লজ্জা (উপন্যাস)
| লজ্জা | |
|---|---|
![]() | |
| লেখক | তছলিমা নাছৰিন |
| দেশ | বাংলাদেশ |
| ভাষা | বাংলা |
| প্ৰকাৰ | উপন্যাস |
| প্ৰকাশ | ১৯৯৩ |
| ইংৰাজীত প্ৰকাশ |
অক্টোবৰ ১৯৯৭ |
| মিডিয়া প্ৰকাৰ | ছপা (পকাবন্ধা আৰু পেপাৰবেক) |
| পৃষ্ঠা সংখ্যা | ৩০২ |
| আই.এচ.বি.এন. | 1-57392-165-3 |
| অ.চি.এল.চি নং | 37322498 |
| ডুৱি ডেচিমেল | 891.4/437 21 |
| এল চি শ্ৰেণীকৰণ | PK1730.3.A65 L3513 1997 |
লজ্জা (ইংৰাজী: Lajja) বাংলাদেশী ঔপন্যাসিক তথা নাৰীবাদী লেখিকা তছলিমা নাছৰিনৰ দ্বাৰা ৰচিত এখন উপন্যাস। উপন্যাসখন একাধিক ভাষালৈ অনূদিত কৰা হৈছে। ১৯৯৩ চনত প্ৰথম প্ৰকাশিত এই গ্ৰন্থখন বাংলাদেশত নিষিদ্ধ কৰা হৈছিল।[1][2][3] এই উপন্যাসখনত ইছলামৰ বিভিন্ন পৱিত্ৰ দিশক অসন্মান আৰু বদনাম কৰাৰ বাবে লেখক ব্যাপক সমালোচনা আৰু আন্দোলনৰ সন্মুখীন হৈছিল। পিছত তেওঁ দেশ এৰি যাবলৈ বাধ্য হয়।[4] প্ৰথম ছমাহতে "লজ্জা"ৰ প্ৰায় পঞ্চাশ হাজাৰ কপি বিক্ৰী হৈছিল।[5]
নাছৰীনে ভাৰতীয় উপমহাদেশত বসবাস কৰা জনসাধাৰণৰ নামত এই গ্ৰন্থখন উৎসৰ্গা কৰে। অসমীয়া ভাষালৈ এই উপন্যাসখন অনবাদ কৰিছে ৰুণুমী শৰ্মাই।[6]
সংক্ষিপ্তসাৰ
[সম্পাদনা কৰক]১৯৯২ চনৰ ৬ ডিচেম্বৰত ভাৰতৰ বাবৰি মছজিদক কেন্দ্ৰ কৰি যেতিয়া হিন্দু-মুছলমানৰ মাজত সংঘৰ্ষ সংঘটিত হৈছিল, তেতিয়া ইয়াৰ প্ৰভাৱ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশতো পৰে। লজ্জা উপন্যাসখন সেই সময়ৰ হিন্দুসকলৰ জীৱনযাত্ৰক লৈ ৰচনা কৰা হৈছিল। ধৰ্মনিৰপেক্ষতাৰ ছাঁত ধৰ্মীয়ভাৱে সংখ্যালঘু হিন্দু সম্প্ৰদায়ে সন্মুখীন হোৱা বৈষম্যৰ বিষয়ে গ্ৰন্থখনত বিশেষভাৱে আলোচনা কৰা হৈছে।
সংক্ষেপে উপন্যাসৰ কাহিনীভাগ
[সম্পাদনা কৰক]১৯৯২ চনৰ ৬ ডিচেম্বৰত ভাৰতৰ উত্তৰ প্ৰদেশৰ অযোধ্যাত বাবৰি মছজিদ ভাঙি পেলোৱাৰ খবৰে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত প্ৰভাৱ পেলাইছিল। সংৰ্ঘষৰ প্ৰভাৱৰ ফলত দত্ত পৰিয়াল স্থানীয় ৰাইজৰ মাজত ঘৃণাৰ পাত্ৰত পৰিণত হৈছিল। পৰিয়ালৰ প্ৰতিজন সদস্যই সেই সময়ক নিজৰ নিজৰ ধৰণেৰে, নিজৰ নিজৰ অনুভৱেৰে চায়।[1]
