লতামাকৰি
| লতামাকৰি | |
|---|---|
| ভাৰতীয় লতামাকৰি (P. b. bengalensis) | |
| আমুৰ লতামাকৰি (P. b. euptilura) দুয়োটা পাৰ্ক ডেছ ফেলিন্সত। | |
| সংৰক্ষণ স্থিতি | |
| বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| অধিজগৎ: | সংকোষকেন্দ্ৰী |
| ৰাজ্য: | প্ৰাণী |
| পৰ্ব: | পৃষ্ঠদণ্ডী |
| শ্ৰেণী: | স্তন্যপায়ী |
| বৰ্গ: | Carnivora |
| উপবৰ্গ: | Feliformia |
| মহাপৰিয়াল: | Feloidea |
| উপপৰিয়াল: | Felinae |
| গণ: | Prionailurus |
| প্ৰজাতি: | P. bengalensis |
| দ্বৈৰাশিক নামকৰণ | |
| Prionailurus bengalensis (Kerr, 1792) | |
| Subspecies | |
| |
| লতামাকৰিৰ বিতৰণ, ২০২২[1] | |
লতামাকৰি বা লতামাকৰি বাঘ (ইংৰাজী: Leopard cat; বৈজ্ঞানিক নামঃ Prionailurus bengalensis) হৈছে মহাদেশীয় দক্ষিণ, দক্ষিণ-পূব আৰু পূব এছিয়াৰ স্থানীয় এবিধ সৰু বনৰীয়া মেকুৰী। ২০০২ চনৰ পৰা ইয়াক আই ইউ চি এন ৰঙা তালিকাত কম চিন্তানীয় প্ৰাণীৰ তালিকাত তালিকাভুক্ত কৰা হৈছে কাৰণ ইয়াৰ বিস্তৃতি ব্যাপক যদিও ইয়াৰ পৰিসৰৰ কিছু অংশত বাসস্থান সংকোচন আৰু চিকাৰৰ ফলত প্ৰাণীবিধলৈ ভাবুকি আহিছে।[1]
ঐতিহাসিকভাৱে মহাদেশীয় এছিয়াৰ লতামাকৰিক সুন্দা লতামাকৰিৰ সৈতে একে প্ৰজাতিৰ বুলি গণ্য কৰা হৈছিল। ২০১৭ চনত পিছৰটোক এটা সুকীয়া প্ৰজাতি হিচাপে স্বীকৃতি দিয়া হৈছে, যাৰ শ্ৰেণীবিভাজন নাম প্ৰিঅ’নাইলুৰাছ জাভানেন্সিছ (Prionailurus javanensis)।[2]
লতামাকৰিৰ উপপ্ৰজাতিৰ নোমৰ ৰং, ঠেংৰ দৈৰ্ঘ্য, মূৰৰ খোলাৰ আকৃতি আৰু কাৰ্নাচিয়ালৰ আকাৰৰ ক্ষেত্ৰত বহু পৰিমাণে পাৰ্থক্য আছে।[3] প্ৰত্নতাত্ত্বিক প্ৰমাণে ইংগিত দিয়ে যে লতামাকৰিয়েই আছিল নৱপ্ৰস্তৰ যুগৰ চীনত প্ৰায় ৫,০০০ বছৰ আগতে ছানচি আৰু হেনান প্ৰদেশত পোহনীয়া কৰা প্ৰথম মেকুৰী প্ৰজাতি।[4]
বৈশিষ্ট্য
[সম্পাদনা কৰক]
