সমললৈ যাওক

লাঙল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লাঙলৰ প্ৰথম সংখ্যা।

লাঙল (ইংৰাজী: Langal) হ'ল কুৰি‍ শতিকাৰ আৰম্ভণিতে কলকাতাৰপৰা প্ৰকাশিত বাঁওপন্থী সাহিত্য আলোচনী। ইয়াৰ সম্পাদনা কৰিছিল কাজী নজৰুল ইছলামে।[1]

১৯২৫ চনৰ ১৬ ডিচেম্বৰৰপৰা লাঙলৰ প্ৰকাশ আৰম্ভ হয়। লাঙল আছিল কাজী নজৰুল ইছলামে সম্পাদনা কৰা দ্বিতীয়খন আলোচনী; প্ৰথমখন আছিল ধুমকেতু। এইখন ‘শ্ৰমিক-প্ৰজা-স্বৰাজ-সম্প্ৰদায়’ দলৰ আনুষ্ঠানিক প্ৰকাশন আছিল।[2] ইয়াত শ্ৰমিক শ্ৰেণীৰ বিষয়ে কবিতা আৰু সেই যুগৰ বিখ্যাত সমাজবাদী আৰু কমিউনিষ্টসকলৰ বিষয়ে‍ প্ৰবন্ধ প্ৰকাশ কৰা হৈছিল। প্ৰথম সংখ্যাত আলোচনীখন পাঁচ হাজাৰ কঁপি ছপা কৰা হৈছিল আৰু সকলোবোৰ কপি‍ বিক্ৰী হৈ গৈছিল।[3] কাজী নজৰুল ইছলামৰ অনুৰোধত ৰবীন্দ্ৰনাথ ঠাকুৰে আলোচনীখনৰ বাবে এটি প্ৰবন্ধ লিখিছিল।[4]

১৯২৬ চনৰ ২১ জানুৱাৰি‍ত সুভাষ চন্দ্ৰ বসুৰ জন্ম বাৰ্ষিকী উপলক্ষ্য্যে লাঙলৰ এটি‍ বিশেষ সংখ্যা প্ৰকাশ হৈছিল। সেই সংখ্যাত তেওঁৰ জীৱনী আৰু কিছুসংখ্যক অপ্ৰকাশিত চিঠি প্ৰকাশ হৈছিল। আলোচনীখনৰ লেখকসকলৰ ভিতৰত অন্যতম আছিল মুজাফ্ফৰ আহমেদ আৰু সৌম্য‍েন্দ্ৰনাথ ঠাকুৰ। সৌম্য‍েন্দ্ৰনাথে হিন্দু-মুছলমান ঐক্য বিষয়ত এখন ৰচনা লিখিছিল। আলোচনীখনৰ অন্তিম সংখ্যাটো ১৯২৬ চনৰ ১৫ এপ্ৰিলত প্ৰকাশ পাইছিল।[3]

২০০১ চনৰ মে’ মাহত নজৰুল ইনষ্টিটিউটৰপৰা নজৰুলেৰ লাঙল শিৰোনামেৰে এখন গ্ৰন্থ প্ৰকাশ পায়। কাজী নজৰুল ইছলামৰ জন্ম শতবাৰ্ষিকীত এইখন প্ৰকাশ হৈছিল। গ্ৰন্থখনৰ লেখক আছিল মহম্মদ নুৰুল হুদা।[5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "সাপ্তাহিক লাঙল : নজৰুলেৰ ৰাজনৈতিক চেতনাৰ ধাৰক ও বাহক". ২৫ ডিসেম্বৰ ২০২০. https://dainikazadi.net/%E0%A6%B8%E0%A6%BE%E0%A6%AA%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%95-%E0%A6%B2%E0%A6%BE%E0%A6%99%E0%A6%B2-%E0%A6%A8%E0%A6%9C%E0%A6%B0%E0%A7%81%E0%A6%B2%E0%A7%87%E0%A6%B0-%E0%A6%B0-2/. 
  2. "এবং নজৰুলেৰ লাঙল" (bn ভাষাত). ৩ জানুয়াৰি ২০২৩. https://bangla.bdnews24.com/arts/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%AC%E0%A6%A8%E0%A7%8D%E0%A6%A7/14306. 
  3. 3.0 3.1 Qayyum, Mohammad Abdul. "Langal". Banglapedia. http://en.banglapedia.org/index.php?title=Langal। আহৰণ কৰা হৈছে: 25 July 2020. 
  4. দাশ, শিশিৰ কুমাৰ (2005) (en ভাষাত). History of Indian Literature: 1911-1956, struggle for freedom : triumph and tragedy. সাহিত্য আকাডেমি. ISBN 978-81-7201-798-9. https://books.google.com/books?id=sqBjpV9OzcsC&q=Langal+magazine&pg=PA81. 
  5. নজৰুলেৰ লাঙল, মুহম্মদ নূৰুল হুদা সম্পাদিত, নজৰুল ইনষ্টিটিউট, ঢাকা, ২০০১