সমললৈ যাওক

ললিতা শ্ৰীনিবাসন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ললিতা শ্ৰীনিবাসন
জন্ম ২৪ আগষ্ট, ১৯৪৩ (৮৩ বছৰ)
শিৱসমুদ্ৰ, ব্ৰিটিছ ভাৰত
পেচা নৃত্যশিল্পী, নৃত্য নিৰ্দেশক, নৃত্য শিক্ষয়িত্ৰী
জনা যায় ভাৰতনাট্যম
বঁটা, সন্মান, পুৰস্কাৰ আদি সংগীত নাটক একাডেমি অমৃত বঁটা, ৰাজ্যোৎসৱ প্ৰশস্তি, কৰ্ণাটক সংগীত নৃত্য একাডেমি বঁটা, শান্তলা নৃত্য শ্ৰী বঁটা

ললিতা শ্ৰীনিবাসন এজন ভাৰতীয় ভাৰতনাট্যম নৃত্যশিল্পী, নৃত্য নিৰ্দেশক আৰু শিক্ষয়িত্ৰী। ভৰতনাট্যমত তেওঁৰ অৱদানৰ বাবে তেওঁ ২০২৩ চনত সংগীত নাটক একাডেমিৰপৰা সংগীত নাটক একাডেমি অমৃত বঁটা লাভ কৰে।[1] তেওঁ লগতে কৰ্ণাটক সংগীত নৃত্য একাডেমিৰপৰা কৰ্ণাটক কালাতিলক, ৰাজ্যোৎসৱ প্ৰশস্তি আৰু শান্তলা নৃত্য শ্ৰী বঁটা লাভ কৰিছে।[1]

ললিতা শ্ৰীনিবাসনৰ জন্ম ২৪ আগষ্ট ১৯৪৩ চনত বৰ্তমান ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ শিৱসমুদ্ৰত হৈছিল।[1] পিতৃৰ চাকৰিৰ বাবে সৰু বয়সত তেওঁ কৰ্ণাটকৰ বিভিন্ন সৰু চহৰত বাস কৰিছিল।[2]

সৰু বয়সতেই পৰিয়ালে তেওঁৰ নৃত্যৰ প্ৰতি আগ্ৰহ লক্ষ্য কৰি দশ বছৰ বয়সত গুৰু এইচ. আৰ. কেশৱ মূৰ্তিৰ অধীনত বেংগালুৰুত ভাৰতনাট্যমৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰে।[3] বিবাহৰ পিছত ১৯ বছৰ বয়সত তেওঁ সম্পূৰ্ণৰূপে নৃত্য ত্যাগ কৰিছিল।[3] যদিও নৃত্য তত্ত্বৰ প্ৰতি আগ্ৰহ বজাই ৰাখি তেওঁ অধ্যয়ন অব্যাহত ৰাখে আৰু দক্ষতা পৰীক্ষাত প্ৰথম স্থান লাভ কৰে।[3] ১৯৬৬ চনত তেওঁ ভাৰতনাট্যমত প্ৰথম আনুষ্ঠানিক মঞ্চাভিষেক কৰে।[3] পিছলৈ তেওঁ মাইছুৰ দৰবাৰৰ প্ৰসিদ্ধ নৃত্যশিল্পী আৰু মাইছুৰ শৈলীৰ ভাৰতনাট্যমৰ প্ৰতিনিধি কে. বেংকটালক্ষ্মাম্মাৰ অধীনত উন্নত প্ৰশিক্ষণ লাভ কৰে।[3]

ইয়াৰ উপৰি তেওঁ সংগীত, বীণা, চিত্ৰকলা আৰু ইণ্টেৰিয়ৰ ডিজাইনিং শিকিছে।[1] তেওঁ ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু ডি.লিট ডিগ্ৰী লাভ কৰিছে।[1]

বৰ্তমান তেওঁ বেংগালুৰুৰ মল্লেশ্বৰমত বাস কৰে।[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