লতামাকৰিৰ আকাৰ প্ৰায় ঘৰচীয়া মেকুৰীৰ সমান, কিন্তু অধিক চিকুন, ঠেং দীঘল আৰু ঠেঙৰ আঙুলিৰ মাজত সুনিৰ্দিষ্ট জাল থাকে। ইয়াৰ সৰু মূৰটোত দুটা বিশিষ্ট ক’লা ৰেখা আৰু মুখমণ্ডলত চুটি আৰু সংকীৰ্ণ বগা চিহ্ন থাকে। চকুৰ পৰা কাণলৈকে দুডাল ক’লা ৰেখা আৰু চকুৰ পৰা নাকলৈকে সৰু সৰু বগা ৰেখা বৈ গৈছে। ইয়াৰ মধ্যমীয়া দীঘল আৰু ঘূৰণীয়া কাণৰ পিঠিত ক’লা আৰু কেন্দ্ৰীয় বগা দাগ থাকে। শৰীৰ আৰু অংগ-প্ৰত্যংগত বিভিন্ন আকাৰৰ ক’লা দাগৰে চিহ্নিত আৰু ইয়াৰ পিঠিৰ কাষে কাষে দুটাৰ পৰা চাৰিটা দীঘলীয়া দাগৰ শাৰী থাকে। নেজৰ আকাৰ মূৰৰ পৰা শৰীৰৰ দৈৰ্ঘ্যৰ প্ৰায় আধা আৰু ক’লা নেজডালৰ আগডোখৰৰ ওচৰত কেইটামান অস্পষ্ট আঙঠিৰ নিচিনা দাগযুক্ত। দাগযুক্ত নোমৰ পটভূমিৰ পৰা ৰং লেপি অনাৰ নিচিনা, বুকু আৰু পেট বগা। কিন্তু ইহঁতৰ বিশাল পৰিসৰত ইহঁতৰ ৰং আৰু দাগবোৰৰ আকাৰৰ লগতে শৰীৰৰ আকাৰ আৰু ওজন ইমানেই ভিন্ন যে প্ৰথম অৱস্থাত ইহঁতক কেইবাটাও ভিন্ন প্ৰজাতিৰ বুলি ভবা হৈছিল। দক্ষিণৰ লতামাকৰিৰ নোমৰ ৰং হালধীয়া বাদামী, কিন্তু উত্তৰ লতামাকৰিৰ ৰং ৰূপালী ধূসৰ শেঁতা। ক্ৰান্তীয় অঞ্চলৰ লতামাকৰিৰ ওজন ০.৫৫–৩.৮ কিলোগ্ৰাম (১.২–৮.৪ পাউণ্ড), মূৰ-শৰীৰৰ দৈৰ্ঘ্য ৩৮.৮–৬৬ চে.মি.(১৫.৩–২৬.০ ইঞ্চি), নেজৰ দৈৰ্ঘ্য ১৭.২–৩১ চে.মি. (৬.৮–১২.২ ইঞ্চি)। উত্তৰ চীন আৰু চাইবেৰিয়াত ইহঁতৰ ওজন ৭.১ কিলোগ্ৰাম (১৬ পাউণ্ড) পৰ্যন্ত, আৰু মূৰ-শৰীৰৰ দৈৰ্ঘ্য ৭৫ চে.মি. (৩০ ইঞ্চি) পৰ্যন্ত হয়; সাধাৰণতে শীতকালৰ আগতে ইহঁতে ওজন বৃদ্ধি কৰে আৰু বসন্তকালত পাতল হৈ পৰে।[5] কান্ধলৈকে উচ্চতা প্ৰায় ৪১ চে.মি.(১৬ ইঞ্চি)।[6]
বিতৰণ আৰু বাসস্থান
[সম্পাদনা কৰক]লতামাকৰি হৈছে এছিয়াৰ আটাইতকৈ বেছি বিস্তৃত সৰু বনৰীয়া বাঘ/মেকুৰী। ইয়াৰ পৰিসৰ পূব আফগানিস্তান, উত্তৰ পাকিস্তান আৰু ভাৰত উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াৰ বৃহৎ অংশৰপৰা ৰাছিয়াৰ সুদূৰ পূবলৈকে বিস্তৃত। গ্ৰীষ্মমণ্ডলীয় চিৰসেউজ বৰ্ষাৰণ্য আৰু সমুদ্ৰপৃষ্ঠৰ বননি, হিমালয়ৰ পাদদেশৰ উপগ্ৰীষ্মমণ্ডলীয় পৰ্ণপাতী আৰু শংকুযুক্ত অৰণ্যৰ ১০০০ মিটাৰ (৩,৩০০ ফুট)ৰ ওপৰৰ উচ্চতাত ইহঁত বাস কৰে।[5] ই কিছু পৰিমাণে গছ-গছনিৰ আৱৰণ থকা মানৱ পৰিৱৰ্তিত ভূ-প্ৰকৃতি সহ্য কৰিবলৈ সক্ষম হয় আৰু কৃষিৰ বাবে ব্যৱহৃত তেলপাম আৰু কুঁহিয়াৰ খেতিত ইহঁত বসবাস কৰে।[5][7]
