লয়
অৱয়ব
লয় হ'ল ছন্দৰ সুষম গতি। মাত্ৰা, অক্ষৰ, স্বৰ বা শব্দৰ সংখ্যানুপাতিক যি বিন্যাস কৰা হয় তাৰ ফলত চৰণবিশেষ পঢ়ি যাওতে পাঠকে যি তৰংগিত স্পন্দন অনুভৱ কৰে তাৰেই নাম লয়।[1]
ছন্দ আৰু লয়ৰ পাৰ্থক্য স্পষ্ট, কিন্তু বহুতেই দুয়োটাকে সমাৰ্থক বুলি গণ্য কৰে। লয় সম্পৰ্কে শ্ৰী অৰবিন্দই কৈছিল- কাব্যৰ লয়ত দুটা কথা আছে এটা হ'ল কৌশল (ছন্দৰ মৌলিক গঠন ব্যাহত নকৰাকৈ, চলনৰ বা গতিৰ বিভিন্নতা স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনিৰ মাজত স্বৰসাদৃশ্য বা স্বৰবিৰোধৰ বিচক্ষণ প্ৰয়োগ, লঘু -গুৰুৰ চমৎকাৰ, সুচিন্তিত, সমানুপাতিক সংযোগ ইত্যাদি) আনটো হ'ল ইয়াৰ অন্তনিহিত সত্তা বা প্ৰাণবস্তু যি ওপৰত উল্লেখ কৰা উপাদান সমূহৰ সাধিত পৰিণতিৰ অধিক। পিছৰটোৰ অভাৱত লয়ৰ সাধিত পৰিণতি কৌশলগত দোষশূন্য হ'লেও, নিষ্প্ৰাণ হৈ পৰে। শব্দাদিৰ সাংগীতিক পৰিণতিৰো যি অধিক, তাতেই লয়ৰ প্ৰাণবস্তু নিহিত থাকে।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]
| ||||||||||||||||||||