সমললৈ যাওক

লতিকা সৰকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লতিকা সৰকাৰ
চিত্ৰ:Alt=
জন্ম ০৪ জানুৱাৰী, ১৯২৩
মৃত্যু ২৩ ফেব্ৰুৱাৰী, ২০১৩ (৯০ বছৰ)
নতুন দিল্লী, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান কেম্ব্ৰিজ বিশ্ববিদ্যালয়
পেচা নাৰীবাদী, শিক্ষাবিদ আৰু অধিবক্তা
সংস্থা দিল্লী বিশ্ববিদ্যালয়
ভাৰতীয় আইন প্ৰতিষ্ঠান

লতিকা সৰকাৰ (ইংৰাজী: Lotika Sarkar, ৪ জানুৱাৰী ১৯২৩ – ২৩ ফেব্ৰুৱাৰী ২০১৩) ভাৰতৰ এগৰাকী উল্লেখনীয় নাৰীবাদী, সমাজকৰ্মী, শিক্ষাবিদ আৰু অধিবক্তা আছিল, যি ভাৰতৰ নাৰী অধ্যয়ন আৰু মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল৷ ১৯৮০ চনত স্থাপিত দিল্লীৰ চেণ্টাৰ ফৰ ৱমেনছ ডেভেলপমেণ্ট ষ্টাডিজ (চি ডব্লিউ ডি এছ) আৰু ১৯৮২ চনত স্থাপিত ইণ্ডিয়ান এছ’চিয়েশ্যন ফৰ ৱমেন ষ্টাডিজৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে ১৯৫১ চনৰ পৰা ১৯৮৩ চনলৈকে দিল্লী বিশ্ববিদ্যালয়ৰ তেওঁ আইন অনুষদত আইন অধ্যাপনা কৰিছিল আৰু লগতে আইন অনুষদৰ মুৰব্বীও আছিল৷ ইয়াৰ পিছত তেওঁ ভাৰতীয় আইন শিক্ষানুষ্ঠানত অধ্যাপনা কৰে। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয় মহিলা৷ তেওঁ পিছলৈ ১৯৫১ চনত বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত পি এইচ ডি ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলাও হয়।

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯২৩ চনত জন্মগ্ৰহণ কৰা তেখেতে পশ্চিম বংগৰ এটা অভিজাত পৰিয়ালত ডাঙৰ-দীঘল হৈছিল, য'ত তেওঁৰ পিতৃ ছাৰ ধীৰেন মিত্ৰ ভাৰতৰ আগশাৰীৰ অধিবক্তা আছিল।.[1]

ৰকাৰে কেম্ব্ৰিজৰ নিউনহাম কলেজত আইন অধ্যয়ন কৰিছিল আৰু অধ্যয়ন কৰা আৰু তাৰ পিছত বিশ্ববিদ্যালয়খনৰ পৰাও স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছিল।[2][3][4] পিছলৈ তেওঁ আইন বিষয়ত পি এইচ ডিত লাভ কৰে৷ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত ১৯৫১ চনত এই ডিগ্ৰী তেওঁক প্ৰদান কৰা হয়।[5][6] ইয়াৰ পিছত ১৯৬০ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত তেওঁ আন্তঃৰাষ্ট্ৰীয় আইন অধ্যয়ন কৰে, য'ত তেওঁ চাৰিগৰাকী ভাৰতীয় ছাত্ৰীৰ ভিতৰত অন্যতম আছিল৷ ১৯৬১ চনত সৰকাৰ ভাৰতলৈ উভতি আহে।[6]

কৰ্মজীৱন

[সম্পাদনা কৰক]

৯৫৩ চনত যেতিয়া সৰকাৰে দিল্লী বিশ্ববিদ্যালয়ৰ আইন অনুষদত অধ্যাপনা আৰম্ভ কৰিছিল তেতিয়া তেওঁ অনুষদৰ প্ৰথমগৰাকী মহিলা প্ৰবক্তা আছিল। আইন এতিয়াও মহিলাৰ বাবে এটা নতুন ক্ষেত্ৰ আছিল৷ প্ৰথম অৱস্থাত এই পাঠ্যক্ৰমত মাত্ৰ ১০ গৰাকী ছোৱালী আছিল, যিটো সংখ্যা ১৯৬০ চনৰ ভিতৰত ৮০–১০০ লৈ বৃদ্ধি পাইছিল।[1][6] ১৯৮৩ চনলৈকে তেওঁ ইয়াত অধ্যাপনা কৰিছিল আৰু বিশিষ্ট আইনবিদ আৰু উকীলসকলক পঢ়ুৱাইছিল৷ তেওঁ ডন বিশ্ববিদ্যালয়তো আইন অনুষদৰ মুৰব্বী হৈছিল।[5][2][7]