আফগানিস্তানত ১৯৭০ চনত কুনাৰ উপত্যকাৰ জালালকোট আৰু নৰ্গুল আৰু দাৰা-আই-পেচ জিলাৰ ৱাইগুল অৰণ্যৰপৰা ইয়াৰ উপস্থিতিৰ তথ্য পোৱা গৈছিল।[8] পাকিস্তানৰ শুকান গছবিহীন অঞ্চলত ই বিৰল।[9]
২০০৯ চনত নেপালৰ মাকালু বৰুণ ৰাষ্ট্ৰীয় উদ্যানত ৩,২৫৪ মিটাৰ (১০,৬৭৬ ফুট) উচ্চতাত কেমেৰা ট্ৰেপৰদ্বাৰা এটা লতামাকৰি নথভিুক্ত কৰা হৈছিল। ৰ'ড'ডেণ্ড্ৰন, ওক আৰু মেপলৰ হাবিত জৰীপ কৰোঁতে কমেও ছয়টা লতামাকৰি বাস কৰাৰ বিষয়ে অৱগত হৈছিল।[10] ২০১২ চনৰ ছেপ্টেম্বৰ মাহত কাঞ্চনজংঘা সংৰক্ষণ এলেকাত ৪,৪৭৪ মিটাৰ (১৪,৬৭৮ ফুট) সৰ্বোচ্চ উচ্চতাত ইয়াৰ উপস্থিতিৰ তথ্য পোৱা গৈছিল।[11]
থাইলেণ্ডৰ ফু খিয়াও বন্যপ্ৰাণী অভয়াৰণ্যত ১৯৯৯ চনৰপৰা ২০০৩ চনৰ ভিতৰত ২০টা লতামাকৰিক ৰেডিঅ’ কলাৰ লগোৱা হৈছিল। মতা লতামাকৰিৰ বিচৰণৰ পৰিসৰ ২.২ বৰ্গ কিলোমিটাৰ (০.৮৫ বৰ্গমাইল)ৰপৰা ২৮.৯ বৰ্গ কিলোমিটাৰ (১১.২ বৰ্গমাইল) আৰু ছয়জনী লতামাকৰিৰ বিচৰণৰ পৰিসৰ ৪.৪ বৰ্গ কিলোমিটাৰ (১.৭ বৰ্গমাইল)ৰপৰা ৩৭.১ বৰ্গ কিলোমিটাৰ (১৪.৩ বৰ্গমাইল)লৈকে নথীভুক্ত কৰা হৈছিল।[12]
চীনত ইয়াক ২০০২ চনৰপৰা ২০০৮ চনৰ ভিতৰত কিনলিং পৰ্বতমালাৰ চাংকিং ৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষিত বনাঞ্চল, মিন পৰ্বতমালাৰ টাংজিয়াহে ৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষিত বনাঞ্চল, উলং প্ৰকৃতি সংৰক্ষিত বনাঞ্চল আৰু কিয়ংলাই পৰ্বতমালা আৰু ডালিয়াং পৰ্বতমালাৰ অন্যান্য সংৰক্ষিত অঞ্চলত লতামাকৰৰি উপস্থিতি লিপিৱদ্ধ কৰা হৈছে।[13]
সুদূৰ পূব ৰাছিয়াত ইয়াক নদীৰ সমীপৱৰ্তী অঞ্চল, উপত্যকা আৰু খাঁজ বনৰ ওচৰত বাস কৰা দেখা যায় যদিও ১০ চে.মি.তকৈ অধিক বৰফ পৰা অঞ্চল ই এৰাই চলে।[14] জাপানী দ্বীপপুঞ্জত লতামাকৰি বৰ্তমান ইৰিঅ'মোটে আৰু চুচিমা দ্বীপতে সীমাৱদ্ধ।[15][16] প্লেইষ্টোচিন যুগৰ খননত পোৱ জীৱাশ্মসমূহে অতীতত ইয়াৰ বিস্তীৰ্ণ বিচৰণৰ কথা প্ৰকাশ কৰিছে।[17]
পৰিৱেশতন্ত্ৰ আৰু আচৰণ
[সম্পাদনা কৰক]

লতামাকৰিবোৰ প্ৰজনন কালৰ বাহিৰে আন সময়ত অকলশৰীয়াকৈ থাকে। সিহঁতৰ কিছুমান দিনত সক্ৰিয়, কিন্তু বেছিভাগেই ৰাতি চিকাৰ কৰে৷ লতামাকৰিবোৰ চঞ্চল বগাবপৰা প্ৰাণী আৰু অভ্যাসত বৃক্ষবাসী৷ ইহঁতে গছত জিৰণি লয়, কিন্তু মাটিত ঘন কাঁইটীয়া গছৰ তলৰ লুকাই থাকে।[12] লতামাকৰিবোৰে বনাঞ্চলৰ তুলনাত বৃহৎ সংখ্যক নিগনি খায়।[7]
