সমললৈ যাওক

ললিতগিৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ললিতগিৰি

ললিতগিৰি মহাস্তুপ
স্থান
ৰাজ্য ওড়িশা
স্থান ভাৰত
স্থানাংক 20°35′22″N 86°15′02″E / 20.5894°N 86.2506°E / 20.5894; 86.2506স্থানাংক: 20°35′22″N 86°15′02″E / 20.5894°N 86.2506°E / 20.5894; 86.2506

ললিতগিৰি (ইংৰাজী: Lalitagiri) (নলিতগিৰি বুলিও কোৱা হয়) ভাৰতওড়িশা ৰাজ্যৰ কটক জিলাত অৱস্থিত এটা প্ৰমুখ্য বৌদ্ধ পৰিসৰ। এই পৰিসৰটিত হৈছে এই অঞ্চলৰ আটাইতকৈ পুৰণি স্থান ভালেখিনি য'ত বৌদ্ধ স্তুপ, অবোধ্য বুদ্ধ প্ৰতিমূৰ্তি আৰু মঠ (বিহাৰ) আছে।[1][2][3] এই কমপ্লেক্স বা পৰিসৰত আৱিস্কৃত উল্লেখযোগ্য সম্পদসমূহৰ ভিতৰত বুদ্ধৰ ধ্বংসাৱশেষসমূহো অন্তৰ্ভুক্ত হৈ আছে।[3] এই স্থানত তান্ত্ৰিক বৌদ্ধ ধৰ্ম প্ৰচলিত হৈছিল।[4]

কিছু দূৰৈত অৱস্থিত ৰত্নগিৰি আৰু উদয়গিৰি সৈতে ললিতগিৰি একেলগে বৌদ্ধিক স্থানসমূহৰ ডাইমণ্ড ত্ৰিভুজৰ অংশ। [5][6][7]প্ৰাচীন তথ্য অনুসৰি, এইবোৰৰ এটা বা সকলোবোৰেই বৃহৎ পুষ্পগিৰি বিহাৰ বুলি ভবা হৈছিল[1] কিন্তু এতিয়া এই কথা নিশ্চিত হৈছে যে, ই অন্য এক স্থানত হে অৱস্থিত।

অৱস্থান

[সম্পাদনা কৰক]

ললিতগিৰি বৌদ্ধধৰ্মৰ এটি প্ৰমুখ্য কেন্দ্ৰ, যি এছিয়াৰ পৰ্বতীয়া অঞ্চলৰ পৰ্বাদী (Parabhadi) আৰু লাণ্ডা শিলাখণ্ডৰ (Landa sandstone) মাজত অৱস্থিত। ই কটক জিলাৰ মহংগা তহচিলত অৱস্থিত। ওড়িশা ৰাজ্যৰ ৰাজধানী ভুবনেশ্বৰ এই স্থানৰ পৰা ৯০ কিলোমিটাৰ (৫৬ মাইল) দূৰত [2][6] আনহাতে পূৰ্বৰ ৰাজধানী কটক ৬০ কিলোমিটাৰ (৩৭ মাইল) দূৰত; উদয়গিৰি ললিতগিৰিৰ পৰা ৮ কিলোমিটাৰ (৫.০ মাইল) আৰু ৰত্নগিৰি ১২ কিলোমিটাৰ (৭.৫ মাইল) দূৰত অৱস্থিত।[3] কটক, দেশৰ বাকী অঞ্চলবোৰৰ সৈতে পথ, ৰেল আৰু বিমান সেৱাৰ যোগেৰে ভালদৰে সংযুক্ত।