সুধোময় এজন দেশপ্ৰেমিক। তেওঁ দেশখনক নিজৰ মাতৃ হিচাপেহে দেখে। তেওঁৰ বিশ্বাস যে বাংলাদেশে তেওঁক মাতৃৰ দৰে সুৰক্ষা দিব। কিৰণমায়াই স্বামীৰ আদৰ্শ এগৰাকী বিশ্বস্ত পত্নীৰ দৰে অনুসৰণ কৰে। তেওঁলোকৰ পুত্ৰ সুৰঞ্জনে সাম্প্ৰদায়িকতাতকৈ জাতীয়তাবাদ শক্তিশালী বুলি বিশ্বাস কৰে। অৱশ্যে তেওঁৰ হতাশ হ’বলৈ বেছি সময় নালাগে। তেওঁ আৱিষ্কাৰ কৰে যে তেওঁ জনা দেশপ্ৰেমৰ সৈতে সাম্প্ৰদায়িকতা সম্পূৰ্ণ বিৰোধ। নীলাঞ্জনাই ককায়েকৰ ভাৱলেশহীনতাক তুচ্ছজ্ঞান কৰি পৰিয়ালৰ সুৰক্ষাৰ বাবে ভায়েকক মুছলমান বন্ধুৰ ঘৰত থাকিবলৈ কথা পাতিবলৈ ধৰিলে। লজ্জা হৈছে ৰূপান্তৰৰ কাহিনী। এক বিপৰ্যয়জনক পৰিঘটনাৰ ফলত সৃষ্টি হোৱা মোহভংগ আৰু ধ্বংসাত্মকতাৰ কাহিনী।
অনুবাদ
[সম্পাদনা কৰক]লজ্জা একাধিক ভাষালৈ অনূদিত হৈছে।[7] ইংৰাজীৰ বাহিৰেও ডাচ, জাৰ্মান, স্পেনিছ, ইটালিয়ান, ছুইডিছ, নৰৱেজিয়ান, ফিনিছ, আইচলেণ্ডিক, পাৰ্চী, আৰৱী, অসমীয়া, কানাড়া, হিন্দী, গুজৰাটী, ওডিয়া, উৰ্দু, মাৰাঠী, তেলেগু, তামিল, পাঞ্জাৱী, নেপালী, মালয়ালম আৰু সিংহলী ভাষালৈ লজ্জা অনূদিত হৈছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "লজ্জা ও নিষিদ্ধ লজ্জাৰ দুই যুগ | banglatribune.com" (bn ভাষাত). Bangla Tribune. 2018-05-25. http://www.banglatribune.com/literature/news/222695/%E0%A6%B2%E0%A6%9C%E0%A7%8D%E0%A6%9C%E0%A6%BE-%E0%A6%93-%E0%A6%A8%E0%A6%BF%E0%A6%B7%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%A7-%E0%A6%B2%E0%A6%9C%E0%A7%8D%E0%A6%9C%E0%A6%BE%E0%A6%B0-%E0%A6%A6%E0%A7%81%E0%A6%87-%E0%A6%AF%E0%A7%81%E0%A6%97.
- ↑ Bangladesh Seeks Writer, Charging She Insults Islam, New York Times, 8 June 1994.
- ↑ Book Review, New York Times, 28 August 1994.
- ↑ Censorship by Death New York Times, 6 July 1994.
- ↑ ENCOUNTERS; Crossing Cultures: The Complex Life of a Man of All Things New York Times, 13 March 1994.
- ↑ "লজ্জাঃ তছলিমা নাছৰিন". https://scientiabooks.in/product/lajja-by-taslima-nasrin/। আহৰণ কৰা হৈছে: 2 June 2025.
- ↑ "After 20 years, Taslima’s Lajja translated afresh". দ্য হিন্দু. ১৯ নভেম্বৰ ২০১৭. http://www.thehindu.com/books/after-20-years-taslimas-lajja-translated-afresh/article6412668.ece.