লতামাকৰিয়ে সাঁতুৰিব পাৰে, কিন্তু খুব কমেইহে ইহঁতে সাঁতোৰে। ঘৰচীয়া মেকুৰীৰ দৰেই ইহঁতে শব্দ কৰে৷ উন্মুক্ত স্থানত মল ত্যাগ কৰি, মূৰ ঘঁহি আৰু আঁচোৰ মাৰি, প্ৰস্ৰাৱ চটিয়াই উভয় লিংগই নিজৰ ভূখণ্ড চিহ্নিত কৰে।[5]
খাদ্য
[সম্পাদনা কৰক]লতামাকৰি মাংসভোজী; স্তন্যপায়ী, সৰীসৃপ, উভচৰ, চৰাই আৰু পোক-পৰুৱাকে ধৰি বিভিন্ন ধৰণৰ চিকাৰ ধৰি ইহঁতে খায়। বিচৰণ ক্ষেত্ৰৰ বেছিভাগ অংশতে নিগনি আৰু এন্দুৰৰ দৰে সৰু প্ৰাণীয়ে ইহঁতৰ খাদ্যৰ প্ৰধান অংশ সামৰি লয়, যিটো প্ৰায়ে ঘাঁহ, কণী, চৰাই-চিৰিকতি আৰু জলজ চিকাৰৰ লগত পৰিপূৰক৷ ইহঁত সক্ৰিয় চিকাৰী, দ্ৰুত জপিয়াই কামোৰ মাৰি চিকাৰ ধৰে৷ আন বহুতো সৰু মেকুৰীজাতীয় প্ৰাণীৰ দৰে ইহঁতে নিজৰ খাদ্যৰ সৈতে "খেলা" নকৰে, চিকাৰ মৰালৈকে নখৰে টানকৈ ধৰি ৰাখে৷ ইয়াৰ খাদ্যত তুলনামূলকভাৱে অধিক অনুপাতত চৰাই থকাৰ সম্পৰ্ক থাকিব পাৰে, কাৰণ সৰীসৃপতকৈ এৰি দিলে ইহঁতৰ পলায়নৰ সম্ভাৱনা বেছি।[5]
প্ৰজনন আৰু বিকাশ
[সম্পাদনা কৰক]জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি লতামাকৰিৰ প্ৰজননৰ সময় ভিন্ ভিন্ হয়। গ্ৰীষ্মমণ্ডলীয় বাসস্থানত গোটেই বছৰটোতে লতামাকৰিয়ে পোৱালি জন্ম দিয়ে। উত্তৰ দিশৰ ঠাণ্ডা বাসস্থানত লতামাকৰিয়ে বসন্ত কালত পোৱালি জন্ম দিয়ে। ইহঁতে ৬০–৭০ দিন ধৰি গৰ্ভধাৰণ কৰে৷ পোৱালিৰ আকাৰ দুটাৰ পৰা তিনিটা পোৱালিৰ মাজত ভিন্ন হয়। বন্দী অৱস্থাত জন্ম লোৱা পোৱালিবোৰৰ ওজন জন্মৰ সময়ত ৭৫ৰ পৰা ১৩০ গ্ৰাম (২.৬ৰ পৰা ৪.৬ অ’জ) পোৱা গৈছে আৰু ১৫ দিন বয়সৰ ভিতৰত ইহঁতে চকু মেলে৷ দুসপ্তাহৰ ভিতৰত ইহঁতৰ ওজন দুগুণ হয় আৰু পাঁচ সপ্তাহ বয়সত জন্মৰ সময়ৰ ওজনৰ চাৰিগুণ হয়। চাৰি সপ্তাহ বয়সত ইহঁতে মাংস খাবলৈ আৰম্ভ কৰে। বন্দী মাইকী লতামাকৰিবোৰে আটাইতকৈ সোনকালে অৰ্থাৎ এবছৰ বয়সত যৌন পৰিপক্কতা লাভ কৰে আৰু ১৩ৰ পৰা ১৪ মাহ বয়সত প্ৰথম সন্তান জন্ম দিয়ে। বন্দী লতামাকৰি তেৰ বছৰ বয়সলৈকে জীয়াই থকাৰ তথ্য পোৱা গৈছে৷ [5]
