লাডাখৰ সংস্কৃতি

লাডাখৰ সংস্কৃতিয়ে ভাৰতত লাডাখী লোকসকলে পালন কৰা পৰম্পৰাগত ৰীতি-নীতি, বিশ্বাস পদ্ধতি, ৰাজনৈতিক ব্যৱস্থাক বুজায়। লাডাখ অঞ্চলৰ ভাষা, ধৰ্ম, নৃত্য, সংগীত, স্থাপত্য, খাদ্য, ৰীতি-নীতি চুবুৰীয়া তিব্বতৰ দৰেই। লাডাখী হৈছে লাডাখৰ পৰম্পৰাগত ভাষা। লাডাখৰ জনপ্ৰিয় নৃত্যসমূহৰ ভিতৰত আছে খাটক চেনমো, চাম আদি। লাডাখৰ মানুহে বছৰটোত কেইবাটাও উৎসৱ পালন কৰে, এই উৎসৱ সমূহৰ ভিতৰত আছে- মে হেমিছ চেচু আৰু লোছাৰ ৷
পটভূমি
[সম্পাদনা কৰক]
লাডাখ ভাৰতৰ উত্তৰতম অংশ ৷ লাডাখৰ পূবে তিব্বত, দক্ষিণে ভাৰতৰ হিমাচল প্ৰদেশ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ, আৰু পশ্চিমে গিলগীত-বাল্টিস্তানৰ সৈতে সীমা ভাগ কৰিছে। উত্তৰ দিশত কাৰাকোৰাম ৰেঞ্জৰ চিয়াচেন হিমবাহৰ পৰা দক্ষিণে গ্ৰেট হিমালয়লৈকে বিস্তৃত। [1] পূৰ্বতে ই ভাৰতীয় জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ অংশ আছিল যদিও জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন আইন (২০১৯) ৰ পিছত ইয়াক জম্মু আৰু কাশ্মীৰৰ পৰা পৃথক কৰি কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰিত কৰা হয়। [2] [3] লাডাখৰ কিছু অংশ ভাৰত, পাকিস্তান আৰু চীনৰ মাজত বিবাদৰ বিষয় হৈ আহিছে।
লাডাখত হিমালয় আৰু কাৰাকোৰাম পৰ্বতমালা আৰু ওপৰৰ সিন্ধু নদী উপত্যকাৰ কিছু অংশ সন্নিবিষ্ট কৰা হৈছে। ই ভাৰতৰ একমাত্ৰ শীতল মৰুভূমি। [4] ইয়াৰ ভূ-প্ৰকৃতি বন্যাৰ্ত আৰু জনসংখ্যা কম । [4] লাডাখৰ মহিলাসকলে দেশৰ বাকী অংশ বিশেষকৈ গ্ৰাম্য অঞ্চলৰ তুলনাত উচ্চ মৰ্যাদা লাভ কৰে। [5] লাডাখৰ ভাষা, ধৰ্ম, নৃত্য, সংগীত, স্থাপত্য, খাদ্য আৰু ৰীতি-নীতি চুবুৰীয়া দেশ তিব্বতৰ দৰেই। [6]
ভাষা
[সম্পাদনা কৰক]
লাডাখী ভাষা লাডাখত প্ৰচলিত তিব্বতী ভাষা, যাক ভোটি বা বোধি বুলিও কোৱা হয়। ২০১১ চনৰ লোকপিয়ল অনুসৰি প্ৰায় ১১০,৮২৬ জন লোকে লাডাখী ভাষা কয়। [7] লাডাখী ভাষালৈ বিশেষভাৱে চিল্ক ৰোড ব্যৱসায়ৰ পৰাই বিভিন্ন শব্দৰ প্ৰব্ৰজন ঘটিছে। [8] সাধাৰণতে ইয়াক তিব্বতী লিপি ব্যৱহাৰ কৰি লিখা হয় আৰু লাডাখীৰ উচ্চাৰণ লিখিত ধ্ৰুপদী তিব্বতী ভাষাৰ বহু ওচৰৰ বুলি কোৱা হয়।
সংগীত
[সম্পাদনা কৰক]লাডাখৰ পৰম্পৰাগত সংগীতত লিন্যু (বাঁহী), ডামন্যান (তাঁৰযুক্ত বাদ্যযন্ত্ৰ) পিভাং, খাকং, (চিতাৰ) ডাফ (ডাফ্লি) দমন, সুৰনা, আৰু পিৱাং ( শ্বেহনাই আৰু ঢোল) আদি বাদ্যযন্ত্ৰ অন্তৰ্ভুক্ত। সংস্কৃত আৰু তিব্বতী ভাষাত জপ কৰা মন্ত্ৰই লাডাখী সংগীতত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। [9] [10] লোকসংগীত লাডাখৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। এই সংগীত প্ৰায়ে চাৰিওফালৰ কায়িক অৱয়বগত বৈশিষ্ট্যৰ পৰা অনুপ্ৰাণিত হয়। [11] মৰুপ নামগ্যাল হৈছে এই লাডাখী সংগীতৰ এগৰাকী সংৰক্ষণবিদ আৰু লাডাখৰ একমাত্ৰ ৰেডিঅ' ষ্টেচন (অল ইণ্ডিয়া ৰেডিঅ', লেহ)ত কাম কৰি ৩০ বছৰীয়া কৰ্মজীৱনত তেওঁ লাডাখী লোকগীতৰ এক বিশাল আৰ্কাইভ ৰেকৰ্ডিং কৰিছিল। [12]
