লতিকা সৰণ
| লতিকা সৰণ | |
|---|---|
| জন্ম | ৩১ মাৰ্চ ১৯৫২ ইড্ডুকি, কেৰেলা |
| পেচা | ভাৰতীয় প্ৰশাসনিক বিষয়া |
লতিকা সৰণ (ইংৰাজী: Letika Saran) ভাৰতৰ তামিলনাডুৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান। ইয়াৰ পূৰ্বে চেন্নাইত ৩৬ নং আৰক্ষী আয়ুক্ত হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতৰ মহানগৰ আৰক্ষী সংগঠনৰ নেতৃত্ব দিয়া তেওঁ একমাত্ৰ মহিলা। ইয়াৰ আগতে তেওঁ এগৰাকী অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (ADGP) আছিল।[1][2]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৫২ চনৰ ৩১ মাৰ্চত কেৰালাৰ ইড্ডুকি জিলাত লতিকা সাৰণৰ জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম এন. এছ. ধৰ। তেওঁ জেমছ ফিনলে এণ্ড কো. প্ৰথম প্ৰতিস্থাতা আছিল, যিটো পিছলৈ টাটা টিলৈ পৰিণত হয়। মাতৃৰ নাম বিজয়লক্ষ্মী ধৰ। সাৰণে ১৯৭৬ চনত ভৰ্তি হোৱা প্ৰথম দুগৰাকী মহিলাৰ ভিতৰত এগৰাকী হিচাপে তামিলনাডু ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰে, আনগৰাকী আছিল থিলাগাৱতী।[3]
কৰ্মজীৱন
[সম্পাদনা কৰক]লতিকা সাৰণে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান, তামিলনাডু আৰক্ষী একাডেমীৰ প্ৰশিক্ষণ আৰু প্ৰকল্প সঞ্চালক, আৰক্ষী মহাপৰিদৰ্শক, সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয় (ডিভিএচি) আদি পদবীত নিযুক্ত আছিল। ২০০৬ চনৰ ২০ এপ্ৰিলত বৃহত্তৰ চেন্নাইৰ আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰে।
২০১০ চনৰ ৮ জানুৱাৰীত তামিলনাডুৰ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) হিচাপে নিযুক্তি লাভ কৰি ভাৰতৰ এখন ৰাজ্যৰ দ্বিতীয়গৰাকী মহিলা ডিজিপি আৰু তামিলনাডুৰ বাবে প্ৰথমগৰাকী মহিলা ডিজিপি হিচাপে পৰিগণিত হয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Wilson, Subajayanthi (16 August 2003). "Stride for stride". The Hindu. http://www.hindu.com/thehindu/yw/2003/08/16/stories/2003081600130300.htm। আহৰণ কৰা হৈছে: 11 February 2010.
- ↑ "Chennai gets its first woman Police Commissioner". The Hindu. 21 April 2006. Archived from the original on 21 April 2006. https://web.archive.org/web/20060421152307/http://www.hindu.com/2006/04/21/stories/2006042108430100.htm। আহৰণ কৰা হৈছে: 11 February 2010.
- ↑ Selvaraj, A. (31 March 2012). "Letika Saran, city's first woman top cop, retires today". The Times of India. https://timesofindia.indiatimes.com/city/chennai/Letika-Saran-citys-first-woman-top-cop-retires-today/articleshow/12476077.cms.