ভাবুকি
[সম্পাদনা কৰক]
চীনত লতামাকৰি প্ৰধানকৈ নোমৰ বাবে চিকাৰ কৰা হয়। ১৯৮৪ চনৰ পৰা ১৯৮৯ চনৰ ভিতৰত বছৰি প্ৰায় ২ লাখ লতামাকৰিৰ ছাল ৰপ্তানি কৰা হৈছিল। ১৯৮৯ চনত প্ৰধান পশমৰ ব্যৱসায়ীসকলৰ মাজত কৰা এক সমীক্ষাত ৮ লাখতকৈ অধিক ছাল মজুত থকাৰ কথা জনা গৈছিল। ১৯৮৮ চনত ইউৰোপীয় সংঘই আমদানি নিষেধাজ্ঞা আৰোপ কৰাৰ পাছৰে পৰা জাপান মূল আমদানিকাৰী দেশত পৰিণত হৈছে আৰু ১৯৮৯ চনত ৫০,০০০টা লতামাকৰিৰ ছাল আমদানি কৰে।[18] যদিও বাণিজ্যিক ব্যৱসায় বহু হ্ৰাস পাইছে, লতামাকৰিক ইয়াৰ বেছিভাগ বিচৰণ অঞ্চলতে পশম, খাদ্য আৰু পোহনীয়া জন্তু হিচাপে বিক্ৰীৰ বাবে চিকাৰ কৰা হয়। ইয়াক প্ৰধানকৈ হাঁহ-কুকুৰাৰ চোৰ হিচাপে গণ্য কৰা হয় আৰু প্ৰতিশোধৰ বাবে হত্যা কৰা হয়।[1]
ম্যানমাৰত ১৯৯১ চনৰ পৰা ২০০৬ চনৰ ভিতৰত কৰা জৰীপত চাৰিখন বজাৰত কমেও ৪৪৩টা লতামাকৰিৰ ৪৮৩টা শৰীৰৰ অংগ পৰ্যবেক্ষণ কৰিছিল৷ এই সংখ্যা বিপন্ন নোহোৱা প্ৰজাতিতকৈ যথেষ্ট বেছি আছিল।জৰীপ কৰা বজাৰসমূহৰ ভিতৰত তিনিখন চীন আৰু থাইলেণ্ডৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত অৱস্থিত, এই বজাৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাক লতামাকৰি যোগান ধৰা হয় যদিও লতামাকৰি ম্যানমাৰৰ ৰাষ্ট্ৰীয় আইন অনুসৰি সম্পূৰ্ণৰূপে সুৰক্ষিত। ইয়াৰ সংৰক্ষণৰ বাবে চাইটছ (CITES ) ৰূপায়ণ আৰু বলবৎ কৰাটো অপৰ্যাপ্ত বুলি গণ্য কৰা হয়।[19]
সংৰক্ষণ
[সম্পাদনা কৰক]লতামাকৰিক CITES পৰিশিষ্ট II-ত তালিকাভুক্ত কৰা হৈছে। হংকঙত ইয়াক বন্যপ্ৰাণী সুৰক্ষা অধ্যাদেশ কেপ ১৭০ৰ অধীনত সুৰক্ষিত কৰা হৈছে। লতামাকৰিৰ সংখ্যা ৫০,০০০ৰ বহু ওপৰত যদিও ই হ্ৰাস পাইছে কিন্তু ই বিপন্ন নহয়।[1]
চুচিমা লতামাকৰিক জাপানৰ বিপন্ন প্ৰজাতিৰ ৰঙা তালিকাত জটিলভাৱে বিপন্ন হিচাপে তালিকাভুক্ত কৰা হৈছে আৰু ১৯৯৫ চনৰ পৰা ই জাপান চৰকাৰৰ সংৰক্ষণ পুঁজি কাৰ্যসূচীৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।