of power, wealth and sovereignty" (en ভাষাত). Quartz. https://qz.com/india/545655/the-ancient-story-of-goddess-lakshmi-bestower-of-power-wealth-and-sovereignty/। আহৰণ কৰা হৈছে: 2021-11-30.