লাইলা মজনু (১৯৭৬ চলচ্চিত্ৰ)
লাইলা মজনু (ইংৰাজী: Laila Majnu) ১৯৭৬ চনৰ ভাৰতীয় হিন্দুস্তানী ভাষাৰ এখন ৰোমান্টিক নাট্যধৰ্মী ছবি, যাৰ পৰিচালক আছিল হৰনাম সিং ৰাৱাইল। মুখ্য চৰিত্ৰত ঋষি কাপুৰ, ৰঞ্জিতা আৰু ডেনী ডেনজংপাই অভিনয় কৰিছিল। ছবিখনৰ সংগীত মদন মোহন আৰু জয়দেৱৰ। লাইলা আৰু মজনুৰ কিংবদন্তিৰ আধাৰত নিৰ্মিত এই ছবিখনত দুজন মিলন বঞ্চিত এহাল প্ৰেমিক-প্ৰেমিকাৰ কাহিনী কোৱা হৈছে। লাইলা এগৰাকী ৰাজকুমাৰী আৰু কাইছ ওৰফে মজনু এজন সাধাৰণ লোক।[1][2][3]
লাইলা মজনু ৰঞ্জিতাৰ প্ৰথম ছবি। ১৯৭৬ চনত মুক্তি পোৱাৰ পিছতে ছবিখনে চলচ্চিত্ৰ সমালোচকৰ পৰা অতি ইতিবাচক সমালোচনা আৰু বক্স অফিচত সফলতা লাভ কৰে। ছবিখনৰ সফলতাই ঋষি কাপুৰক এজন ভৰসা কৰিব পৰা তাৰকালৈ উত্তৰণ ঘটায়; কাৰণ ববী (১৯৭৩) ছবিত আত্মপ্ৰকাশ কৰাৰ পিছত লাইলা মজনুৰ বাদে তেওঁ কোনো ডাঙৰ সফলতা লাভ কৰা নাছিল; অৱশ্যে সামান্য ব্য়তিক্ৰম কভি কভি (১৯৭৬) ছবিখন। কভি কভিৰ সফলতাৰ কৃতিত্ব শশী কাপুৰ আৰু অমিতাভ বচ্চনক দিয়া হয়। ১৯৭৬ চনত মুক্তি পোৱাৰ পিছৰে পৰা লাইলা মজনুক কাল্ট ক্লাছিক হিচাপে প্ৰশংসা কৰা হয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Laila Majnu (1976)" (en-IN ভাষাত). The Hindu. 2014-03-27. ISSN 0971-751X. https://www.thehindu.com/features/cinema/laila-majnu-1976/article5839471.ece.
- ↑ Murarka, Harshita (2018-02-26). "Millennials Review Classics: ‘Laila Majnu’ Fails the Test of Time" (en ভাষাত). TheQuint. https://www.thequint.com/entertainment/millennial-review/laila-majnu-movie-review#read-more। আহৰণ কৰা হৈছে: 2025-02-02.
- ↑ Anil Groverच (2005-07-29). "Forever velvet". The Telegraph. http://www.telegraphindia.com/1050729/asp/etc/story_5037312.asp। আহৰণ কৰা হৈছে: 2007-04-28.