ললিতা শ্ৰীনিবাসন মাইছুৰ শৈলীৰ ভাৰতনাট্যমৰ এজন বিশিষ্ট প্ৰতিনিধি আৰু অভিনয় ক্ষেত্ৰত বিশেষভাৱে পৰিচিত। তেওঁ ভাৰতৰ বিভিন্ন ৰাজ্য আৰু বিদেশতো অনুষ্ঠান পৰিৱেশন কৰিছে। লগতে দেশৰ বিভিন্ন স্থানত লেকচাৰ-ডেম’ (বক্তৃতা-প্ৰদৰ্শন) আগবঢ়াইছে। তেওঁ চিত্ৰাঙ্গদা, শ্ৰী কৃষ্ণ পৰিজাতা, লাস্যোৎসৱ, প্ৰেম ভক্তি মুক্তি, কৌশিকা সুকৃতম, গৌডৰা মল্লি, দেৱ কান্নিকা আৰু নিশা বিভ্ৰম আদি নৃত্য-নাট্য নিৰ্মাণৰ নৃত্য নিৰ্দেশনা দিছে।[1] ১৯৭৮ চনত তেওঁ বেংগালুৰুত “নূপূৰা স্কুল অৱ ভাৰতনাট্যম” প্ৰতিষ্ঠা কৰে, য’ত মাইছুৰ শৈলীৰ ভাৰতনাট্যম শিক্ষা আৰু প্ৰচাৰৰ ওপৰত গুৰুত্ব দিয়া হয়।[1] তেওঁ ত্ৰিছ বছৰৰো অধিক সময় ধৰি বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য উৎসৱ “নিত্য নৃত্য”ৰ পৰিচালনা কৰি আহিছে।[4]

প্ৰকাশিত গ্ৰন্থ

[সম্পাদনা কৰক]

কৰ্ণাটক সংগীত নৃত্য একাডেমীয়ে তেওঁৰ দুটা গ্ৰন্থ প্ৰকাশ কৰিছে — ‘‘কৰ্ণাটকত নৃত্য আৰু কৰ্ণাটকৰ নৃত্য মূৰ্তি’’ আৰু কে. বেংকটালক্ষ্মাম্মাৰ জীৱনী।[3]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

ললিতা শ্ৰীনিবাসনে ভৰতনাট্যমত অৱদানৰ বাবে ২০২৩ চনত সংগীত নাটক একাডেমি অমৃত বঁটা লাভ কৰে।[1] তেওঁ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত শিৰোমণি আৰু প্ৰিয়দৰ্শিনী বঁটা লাভ কৰিছে। কৰ্ণাটক সংগীত নৃত্য একাডেমীৰপৰা কৰ্ণাটক কালাতিলক সন্মান, ৰাজ্যোৎসৱ প্ৰশস্তি আৰু কৰ্ণাটক চৰকাৰৰপৰা শান্তলা নৃত্য শ্ৰী বঁটা লাভ কৰিছে।[1]

নূপূৰা স্কুল অৱ ভাৰতনাট্যম

[সম্পাদনা কৰক]

১৯৭৮ চনত ললিতা শ্ৰীনিবাসনে কৰ্ণাটকৰ বেংগালুৰুৰ মল্লেশ্বৰমত “নূপূৰা স্কুল অৱ ভাৰতনাট্যম” প্ৰতিষ্ঠা কৰে। এই প্ৰতিষ্ঠানখনত মাইছুৰ শৈলীৰ ভাৰতনাট্যম শিক্ষা আৰু প্ৰচাৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়।[1][5] প্ৰতিষ্ঠালগ্নৰপৰা এতিয়ালৈকে এই বিদ্যালয়খনত ৫০০ৰো অধিক ছাত্ৰ-ছাত্ৰী প্ৰশিক্ষণ লাভ কৰিছে।[6] বৰ্তমান ললিতা শ্ৰীনিবাসনৰ কন্যা মনু শ্ৰীনিবাসন, যি নিজেও এগৰাকী নৃত্যশিল্পী, নূপূৰা বিদ্যালয়ৰ সম্পাদক হিচাপে দায়িত্ব পালন কৰি আছে।[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]