লসিকা তন্ত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লসিকা তন্ত্ৰ

মানুহৰ লসিকা তন্ত্ৰ
সবিশেষ
চিনাক্তকাৰক
লেটিন ছিষ্টেমা লিম্ফ'ডিয়াম
MeSH D008208
TA98 A13.0.00.000
TA2 5149
FMA 7162 74594, 7162
দেহতাত্ত্বিক পৰিভাষা

লসিকা তন্ত্ৰ (ইংৰাজী: Lymphatic system) লসিকা বাহী আৰু লসিকাৰে গঠিত এক অংগ তন্ত্ৰ। ই সংবহন তন্ত্ৰৰে এটা ভাগ। মানুহৰ সংবহন তন্ত্ৰই দৈনিক প্ৰায় ২০ লিটাৰ তেজ পৰিবহন কৰে। ইয়াৰে কৌশিক পৰিশ্ৰাৱন প্ৰক্ৰিয়াত ৰক্ত কোষবোৰ প্লাজমাৰ পৰা পৃথক হৈ পৰে। প্ৰায় ১৭ লিটাৰ পৰিশ্ৰাৱিত প্লাজমা ৰক্ত বাহিকাবোৰলৈ প্ৰত্যক্ষভাৰে পুণৰ শোষিত হয়। বাকী ৩ লিটাৰ প্লাজমা দেহ ৰসত থাকি যায়। তেজৰ এই তিনি লিটাৰ প্লাজমাৰ ঘাটি পূৰণ কৰাই হৈছে লসিকা তন্ত্ৰৰ প্ৰধান কাৰ্য।[1] লসিকা তন্ত্ৰৰ মাজেৰেই এই তিনি লিটাৰ প্লাজমা তেজত প্ৰৱেশ কৰে।

লসিকা তন্ত্ৰৰ অন্য এটা প্ৰধান কাৰ্য প্ৰতিৰক্ষা তন্ত্ৰৰ সৈতে সম্পৰ্কৃত। লসিকা তেজৰ সৈতে প্ৰায় একে, কিন্তু ইয়াত লিম্ফ'চাইট আৰু অন্য শ্বেত ৰক্ত কণাহে থাকে। ইয়াত দেহৰ বজ্য পদাৰ্থ আৰু কোষৰ অৱশেষৰ লগতে বেক্টেৰিয়া আৰু প্ৰট্ৰিনো থাকে। লসিকা কলাত লিম্ফ'চাইটৰ উৎপাদন হয়। লসিকা গ্ৰন্থীত লিম্ফ'চাইটবোৰ থুপপাতি থাকে। স্প্লেন আৰু থাইমাছ প্ৰতিৰক্ষা তন্ত্ৰৰ লগত জড়িত লসিকা অংগ। পাচন তন্ত্ৰৰ লগত সম্পৰ্কৃত লসিকা অংগ হৈছে টনছিলবোৰ। লসিকা কলাত লিম্ফ'চাইটৰ লগতে সহযোগী হিচাপে অন্য কোষো থাকে।[2]লিম্ফ'চাইটৰ উৎপাদন আৰু পৰিবহনৰ সৈতে জড়িত সকলো গঠন (লসিকাৰ প্ৰাথমিক কোষীয় উপাদানবোৰ), মেৰু মজ্জা, আৰু পাচন তন্ত্ৰৰ সৈতে জড়িত লসিকা কলাবোৰো লসিকা তন্ত্ৰৰ অন্তৰ্গত।[3]

তেজ পেৰেণকাইমা কোষ আৰু কলাৰ প্ৰত্যক্ষ সম্পৰ্কলৈ নাহে। কিন্তু অনুকোষীয় বিনিময়ৰ পাছত তেজৰ প্লাজমা পেৰেণকাইমা কোষৰ সৈতে সম্পৰ্কৃত দেহৰসত প্ৰৱেশ কৰে। তেতিয়া, লসিকা বাহীৰ সংকোচন বা কলাৰ বাহ্যিক হেঁচা (যেনে- পেশীৰ সংকোচন) নাইবা কিছুমান জীৱৰ লসিকা হৃদয়ৰ দ্বাৰা লসিকা বাহীৰ মাজেৰে লসিকা প্ৰৱাহিত হয়। দেহৰ আভ্যন্তৰিণ বা বাহ্যিক অংশ অনুসৰি লসিকা গ্ৰন্থী আৰু প্ৰৱাহ চালিত হয়। লসিকা আভ্যন্তৰিণ বা বাহ্যিক পথেৰে তেজত প্ৰৱেশ কৰে। মূৰ, ভৰি, আৰু দেহ গহ্বৰৰ বেৰত লসিকাই বাহ্যিক পথ, আৰু ডিঙি, উদৰ, আৰু উদৰীয় গহ্বৰত লসিকাই আভ্যন্তৰিণ পথ লয়।[4]

অৱশেষত লসিকা, লসিকা বাহীৰ পৰা লসিকা নলীৰ মাজেৰে ইণ্টাৰনেল জাগুলাৰ ভেইনৰ সংযোগ স্থলত থকা এডাল বা দুডাল ছাবক্লেভিয়ান ভেইনত প্ৰৱেশ কৰে।

তথ্য সংগ্ৰহ

  1. Human Physiology: From Cells to Systems, by Lauralee Sherwood
  2. Tak W. Mak; Mary E. Saunders (Ph.D.); Mary E. Saunders (2008). Primer to the immune response. Academic Press. পৃষ্ঠা. 28–. ISBN 978-0-12-374163-9. http://books.google.com/books?id=RX8-gd1tJRgC&pg=PA28। আহৰণ কৰা হৈছে: 12 November 2010. 
  3. Warwick, Roger; Peter L. Williams. "Angiology (Chapter 6)". Gray's anatomy. illustrated by Richard E. M. Moore (Thirty-fifth সম্পাদনা). প্ৰকাশক London: Longman. পৃষ্ঠা. 588–785. 
  4. Wisco, Jonathan. "Lymphatic System". AnatomyOne. Amirsys, Inc. https://app.anatomyone.com/systemic/lymphatic-system#। আহৰণ কৰা হৈছে: 26 October 2012.