সমললৈ যাওক

লতিকা ঠুকৰাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লতিকা ঠুকৰাল

২০১৫ চনত ঠুকৰাল
জন্ম ১৯৬৭ (বয়স ৫৭–৫৮)
ভাৰত
শিক্ষা দিল্লী বিশ্ববিদ্যালয়
পেচা বেংক বিষয়া, সনাজকৰ্মী
নিয়োগকৰ্তা চিটিবেংক
জনা যায় নাৰী শক্তি পুৰস্কাৰ
সন্তান


লতিকা ঠুকৰাল (ইংৰাজী: Latika Thukral; জন্ম প্ৰায় ১৯৬৭ ) এগৰাকী ভাৰতীয় বেংকাৰ।তেওঁ, তেওঁৰ চহৰখনক ৰূপান্তৰিত কৰিছিল, বিশেষকৈ গুৰগাঁৱৰ আৰাৱলী জৈৱ বৈচিত্ৰ্য উদ্যান উল্লেখযোগ্য। য'ত #IAmGurgaon গোটৰ দ্বাৰা একলাখ থলুৱা গছ ৰোপণ কৰা হয়। ২০১৫ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নাৰী শক্তি বঁটাৰে তেওঁক সন্মানিত কৰিছিল।

ঠুকৰালৰ জন্ম হৈছিল প্ৰায় ১৯৬৭ চনত [1] আৰু তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বিপণন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল। আইটিচি হোটেলৰ সৈতে দুবছৰ কাম কৰাৰ পিছত চিটিবেংকত ১৮ বছৰীয়া কেৰিয়াৰ আৰম্ভ কৰে আৰু জ্যেষ্ঠ উপ-সভানেত্ৰী হিচাপে উন্নীত হয়।

ৰাষ্ট্ৰপতিৰ পৰা লতিকা ঠুকৰালে নাৰী শক্তি বঁটা গ্ৰহণ কৰা মুহূৰ্ত

গুৰগাঁও চহৰত তেওঁ সকলোৰে দৃষ্টিগোচৰ হৈছিল। ১৯৯৬ চনত তেওঁ গুৰগাৱলৈ গুচি আহে। সৰু চহৰখনে লাহেলাহে বিকাশৰ মুখ দেখা পাইছিল যদিও ডিজাইন বা পৰিকল্পনা অবিহনেই এনে হৈছিল। [2] তেওঁ মধ্যবিত্তীয় লোকৰ অঞ্চলত বাস কৰিছিল যদিও কন্টিনিউত থকা এখন পাৰ্কে তেওঁৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ১৯৯৯ চনত তেওঁ #IamGurgaon অভিযান প্ৰতিষ্ঠা কৰিছিল [3] আৰু আন স্বেচ্ছাসেৱককো এই কাৰ্যৰ প্ৰতি আকৰ্ষণ কৰিছিল। তেওঁলোকে নিজৰ চহৰত এক লাখ থলুৱা গছ ৰোপণৰ সিদ্ধান্ত লয়। [4]

হাৰিয়ানা চৰকাৰে, ২০১০ চনৰ গণৰাজ্য দিৱসত তেওঁক প্ৰশংসাসূচক বঁটা প্ৰদান কৰিছিল। ‘আইএমগুৰগাঁও’ই স্থানীয় চৰকাৰৰ সৈতে কাম কৰি আহিছে আৰু তেওঁলোকৰ প্ৰকল্পসমূহে কৰ্পৰেট কোম্পানীসমূহৰ সমৰ্থনো আকৰ্ষণ কৰিছিল। [5]

২০১৫ চনত নেতৃত্ব আৰু কৃতিত্বৰ বাবে তেওঁ প্ৰথম আঠটা নাৰী শক্তি বঁটাৰ ভিতৰত অন্যতম বঁটা লাভ কৰে। [6] আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে এই বঁটা প্ৰদান কৰে ৷ [7]

২০২০ চনত কৰ'না ভাইৰাছৰ সংক্ৰমণৰ সময়ত #IamGurgaon মহানগৰীৰ দৰিদ্ৰ পৰিয়ালক ৰন্ধা খাদ্য যোগান ধৰাৰ কামৰ সৈতে অত্যন্ত জড়িত আছিল। কিছুমান অঞ্চলত ওচৰৰ কনডোমিনিয়ামেও সহায় কৰিছিল। ঠুকৰালে এপ্ৰিল মাহত অনুমান কৰিছিল যে তেওঁলোকে কমেও দুমাহৰ বাবে খাদ্য যোগান ধৰিব লাগিব আৰু ইয়াৰ বাবে প্ৰতিটো পৰিয়ালত, প্ৰতিমাহে ৩,২৫০ টকা খৰচ হ’ব। পোন্ধৰৰ পৰা বিশ হাজাৰ পৰিয়াল এই সাহায্যৰ অন্তৰ্ভুক্ত হৈছিল। [8]

তথ্যসূত্ৰসমূহ

[সম্পাদনা কৰক]
  1. "She's every woman..." (en ভাষাত). India Today. 7 March 2013. https://www.indiatoday.in/magazine/supplement/story/20130318-shes-every-woman...-762673-2013-03-07। আহৰণ কৰা হৈছে: 2020-04-18. 
  2. "Latika Thukral" (en-US ভাষাত). BD Foundation | Beyond Diversity. Archived from the original on 2020-10-28. https://web.archive.org/web/20201028084202/https://www.beyondiversity.com/project/latika-thukral/। আহৰণ কৰা হৈছে: 2020-04-18. 
  3. "She's every woman..." (en ভাষাত). India Today. 7 March 2013. https://www.indiatoday.in/magazine/supplement/story/20130318-shes-every-woman...-762673-2013-03-07। আহৰণ কৰা হৈছে: 2020-04-18. 
  4. "Turning the city green, a million trees at a time" (en ভাষাত). Hindustan Times. 2019-03-09. https://www.hindustantimes.com/gurgaon/turning-the-city-green-a-million-trees-at-a-time/story-ODUJpCxR3WdvlAVsL2sfhL.html। আহৰণ কৰা হৈছে: 2020-04-18. 
  5. "Latika Thukral" (en ভাষাত). Adventure Nation. Archived from the original on 2019-07-17. https://web.archive.org/web/20190717204614/https://www.adventurenation.com/guru/Latika-Thukral-61। আহৰণ কৰা হৈছে: 2020-04-18. 
  6. "Stree Shakti Puraskar and Nari Shakti Puraskar presented to 6 and 8 Indian women respectively" (en ভাষাত). India Today. 9 March 2015. https://www.indiatoday.in/education-today/gk-current-affairs/story/stree-shakti-puraskar-and-nari-shakti-puraskar-presented-to-6-and-8-indian-women-respectively-243468-2015-03-09। আহৰণ কৰা হৈছে: 2020-04-22. 
  7. "Nari Shakti Puraskar awardees full list". Best Current Affairs. 9 March 2017. https://www.bestcurrentaffairs.com/nari-shakti-puruskar-awardees-full-list। আহৰণ কৰা হৈছে: 2020-04-18. 
  8. "Gurugram civic body identifies 250 clusters for supply of essentials" (en ভাষাত). Hindustan Times. 2020-04-05. https://www.hindustantimes.com/gurugram/gurugram-civic-body-identifies-250-slums-for-supply-of-essentials-number-six-times-initially-estimated/story-KoAa1vFORUQJxGfYfpHMAN.html। আহৰণ কৰা হৈছে: 2020-04-18.