ললিতগিৰি ধ্বংসাৱশেষ

ডাইমণ্ড ত্ৰিভুজৰ স্থানৰ পৰা প্ৰত্নতাত্ত্বিক প্ৰাচীন সামগ্ৰীৰ প্ৰথম চিনাক্তকৰণ ১৯০৫ চনত চনত কৰা হৈছিল। জাজপুৰৰ সেইসময়ৰ মহকুমা বিষয়া এম.এম. চক্ৰৱৰ্তীয়ে এই চিনাক্তকৰণ কৰিছিল। পৰৱৰ্তী সময়ত ১৯২৭ আৰু ১৯২৮ চনত, কলকাতাৰ ভাৰতীয় মিউজিয়ামৰ আৰ.পি. চন্দাই এই স্থানক পূৰাতাত্ত্বিক জৰীপৰ (আৰ্কিঅ'লজিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ) স্মৃতিগ্ৰন্থত নথিভুক্ত কৰে। ১৯৩৭ চনত কেন্দ্ৰীয় চৰকাৰে ইয়াক আনুষ্ঠানিকভাৱে সংৰক্ষিত স্মৃতিসৌধ হিচাপে ঘোষণা কৰে। ১৯৭৭ চনত উৎকল বিশ্ববিদ্যালয়ে এই স্থানত কিছু খননৰ কাম কৰে। ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপৰ ভূৱনেশ্বৰ চক্ৰৰ দ্বাৰা ১৯৮৫ চনৰ পৰা ১৯৯১ চনৰ ভিতৰত বিশদ খনন কৰা হৈছিল। এই অনুসন্ধানৰ পৰা অনুমান কৰা হৈছে যে, উৰিষ্যাৰ আদিম বৌদ্ধ স্থানসমূহৰ ভিতৰত অন্যতম ললিতগিৰিয়ে মৌৰ্য্যৰ পিছৰ যুগৰ পৰা (খ্ৰীষ্টপূৰ্ব ৩২২–১৮৫) ত্ৰয়োদশ শতিকালৈকে এক অবিৰত সাংস্কৃতিক ক্ৰম বজাই ৰাখিছিল।[2] ইয়াৰ উপৰিও অনুমান কৰা হৈছে যে এই স্থানত খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ পৰা খ্ৰীষ্টীয় দশম শতিকালৈকে বৌদ্ধ ধৰ্মৰ অবিৰত উপস্থিতি বজাই ৰাখিছিল।[8]

১৯৮৫ চনত ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ সংস্থাই ললিতগিৰিত খনন আৰম্ভ কৰি সপ্তম শতিকাৰ চীনা ভ্ৰমণকাৰী জুয়ানজাঙৰ লিখনিত উল্লেখ কৰা বৌদ্ধ ধৰ্মৰ গুৰুত্বপূৰ্ণ স্থান পুষ্পাগিৰিৰ স্থান নিৰ্ণয় কৰে। খননৰ ফলত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰত্নতাত্ত্বিক আৱিষ্কাৰ হয় যদিও কোনোটোৱেই ললিতগিৰিক পুষ্পগিৰিৰ সৈতে চিনাক্ত কৰা নাছিল। পিছলৈ লাংগুডী পাহাৰত খননৰ পাছত পুষ্পগিৰি তাতেই অৱস্থিত বুলি অনুমান কৰিব পাৰি।[9]

প্ৰত্নতাত্ত্বিক আৱিষ্কাৰসমূহ

[সম্পাদনা কৰক]
তপস্যামগ্ন বুদ্ধৰ ভাস্কৰ্য

ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগে (ASI) ললিতগিৰিত চলোৱা খননত পাহাৰৰ ওপৰত এটা বৃহৎ স্তূপৰ অৱশেষ উদ্ধাৰ কৰিছে। এই স্তূপটোৰ ভিতৰত বুদ্ধৰ পবিত্ৰ ধাতু বা অৱশেষ থকা দুটা বিৰল কাচকেট পোৱা গৈছিল; পূব ভাৰতত এনে ধৰণৰ আৱিষ্কাৰ এয়াই প্ৰথম আছিল। খোণ্ডালাইট পাথৰেৰে নিৰ্মিত এই টেমাটোৰ ভিতৰত ক্ৰমান্বয়ে ষ্টীটাইট, ৰূপ আৰু সোণেৰে নিৰ্মিত আন তিনিটা সৰু কাচকেট পোৱা গৈছিল। একেবাৰে শেষৰ সোণৰ কাচকেটত হাড়ৰ টুকুৰা হিচাপে বুদ্ধৰ পবিত্ৰ অৱশেষ সংৰক্ষিত আছিল।[2]

আন এক আকৰ্ষণীয় আৱিষ্কাৰ হ'ল পূবমুখী ইটাৰে নিৰ্মিত এটা 'এপ্চাইডেল' চৈত্যগৃহ, যাৰ আকাৰ ৩৩ x ১১ মিটাৰ আৰু দেৱালবোৰ ৩.৩ মিটাৰ ডাঠ। ওড়িশাত উদ্ধাৰ হোৱা এইটোৱেই প্ৰথম বৌদ্ধ স্থাপত্য, যাৰ কেন্দ্ৰত এটা বৃত্তাকাৰ স্তূপ আছে। ইয়াৰ উপৰিও কুশাণ সাম্ৰাজ্যৰ সময়ৰ ব্ৰাহ্মী লিপিত লিখা কেইবাটাও শিলালিপি উদ্ধাৰ হৈছে। এইবোৰৰ পৰা অনুমান কৰা হয় যে এই গাঁথনিসমূহ খ্ৰীষ্টীয় যুগৰ আৰম্ভণিৰ পৰা ৬ষ্ঠ-৭ম শতিকাৰ ভিতৰত নিৰ্মিত।[2]

