লক্ষ্মী (২০১৪ চলচ্চিত্ৰ)
লক্ষ্মী | |
---|---|
![]() পোষ্টাৰ | |
পৰিচালক | নাগেশ কুকুনুৰ |
ৰচনা | নাগেশ কুকুনুৰ |
অভিনয়ত | মোনালী ঠাকুৰ শ্বেফালী শ্বাহ ৰাম কাপুৰ সতীশ কৌশিক নাগেশ কুকুনুৰ |
সংগীত পৰিচালক | তাপস ৰেলিয়া |
মুক্তি |
১৩ জানুৱাৰী ২০১৪(Palm Springs) ২১ মাৰ্চ ২০১৪ (India) |
দৈৰ্ঘ্য |
১০৪ মিনিট |
দেশ | ভাৰত |
ভাষা | হিন্দী |
লক্ষ্মী ইংৰাজী: Lakshmi) ২০১৪ চনৰ নাগেশ কুকুনুৰৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ভাৰতীয় হিন্দী ভাষাৰ এখন জীৱনীমূলক সামাজিক সমস্যাৰ ছবি । ইয়াত শ্বেফালী শ্বাহ, ৰাম কাপুৰ, সতীশ কৌশিক, আৰু কুকুনুৰৰ সৈতে শিৰোনাম চৰিত্ৰত অভিনয় কৰিছে মোনালি ঠাকুৰে। ভাৰতৰ গ্ৰাম্য অঞ্চলত পৰ্দাৰ আঁৰত অব্যাহত থকা মানৱ সৰবৰাহৰআৰু শিশু বেশ্যাবৃত্তিৰ কঠোৰ বাস্তৱতা ছবিখনত বিবৃত হৈছে।
ছবিখনে ২০১৪ চনৰ ১৩ জানুৱাৰীত পাম স্প্ৰিংছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ কাহিনীৰ বাবে শ্ৰেষ্ঠ চলচ্চিত্ৰ - মাৰ্চিডিজ বেঞ্জ দৰ্শক বঁটা লাভ কৰে।[1] পূৰ্বে ২০১৪ চনৰ ১৭ জানুৱাৰীত মুক্তি পোৱাৰ আশা কৰা হৈছিল যদিও চেঞ্চৰশ্বিপৰ সমস্যাৰ বাবে পলমকৈ[2][3] ২০১৪ চনৰ ২১ মাৰ্চত মুক্তি ছবিখন মুক্তি পায়।[4] টৰন্টো ৰিল ৱৰ্ল্ড, ৱাশ্বিংটন ডি চি, নিউয়ৰ্ক ইণ্ডিয়ান আৰু মেলবৰ্ণ ইণ্ডিয়ান চলচ্চিত্ৰ মহোৎসৱত এই ছবিখন আনুষ্ঠানিক নিৰ্বাচন হিচাপে প্ৰদৰ্শিত হয়।[5] ২০১৪ চনৰ জুন মাহত ১৬তম লণ্ডন এছিয়ান চলচ্চিত্ৰ মহোৎসৱ লক্ষ্মী ছবিখনেৰে মুকলি কৰা হয়।[6]
মুক্তি
[সম্পাদনা কৰক]২০১৩ চনৰ নৱেম্বৰ মাহত কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ডে (CBFC) প্ৰথমবাৰৰ বাবে ছবিখন চায় আৰু কিছুমান দৃশ্য "আপত্তিজনক" বুলি বিবেচনা কৰে। পৰৱৰ্তী সময়ত ইয়াক সংশোধন সমিতিৰ দ্বাৰা চোৱাৰ কথা আছিল। কিন্তু জানুৱাৰী মাহৰ আৰম্ভণিলৈকে ছবিখন কমিটীয়ে চোৱা নাছিল আৰু সেয়েহে ১৭ জানুৱাৰীৰ ভাৰতীয় প্ৰিমিয়াৰৰ তাৰিখ বাদ দিবলগা হৈছিল।[7]
ভাৰতত মুক্তি পোৱাৰ পূৰ্বে এই ছবিখনৰ প্ৰিমিয়াৰ ১৩ জানুৱাৰীত ২০১৪ চনৰ পাম স্প্ৰিংছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত হয়, য'ত ই সমালোচকৰ প্ৰশংসা লাভ কৰে আৰু দৰ্শকৰ ভোটৰ ওপৰত ভিত্তি কৰি শ্ৰেষ্ঠ কাহিনীৰ বাবে দৰ্শকৰ বঁটা লাভ কৰে।[8]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Lakshmi wins Audience Award". India West. Archived from the original on 19 January 2014. https://web.archive.org/web/20140119071328/http://www.indiawest.com/news/16290--lakshmi-wins-audience-award-at-palm-springs-film-festival.html। আহৰণ কৰা হৈছে: 2014-01-13.
- ↑ "Theater Release of Lakshmi". The Times of India. http://timesofindia.indiatimes.com/city/mumbai/Nagesh-Kukunoor-Monali-Thakur-unveil-the-first-look-of-their-film/articleshow/24754499.cms। আহৰণ কৰা হৈছে: 2013-10-21.
- ↑ "Lakshmi Release Delayed". The American Bazaar. 8 January 2014. http://www.americanbazaaronline.com/2014/01/08/full-house-california-nagesh-kukunoors-lakshmi-getting-past-censor-board-india/। আহৰণ কৰা হৈছে: 2014-01-15.
- ↑ "Lakshmi". The Times of India. 5 March 2014. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/previews/Lakshmi/articleshow/31491898.cms। আহৰণ কৰা হৈছে: 2014-03-09.
- ↑ "Luminosity Pictures". Archived from the original on 18 March 2014. https://web.archive.org/web/20140318062817/http://luminositypictures.co.in/LAKSHMI.html। আহৰণ কৰা হৈছে: 18 March 2014.
- ↑ "Luminosity Pictures". Archived from the original on 18 March 2014. https://web.archive.org/web/20140318062817/http://luminositypictures.co.in/LAKSHMI.html। আহৰণ কৰা হৈছে: 18 March 2014.
- ↑ "CBFC has no time to see my film". Mumbai Mirror. 8 January 2014. http://www.mumbaimirror.com/entertainment/bollywood/CBFC-has-no-time-to-see-my-film/articleshow/28527015.cms। আহৰণ কৰা হৈছে: 2014-01-18.
- ↑ "Kukunoor's Lakshmi wins award at Palm Springs festival". Hindustan Times. 14 January 2014. Archived from the original on 19 January 2014. https://web.archive.org/web/20140119150224/http://www.hindustantimes.com/entertainment/bollywood/kukunoor-s-lakshmi-wins-award-at-palm-springs-festival/article1-1172714.aspx। আহৰণ কৰা হৈছে: 2014-01-18.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Lakshmi সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।