লাংগলবন্দ
| লাংগলবন্দ স্নানোৎসৱ লাঙ্গলবন্দ স্নান | |
|---|---|
| [[File: ১৯০৬ চনত ফ্ৰান্সিঁচ ব্ৰেডলী-ব্ৰেডলী-বৰ্টৰ তোলা ছবি | |
| তাৰিখ | চ'ত মাহৰ শুক্লাপক্ষৰ অষ্টমী তিথি |
| অন্তৰ | বাৰ্ষিক |
| শেহতীয়া | ২৯ মাৰ্চ ২০২৩ |
| অংশগ্ৰহণকাৰী | ১৫ লাখ [1] |
| প্ৰকাৰ | ধাৰ্মিক, সাংস্কৃতিক |
লাংগলবন্দ বাংলাদেশৰ নাৰায়ণগঞ্জ জিলাৰ চোনাৰগাঁ উপাজিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষত অৱস্থিত এটা পৱিত্ৰ হিন্দু তীৰ্থস্থান। চ'ত মাহৰ শুক্লাপক্ষৰ অষ্টমী তিথিত ইয়াত পুণ্যস্নান অনুষ্ঠিত হয়। এই সময়ত লাখ লাখ ভক্ত পুণ্যস্নানৰ উদ্দেশ্যে ইয়াত আহে। কিংবদন্তি অনুসৰি, লাংগলবন্দৰ এই পৱিত্ৰ জলধাৰাত স্নান কৰি পৰশুৰাম মুনিয়ে পাপমোচন কৰিছিল। সেই স্মৃতি অনুসৰি বহু শতাব্দীৰপৰা পুণ্যাৰ্থীয়ে এই অষ্টমী-পুণ্যস্নান পালন কৰি আহিছে। মান্যতা অনুসৰি, এই তিথিত জগতৰ সকলো পৱিত্ৰ স্থানৰ পুণ্য ব্ৰহ্মপুত্ৰ নদীত মিলিত হয়। ভাৰত, নেপাল, শ্ৰীলংকা, ভূটান, মালদ্বীপ আদি দেশৰ বহু পুণ্যাৰ্থীয়ে উক্তদিনা লাংগলবন্দত আগমন কৰে।[2]
ঘাট
[সম্পাদনা কৰক]পুণ্যাৰ্থীসকলে নিৰ্বিঘ্নে স্নান কৰিবলৈ ইয়াতে বহু ঘাট নিৰ্মাণ কৰা হৈছে। এই ঘাটসমূহৰ নান্দনিক নাম আছে — যেনে অন্নপূৰ্ণা ঘাট, প্ৰেমতলা ঘাট, জয়কালী ঘাট, বৰদেশ্বৰী ঘাট, গান্ধী ঘাট, শংকৰ ঘাট, কালীদহ ঘাট, শিখৰী ঘাট আদি। ঘাটসমূহৰ ওচৰত বহু মন্দিৰ আৰু আশ্ৰমো গঢ় লৈ উঠিছে।[3]
নিৰাপত্তা ব্যৱস্থা
[সম্পাদনা কৰক]লাংগলবন্দ স্নানোৎসৱত ৫০টা চি.চি.টি.ভি কেমেৰাৰ ব্যৱস্থা কৰা হয় আৰু প্ৰায় ১২০০ গৰাকী সশস্ত্ৰ আৰু বগা পোশাকৰ আৰক্ষী মোতায়েন কৰা হয়। পুণ্যাৰ্থীৰ ভিৰৰ বাবেই পথত যান-জঁটৰ সৃষ্টি হয়, যাক নিয়ন্ত্ৰণ কৰিবলৈ বহুতো ট্ৰেফিক আৰক্ষীয়ে কাম কৰে।[2]
২০১৫ চনৰ পদদলিত ঘটনা
[সম্পাদনা কৰক]২০১৫ চনৰ ২৭ মাৰ্চত অনুষ্ঠিত স্নানোৎসৱত প্ৰায় ১.৫ মিলিয়নৰো অধিক লোকৰ সমাগম হৈছিল।[1] এই দিনা 'অষ্টমী স্নান' চলাকালীন ভিৰত পদদলিত হৈ ১০ গৰাকী হিন্দু ভক্তৰ মৃত্যু হয় আৰু প্ৰায় ৩০ গৰাকী আহত হয়।[4] অপ্ৰত্যাশিত ভিৰ আৰু প্ৰয়োজনীয় প্ৰস্তুতিৰ অভাৱে এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা যায়।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 Palash, Mojibul Haque (27 March 2015). "10 die in stampede during Hindu religious gathering in Narayanganj". BDNews24. http://bdnews24.com/bangladesh/2015/03/27/10-die-in-stampede-during-hindu-religious-gathering-in-nganj.
- ↑ 2.0 2.1 প্ৰতিনিধি. "মহা অষ্টমীৰ স্নানে লাখো পুণ্যাৰ্থীতে মুখৰ লাঙ্গলবন্দ" (bn ভাষাত). প্ৰথম আলো. https://www.prothomalo.com/bangladesh/district/punu7kltzf। আহৰণ কৰা হৈছে: 2023-04-04.
- ↑ প্ৰতিনিধি. "মহা অষ্টমীৰ স্নানে লাখো পুণ্যাৰ্থীতে মুখৰ লাঙ্গলবন্দ". দৈনিক প্ৰথম আলো. https://www.prothomalo.com/bangladesh/district/punu7kltzf। আহৰণ কৰা হৈছে: 2023-04-04.
- ↑ "10 killed in Langalbandh Astami Snan stampede". The Independent. 28 March 2015. http://www.theindependentbd.com/index.php?option=com_content&view=article&id=252643:10-killed-in-langalbandh-astami-snan-stampede&catid=129:frontpage&Itemid=121.