এটা মঠৰ প্ৰৱেশদ্বাৰ
ললিতগিৰিৰ কেন্দ্ৰীয় গাঁথনি

ইয়াত চাৰিটা বৌদ্ধ মঠৰ অৱশেষো পোৱা গৈছে। প্ৰথম আৰু আটাইতকৈ ডাঙৰ মঠটো দুমহলীয়া আৰু ই ১০ম-১১শ শতিকাৰ। পাহাৰৰ উত্তৰ প্ৰান্তত অৱস্থিত দ্বিতীয়টো মঠ সেই সময়ত নিৰ্মাণ কৰা হৈছিল যেতিয়া ললিতগিৰিত বৌদ্ধ ধৰ্মৰ গুৰুত্ব হ্ৰাস পাবলৈ ধৰিছিল। চতুৰ্থটো মঠত বুদ্ধৰ কেইবাটাও বৃহৎ আকাৰৰ মূৰ পোৱা গৈছে। ৯ম-১০ম শতিকাৰ এটা টেৰাকোটাৰ মোহৰত "শ্ৰী চন্দ্ৰাদিত্য বিহাৰ সমগ্ৰ আৰ্য ভিক্ষু সংঘস্য" বুলি খোদিত আছে।[2]

উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত মহাযান বৌদ্ধ ধৰ্মৰ সময়ৰ বুদ্ধৰ বিভিন্ন ধ্যানমগ্ন মূৰ্তি অন্তৰ্ভুক্ত আছে। ইয়াৰ উপৰিও এটা সোণৰ লকেট, ৰূপৰ অলংকাৰ, গণেশ আৰু মহিষাসুৰমৰ্দিনীৰ ছাপ থকা পাথৰৰ ফলি আৰু অৱলোকিতেশ্বৰৰ এটা সৰু মূৰ্তি পোৱা গৈছে।

ললিতগিৰিৰ লগতে উদয়গিৰি আৰু ৰত্নগিৰিতো তাৰা দেৱীৰ বিভিন্ন ৰূপৰ মূৰ্তি পোৱা গৈছে। ইয়াৰ উপৰিও হাৰিতীৰ মূৰ্তিও উদ্ধাৰ হৈছে। ললিতগিৰিত মৌৰ্য যুগৰ পৰা ৮ম-৯ম শতিকাৰ শিলালিপি থকা মৃৎশিল্পৰ টুকুৰা পোৱা গৈছে, যিয়ে ইংগিত দিয়ে যে ইয়াত হীনযান আৰু মহাযান উভয় পন্থৰ বৌদ্ধ ধৰ্মালম্বী লোক বাস কৰিছিল। ভৌম-কৰ বংশৰ ৰাজত্বকালত (৮ম-১০ম শতিকা) এই স্থানত তান্ত্ৰিক বৌদ্ধ ধৰ্ম বা বজ্ৰযানৰ প্ৰভাৱ পৰিছিল।[2]

সংগ্ৰহালয়

[সম্পাদনা কৰক]
ললিতগিৰি ছাইট মিউজিয়াম (নতুন)

প্ৰথম অৱস্থাত খননত উদ্ধাৰ হোৱা ভাস্কৰ্যসমূহ প্ৰদৰ্শনৰ বাবে এটা অস্থায়ী চৌহদত ৰখা হৈছিল।[5][2] বৰ্তমান ইয়াত এটা স্থায়ী সংগ্ৰহালয় স্থাপন কৰা হৈছে য'ত মহাযান যুগৰ বুদ্ধৰ বিভিন্ন ভাস্কৰ্যসমূহ সংৰক্ষিত কৰি ৰখা হৈছে। ইয়াত থকা বিশাল পাথৰৰ মূৰ্তিসমূহৰ ভিতৰত বুদ্ধ, বোধিসত্ত্ব, তাৰা, জম্ভল আৰু অন্যান্য দেৱ-দেৱীৰ মূৰ্তি অন্যতম। কিছুমান মূৰ্তিত শিলালিপিও খোদিত আছে। থিয় হৈ থকা অৱস্থাত থকা বুদ্ধৰ মূৰ্তি আৰু কান্ধৰ পৰা আঁঠুলৈকে থকা বস্ত্ৰৰ শৈলীয়ে গান্ধাৰ আৰু মথুৰা শিল্পকলাৰ প্ৰভাৱ প্ৰতিফলিত কৰে। পাহাৰৰ পাথৰৰ স্তূপটোৰ পৰা উদ্ধাৰ হোৱা পবিত্ৰ অৱশেষৰ কাচকেটসমূহো ইয়াত প্ৰদৰ্শনৰ বাবে ৰখা হৈছে।[6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]