[20] ১৯৫০ আৰু ১৯৬০ চনত গছ কটাৰ ফলত আৰু ক্ৰমৱৰ্ধমান হৰিণৰ সংখ্যাই তলৰ গছবোৰ আঁতৰাই পেলোৱাত চুচিমা লতামাকৰিৰ চিকাৰ এন্দুৰকে ধৰি ইয়াৰ বাসস্থানৰ প্ৰতি ভাবুকি আনিছে। চুচিমা দ্বীপটোক খালেৰে বিভক্ত কৰি ঐতিহাসিক ইহঁতৰ সংখ্যাক দুটা ভাগত বিভক্ত কৰা হৈছিল আৰু ২০০৭ চনত দেখা পোৱালৈকে দক্ষিণত ইহঁতৰ সংখ্যাক বিলুপ্ত বুলি ভবা হৈছিল। ১৯৯২ চনৰ পৰা ২০২২ চনলৈকে ১২২টা চুচিমা লতামাকৰি গাড়ীৰ চেপাত নিহত হোৱাৰ তথ্য পোৱা গৈছে৷ বন্দী প্ৰজনন কাৰ্যসূচী আৰম্ভ কৰা হৈছে যদিও ইয়াৰ ফলত কোনো সফল পুনৰ প্ৰৱৰ্তন হোৱা নাই।[21]
আমেৰিকাত লতামাকৰিক ১৯৭৬ চনৰ পৰা বিপন্ন প্ৰজাতি আইন অনুসৰি বিলুপ্তপ্ৰায় হিচাপে তালিকাভুক্ত কৰা হৈছে; অনুমতিৰ বাহিৰেও আন্তঃৰাজ্যিক বাণিজ্যত লতামাকৰিক আমদানি, ৰপ্তানি, বিক্ৰী, ক্ৰয় আৰু পৰিবহণ কৰা নিষিদ্ধ।[22] এছিয়ান লতামাকৰিৰ আমদানি বা ৰপ্তানিৰ বাবে অনুমতি পত্ৰৰ প্ৰয়োজন। যিসকলে CITESৰ অনুমতি অবিহনে আমদানি/ৰপ্তানি কৰে তেওঁলোকে বৃহৎ জৰিমনা ভৰিবলগীয়া হয়।[23]
লতামাকৰিক 'আমব্ৰেলা স্পেচিছ' বুলি গণ্য কৰা হয়, ই মূল বাসস্থান সুৰক্ষাৰ বাবে দ্বিতীয় আটাইতকৈ ফলপ্ৰসূ 'আমব্ৰেলা স্পেচিছ'।[24] ফলপ্ৰসূ 'আমব্ৰেলা স্পেচিছ' হিচাপে লতামাকৰিৰ আগত থকা একমাত্ৰ প্ৰাণীটো হ'ল এছিয়ান হাতী।[24] 'আমব্ৰেলা স্পেচিছ'ৰ সুৰক্ষাই পৰোক্ষভাৱে ইয়াৰ পৰিৱেশতন্ত্ৰৰ ভিতৰৰ অন্য প্ৰজাতিক সুৰক্ষা দিয়ে।[24] 'আমব্ৰেলা স্পেচিছ' হিচাপে লতামাকৰিয়ে ইয়াৰ পৰিৱেশতন্ত্ৰৰ ভিতৰত বহু প্ৰজাতিৰ সংৰক্ষণত ভূমিকা পালন কৰে, বৃহৎ চিকাৰী প্ৰাণীতকৈ ই অধিক ফলপ্ৰসূ।[24] 'আমব্ৰেলা স্পেচিছ' হোৱাৰ লগতে লতামাকৰি সূচক প্ৰজাতি (indicator species), অৰ্থাৎ ইহঁতৰ উপস্থিতি এটা সুস্থ পৰিৱেশতন্ত্ৰৰ সূচক।[25] লতামাকৰিৰ উপস্থিতিত ইহঁতৰ চিকাৰ প্ৰজাতিসমূহ অধিক নিয়ন্ত্ৰিত হয় আৰু বৃহৎ চিকাৰী প্ৰজাতিৰ অৱস্থা উন্নত হয় আৰু সমগ্ৰ পৰিৱেশতন্ত্ৰটো সুস্থ হয়।[25]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 Ghimirey, Y.; Petersen, W.; Jahed, N.; Akash, M.; Lynam, A.J.; Kun, S.; Din, J.; Nawaz, M.A. et al. (2022). Prionailurus bengalensis. doi:10.2305/IUCN.UK.2022-1.RLTS.T18146A212958253.en.
