সমললৈ যাওক

লাইলা শ্বাহজাদা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লাইলা শ্বাহজাদা
জন্ম ১৯২৬
লিটলহেম্পটন, ৱেষ্ট চাচেক্স, ইংলেণ্ড
মৃত্যু ২০ জুলাই, ১৯৯৪
ইছলামাবাদ, পাকিস্তান
মৃত্যুৰ কাৰণ গেছ বিস্ফোৰণ।[1]
পেচা পেইণ্টাৰ
সক্ৰিয় হৈ থকা সময় ১৯৬০-১৯৯৪
জনা যায় পাকিস্তানৰ সিন্ধু উপত্যকাৰ সভ্যতাৰ ওপৰত অঁকা ছবিৰ বাবে

লাইলা শ্বাহজাদা (ইংৰাজী: Laila Shahzada ; ১৯২৬ – ২০ জুলাই ১৯৯৪) এগৰাকী পাকিস্তানী বিমূৰ্ত চিত্ৰশিল্পী আছিল, যিয়ে পাকিস্তানৰ কৰাচীত বাস কৰিছিল আৰু কাম কৰিছিল।[2]

১৯২৬ চনত ইংলেণ্ডৰ লিটলহাম্পটনত লাইলা শ্বাহজাদাৰ জন্ম হৈছিল।[3] ইংলেণ্ডত প্ৰাৰম্ভিক শিক্ষা সমাপ্ত কৰাৰ পিছত তেওঁ চিত্ৰশিল্পী-পেইণ্টাৰ হোৱাৰ সিদ্ধান্ত লয় আৰু প্ৰথম অৱস্থাত ইংলেণ্ডত অংকন আৰু জলৰঙৰ প্ৰশিক্ষণ লয়। পিছলৈ তেওঁ কৰাচীত শিল্পী আহমেদ ছাইদ নাগীৰ অধীনত প্ৰশিক্ষণ লয় যিয়ে তেওঁক তেল ব্যৱহাৰ কৰিবলৈ শিকাইছিল।[4] ১৯৬০ চনত কৰাচীৰ পাকিস্তানৰ আৰ্টছ কাউন্সিলত তেওঁৰ প্ৰথম একক প্ৰদৰ্শনী অনুষ্ঠিত হয়।[3] পাকিস্তানৰ সিন্ধু উপত্যকাৰ সভ্যতাৰ শিল্পকৰ্মক আৰ্হি হিচাপে ব্যৱহাৰ কৰি তেওঁ এই প্ৰাচীন সভ্যতাৰ সংস্কৃতিক প্ৰতিফলিত কৰি এক শৃংখলাবদ্ধ চিত্ৰ নিৰ্মাণ কৰিছিল। ১৯৭৬ চনত কৰাচীত অনুষ্ঠিত হোৱা এখন প্ৰদৰ্শনীত এই ছবিসমূহ প্ৰদৰ্শিত হয়। ১৯৮৬ চনত লণ্ডনৰ ৰিজেণ্ট ষ্ট্ৰীটৰ শ্ব’ৰ’কছ ইণ্টাৰনেশ্যনেল গেলেৰীত অনুষ্ঠিত হোৱা গ্ৰুপ শ্ব’ত অংশগ্ৰহণ কৰে। জনা যায়, মৃত্যুৰ পূৰ্বে তেওঁৰ দ্বাৰা মুঠ ৬০ৰ পৰা ৭০খন ছবি নিৰ্মাণ কৰা হৈছিল। ১৯৯৪ চনৰ ২০ জুলাইত তেওঁৰ ষ্টুডিঅ'ত হোৱা গেছ বিস্ফোৰণত তেওঁৰ মৃত্যু হয়।.[3][1][5]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

জীৱনত দুবাৰকৈ বিয়া হৈছিল শ্বাহজাদাই। প্ৰথম বিবাহৰ পৰা তেওঁৰ এটি পুত্ৰ আৰু এগৰাকী কন্যা ছোহেইল আৰু শ্বাহিয়েন জন্ম হৈছিল। প্ৰথম স্বামীৰ পৰা বিচ্ছেদ হোৱাৰ পিছত তেওঁলোকৰ পুত্ৰৰ তত্ত্বাৱধান তেওঁ নিজে পাইছিল আৰু প্ৰথম স্বামীয়ে তেওঁলোকৰ কন্যাৰ তত্ত্বাৱধান লাভ কৰিছিল। পুনৰ বিয়া হৈ দ্বিতীয় বিবাহত জাহিৰ নামৰ আন এজন পুত্ৰ জন্ম হয় যদিও ছোৱালী শ্বাহিয়েনক হেৰুৱাই আৱেগিক অভাৱ কেতিয়াও পাৰ কৰিব নোৱাৰিলে। পিছত তেওঁ মা আৰু সন্তান শীৰ্ষক এখন ছবি নিৰ্মাণ কৰে। কিছুমান বন্ধু আৰু শিল্প সমালোচকে কয় যে, এই ছবিখন মাতৃ হিচাপে তেওঁৰ নিজৰ যন্ত্ৰণাৰ প্ৰতিফলন আছিল।[6]

২০০৫ চনত পাকিস্তান নেচনেল কাউন্সিল অৱ আৰ্টছৰ সঞ্চালক প্ৰধান নয়ম তাহিৰে কয় যে, "লাইলা শ্বাহজাদা আছিল এগৰাকী সংবেদনশীল, অবিচলিত আৰু শক্তিশালী শিল্পী, যাৰ তুলিকাৰ পৰশ আৰু প্ৰভাৱ অপৰিসীম আছিল।"[1][3]

১৯৯৪ চনৰ ২০ জুলাইত পাকিস্তানৰ ইছলামাবাদত থকা তেওঁৰ ষ্টুডিঅ'ত হোৱা গেছ বিস্ফোৰণত লাইলা শ্বাহজাদাৰ মৃত্যু হয়।[1][3]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 "KARACHI: Book on Laila Shahzada launched" (en ভাষাত). Dawn (newspaper). 27 August 2005. https://www.dawn.com/news/153975. 
  2. 'Homage: Remembering the maestro' Dawn (newspaper), Published 15 Sep 2013, Retrieved 1 March 2019
  3. 3.0 3.1 3.2 3.3 3.4 "Death anniversary of painter Laila Shahzada today". SAMAA TV website. 20 July 2011. http://www.samaa.tv/news/2011/07/death-anniversary-of-painter-laila-shahzada-today/. 
  4. "Profile of Laila Shahzada". Pakistan Post Office (Archived). Archived from the original on 20 January 2008. https://web.archive.org/web/20080120154257/http://www.lailashahzada.com/Recognition/Stamps/LailaShahzada/Default.aspx। আহৰণ কৰা হৈছে: 1 March 2019. 
  5. Revisiting the mistress of art Dawn (newspaper), Updated 28 December 2014, Retrieved 1 March 2019
  6. Minerwa Tahir (27 December 2014). "With love, from art collectors: Remembering Laila Shahzada's sensitivities and inclinations". The Express Tribune (newspaper). http://tribune.com.pk/story/812799/with-love-from-art-collectors-remembering-laila-shahzadas-sensitivities-and-inclinations.