১৯৮০ চনত বিনা মজুমদাৰে প্ৰতিষ্ঠা কৰা চেণ্টাৰ ফৰ ৱমেনছ ডেভেলপমেণ্ট ষ্টাডিজ (CWDS), দিল্লীৰ প্ৰতিষ্ঠাপক সদস্য হয়৷ এই অনুষ্ঠানটোৱে ভাৰতৰ মহিলাৰ অধ্যয়নৰ গতিপথত প্ৰভাৱ পেলোৱা এক প্ৰভাৱশালী প্ৰতিষ্ঠানলৈ পৰিণত হয়।[8] ১৯৮০ আৰু '৯০ দশকৰ ভিতৰত তেওঁ দিল্লীৰ ভাৰতীয় আইন প্ৰতিষ্ঠানত অপৰাধমূলক আইন অধ্যাপনা কৰিছিল।[1][5] ১৯৮২ চনত তেওঁ স্থাপিত ইণ্ডিয়ান এছ'চিয়েচন ফৰ ৱমেনছ ষ্টাডিজৰ প্ৰতিষ্ঠাপক সদস্যও হৈছিল।[9]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

কেম্ব্ৰিজত পঢ়ি থকাৰ সময়তে ১৯৫১ চনত লতিকা সৰকাৰে চঞ্চল চৰকাৰক লগ পায়৷ ১৯৫৭ চনত তেওঁলোকৰ বিবাহ হয়।[6] চাঞ্চল চৰকাৰে ১৯৬৩ চনত এজন বিশিষ্ট সাংবাদিক, দ্য ষ্টেটছমেনৰ সহকাৰী সম্পাদক আৰু প্ৰেছ ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সঞ্চালক হিচাপে পৰিগণিত হয়৷ ২০০৫ চনৰ ১০ অক্টোবৰত দিল্লীত তেওঁৰ মৃত্যু হয়।[10][11] তেওঁলোকৰ কোনো সন্তান নাছিল৷[12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "In Remembrance: Professor Lotika Sarkar (1923–2013)". Bar and Bench. 8 April 2013. http://barandbench.com/content/remembrance-professor-lotika-sarkar-1923-2013। আহৰণ কৰা হৈছে: 5 June 2013. 
  2. 2.0 2.1 Indu Agnihotri (18 May 2013). "Remembering Lotika Sarkar (1923–2013)". Economic and Political Weekly. http://www.epw.in/commentary/remembering-lotika-sarkar-1923-2013.html। আহৰণ কৰা হৈছে: 3 June 2013. 
  3. "In memoriam: Lotika Sarkar 1923 – 2013". feministsindia.com. 25 February 2013. http://feministsindia.com/in-memoriam-lotika-sarkar-1927-2013/। আহৰণ কৰা হৈছে: 4 June 2013. 
  4. Malini Chib (11 January 2011). One Little Finger. SAGE Publications. পৃষ্ঠা. 7. ISBN 978-81-321-0671-5. https://books.google.com/books?id=mtiGAwAAQBAJ&pg=PA7. 
  5. 5.0 5.1 5.2 "Latika Sarkar, former head of DU law faculty, no more". The Times of India. 24 February 2013. https://timesofindia.indiatimes.com/city/delhi/Latika-Sarkar-former-head-of-DU-law-faculty-no-more/articleshow/18651047.cms. 
  6. 6.0 6.1 6.2 6.3 "Lawyer Here From India". The Age, Australia. 26 July 1961. https://news.google.com/newspapers?id=s6ZVAAAAIBAJ&pg=7087,3745612&dq=lotika+sarkar&hl=en. 
  7. "Lotika's friends meet Prez to seek justice". The Times of India. 27 March 2009. Archived from the original on 29 June 2013. https://archive.today/20130629121256/http://articles.timesofindia.indiatimes.com/2009-03-27/delhi/28020801_1_lotika-sarkar-nirmal-dhoundial-bihar-ips-officer. 
  8. Nagarajan, Rema (8 March 2010). "Educated middle class women are selfish". The Times of India. https://timesofindia.indiatimes.com/india/Educated-middle-class-women-are-selfish/articleshow/5656059.cms. 
  9. "Founding Members". Indian Association for Women's Studies. http://www.iaws.org/। আহৰণ কৰা হৈছে: 5 June 2013. 
  10. "Chanchal Sarkar dead". The Hindu. 11 October 2005. Archived from the original on 29 June 2013. https://archive.today/20130629105252/http://www.hindu.com/2005/10/11/stories/2005101110301300.htm. 
  11. "OBITUARY: Chanchal Sarkar (1926–2005)". The Telegraph (Kolkota). 17 October 2005. http://www.telegraphindia.com/1051017/asp/opinion/story_5358748.asp. 
  12. "Latika hasn't run out of options". The Times of India. 15 January 2009. Archived from the original on 7 December 2013. https://web.archive.org/web/20131207055852/http://articles.timesofindia.indiatimes.com/2009-01-15/delhi/28006047_1_property-option-latika-sarkar.