- ↑ Kitchener, A. C.; Breitenmoser-Würsten, C.; Eizirik, E.; Gentry, A.; Werdelin, L.; Wilting, A.; Yamaguchi, N.; Abramov, A. V. et al. (2017). "A revised taxonomy of the Felidae: The final report of the Cat Classification Task Force of the IUCN Cat Specialist Group". Cat News খণ্ড Special Issue 11: 26–29. https://repository.si.edu/bitstream/handle/10088/32616/A_revised_Felidae_Taxonomy_CatNews.pdf?sequence=1&isAllowed=y#page=28.
- ↑ Groves, C. P. (1997). "Leopard-cats, Prionailurus bengalensis (Carnivora: Felidae) from Indonesia and the Philippines, with the description of two new subspecies". Zeitschrift für Säugetierkunde খণ্ড 62: 330–338.
- ↑ Vigne, J.D.; Evin, A.; Cucchi, T.; Dai, L.; Yu, C.; Hu, S.; Soulages, N.; Wang, W. et al. (2016). "Earliest "Domestic" Cats in China Identified as Leopard Cat (Prionailurus bengalensis)". PLOS ONE খণ্ড 11 (1). doi:10.1371/journal.pone.0147295. PMID 26799955.
- ↑ 5.0 5.1 5.2 5.3 5.4 5.5 Sunquist, M.; Sunquist, F. (2002). "Leopard cat Prionailurus bengalensis (Kerr, 1792)". Wild Cats of the World. প্ৰকাশক Chicago: University of Chicago Press. পৃষ্ঠা. 225–232. ISBN 978-0-226-77999-7. https://books.google.com/books?id=hFbJWMh9-OAC&pg=PA226। আহৰণ কৰা হৈছে: 2020-11-14.
- ↑ International Society for Endangered Cats (ISEC) Canada (2018). "Leopard Cat". International Society for Endangered Cats (ISEC) Canada. https://wildcatconservation.org/wild-cats/asia/leopard-cat/.
- ↑ 7.0 7.1 Chua, M. A. H.; Sivasothi, N.; Meier, R. (2016). "Population density, spatiotemporal use and diet of the leopard cat (Prionailurus bengalensis) in a human-modified succession forest landscape of Singapore". Mammal Research খণ্ড 61 (2): 99–108. doi:10.1007/s13364-015-0259-4. https://www.researchgate.net/publication/291014902। আহৰণ কৰা হৈছে: 2019-02-15.
- ↑ Habibi, K. (2004). Mammals of Afghanistan. Zoo Outreach Organisation, Coimbatore, India.
- ↑ Roberts, T. J. (1977). "Leopard cat". The mammals of Pakistan. প্ৰকাশক London: Ernest Benn.
- ↑ Ghimirey, Y.; Ghimire, B. (2010). "Leopard Cat at high altitude in Makalu-Barun National Park, Nepal". Cat News (52): 16–17.
- ↑ Thapa, K.; Pradhan, N. M. B.; Barker, J.; Dahal, M.; Bhandari, A. R.; Gurung, G. S.; Rai, D. P.; Thapa, G. J. et al. (2013). "High elevation record of a leopard cat in the Kangchenjunga Conservation Area, Nepal". Cat News (58): 26–27.
- ↑ 12.0 12.1 Grassman Jr, L. I.; Tewes, M. E.; Silvy, N. J.; Kreetiyutanont, K. (2005). "Spatial organization and diet of the leopard cat (Prionailurus bengalensis) in north-central Thailand". Journal of Zoology খণ্ড 266: 45–54. doi:10.1017/s095283690500659x.
- ↑ Li, S.; Wang, D.; Lu, Z.; Mc Shea, W. J. (2010). "Cats living with pandas: The status of wild felids within giant panda range, China". Cat News (52): 20–23.
- ↑ Heptner, V. G.; Sludskij, A. A. (1992). "Amur, or Far Eastern Forest Cat". Mlekopitajuščie Sovetskogo Soiuza. Moskva: Vysšaia Škola. প্ৰকাশক Washington DC: Smithsonian Institution and the National Science Foundation. পৃষ্ঠা. 328–355. https://archive.org/stream/mammalsofsov221992gept#page/328/mode/2up.
- ↑ Imaizumi, Y. (1967). "A new genus and species of cat from Iriomote, Ryukyu Islands". Journal of Mammalian Society Japan খণ্ড 3 (4): 74.
- ↑ Ministry of the Environment, Tsushima Wildlife Conservation Center (2005). National Endangered Species Tsushima Leopard Cat - English Version Archived 2013-01-05 at the Wayback Machine.
- ↑ Ohdachi, S.; Ishibashi, Y.; Iwasa, A.M.; Fukui, D.; Saitohet, T. (2015). The Wild Mammals of Japan. Shoukadoh. ISBN 978-4-87974-691-7. https://www.researchgate.net/publication/280721253। আহৰণ কৰা হৈছে: 2016-05-19.
- ↑ Nowell, K.; Jackson, P. (1996). "Leopard Cat Prionailurus bengalensis (Kerr 1792): Principal Threats". Wild Cats: status survey and conservation action plan. প্ৰকাশক Gland, Switzerland: IUCN/SSC Cat Specialist Group. Archived from the original on 2011-07-24. http://lynx.uio.no/lynx/catsgportal/cat-website/catfolk/bengal07.htm। আহৰণ কৰা হৈছে: 2026-01-13.
- ↑ Shepherd, C. R.; Nijman, V. (2008). The wild cat trade in Myanmar. প্ৰকাশক Petaling Jaya, Selangor, Malaysia: TRAFFIC Southeast Asia. http://www.traffic.org/species-reports/traffic_species_mammals40.pdf। আহৰণ কৰা হৈছে: 2011-02-19.
- ↑ Murayama, A. (2008). The Tsushima Leopard Cat (Prionailurus bengalensis euptilura): Population Viability Analysis and Conservation Strategy (MSc thesis). প্ৰকাশক London: Imperial College London. http://www.carnivoreconservation.org/files/thesis/murayama_2008_msc.pdf। আহৰণ কৰা হৈছে: 2013-01-03.
- ↑ Annelise Giseburt (24 October 2023). "Meet Japan's Iriomote and Tsushima cats: Ambassadors for island conservation". Mongabay. https://news.mongabay.com/2023/10/meet-japans-iriomote-and-tsushima-cats-ambassadors-for-island-conservation/.
- ↑ Department of the Interior (1976). "Endangered and Threatened Wildlife and Plants. Endangered Status of 159 Taxa of Animals". Federal Register খণ্ড 41 (115): 24062−24067. http://ecos.fws.gov/docs/federal_register/fr103.pdf। আহৰণ কৰা হৈছে: 2012-11-28.
- ↑ "Olathe Man Fined $5,000 For Unlawfully Importing Asian Leopard Cats". U.S. Department of Justice. 2018. https://www.justice.gov/usao-ks/pr/olathe-man-fined-5000-unlawfully-importing-asian-leopard-cats। আহৰণ কৰা হৈছে: 31 March 2019.
- ↑ 24.0 24.1 24.2 24.3 Penjor, Ugyen; Kaszta, Zaneta M.; Macdonald, David W.; Cushman, Samuel A. (2024-01-25). "Identifying umbrella and indicator species to support multispecies population connectivity in a Himalayan biodiversity hotspot" (English ভাষাত). Frontiers in Conservation Science খণ্ড 5. doi:10.3389/fcosc.2024.1306051. ISSN 2673-611X.
- ↑ 25.0 25.1 Ghai, Rajat (2024-05-17). "India's small cats have been ignored & overlooked, experts tell DTE as leopard cat spotted in Maharashtra's Pench" (en ভাষাত). Down To Earth. https://www.downtoearth.org.in/wildlife-biodiversity/india-s-small-cats-have-been-ignored-overlooked-experts-tell-dte-as-leopard-cat-spotted-in-maharashtra-s-pench-96208#:~:text=India's%20small%20cats%20have%20been,due%20to%20its%20adaptive%20flexibility। আহৰণ কৰা হৈছে: 2025-03-23.