নৃত্য
[সম্পাদনা কৰক]
লাডাখৰ জনপ্ৰিয় নৃত্যসমূহৰ ভিতৰত খাটোক চেনমো অন্যতম আৰু ইয়াৰ নেতৃত্বত থাকে পৰিয়ালৰ এজন সন্মানীয় সদস্য শ্বণ্ডোল, [13] আন কিছুমান নৃত্যৰ ভিতৰত আছে কম্পা চুম-ট্ছাক জাব্ৰো চামছ : চাবছ-স্কিয়ান চেছ ৰালডি চেছ আৰু এলে ইয়াটো । [14] তিব্বতী সংগীতৰ বিভিন্ন ৰূপৰ দৰে লাডাখী মঠ উৎসৱৰ সংগীতত প্ৰায়ে ধৰ্মৰ অবিচ্ছেদ্য অংগ হিচাপে জপ কৰাটো জড়িত হৈ থাকে। পৰম্পৰাগতভাৱে আদিম কালত ৩৬০টা নৃত্যৰ ভিন্নতা আছিল যদিও বৰ্তমান মাত্ৰ কেইটামানহে সংৰক্ষিত হৈ আছে। এই গীতবোৰ জটিল, প্ৰায়ে পবিত্ৰ গ্ৰন্থ আৰু মেনুস্ক্ৰিপ্ট বা বিভিন্ন উৎসৱ উদযাপনৰ মাজেৰে সংৰক্ষিত হৈ আহিছে। কিছুমান নৃত্যই দেৱতা আৰু দানৱৰ মাজত হোৱা যুদ্ধৰ কাহিনী বৰ্ণনা কৰে, আৰি দেৱতাৰ বিজয় গাঁথাৰে ইয়াৰ অন্ত পৰে। [15]
ৰান্ধনীশাল
[সম্পাদনা কৰক]লাডাখী খাদ্য, তিব্বতী খাদ্য হিচাপেহে বেছি সমাদৃত। ইয়াৰ ভিতৰত থুকপা , এক প্ৰকাৰৰ নুডল চূপ আৰু tsampa, লাডাখীত ngampe দুবিধ বিশেষ বৈশিষ্ট্যৰ খাদ্য। লাডাখী খাদ্যৰ ভিতৰত স্কিউ আৰু চুটাগি, ডাঠ আৰু চুপপ্ৰধান পাস্তা জাতীয় খাদ্য, স্কিউ মাটিৰ তলত হোৱা শাক-পাচলি আৰু মাংসৰে তৈয়াৰ কৰা হয়, আৰু পাত জাতীয় সেউজীয়া শাক-পাচলিৰ সৈতে চুটাগি তৈয়াৰ কৰা হয় । [16] লাডাখত লাডাখৰ পৰ্যটন আৰু আধুনিকীকৰণৰ প্ৰভাৱৰ বাবে ভাৰতৰ ভৈয়াম অঞ্চলৰ খাদ্যসমূহ অধিক সাধাৰণ হৈ পৰিছে। [17]
উৎসৱ আৰু অনুষ্ঠান
[সম্পাদনা কৰক]লাডাখত বছৰটোৰ ভিতৰতে কেইবাটাও উৎসৱ অনুষ্ঠিত হয়, য'ত আছে হেমিছ চেচু, লোছাৰ আদি। [18] [19] মানুহে পৰিবেশন কৰা মুখা নৃত্য, উটৰ দৌৰ, নদীৰ পানীত কৰা ৰাফটিং আৰু ধনুখেল আদি, আঞ্চলিক সংগীত আৰু নৃত্য প্ৰদৰ্শন, থাংকা প্ৰদৰ্শনী আদিও অন্তৰ্ভুক্ত। তেওঁলোকে বহু সময় শিলৰ গহনা, উলৰ কাপোৰ, মঠৰ দেৱালত মিউৰেল চিত্ৰ নিৰ্মাণতো ব্যয় কৰে। [20] পূব লাডাখৰ পৰম্পৰাগত জীৱনৰ এক অপৰিহাৰ্য অংগ হিচাপে বয়ন শিল্পৰ প্ৰচলন দেখা যায়। [21] লাডাখৰ কিছুমান উৎসৱ হ'ল-
- হেমিছ উৎসৱ - হেমিছ মঠৰ নামেৰে বাৰ্ষিক উৎসৱ । [22]
- লোছাৰ - লোছাৰ, যাক তিব্বতী নৱবৰ্ষ বুলিও কোৱা হয়, তিব্বতী বৌদ্ধ ধৰ্মৰ এক উৎসৱ। [23]
- Phyang Tsedup উৎসৱ - এই উৎসৱ তিব্বতী চন্দ্ৰ পঞ্জিকাৰ প্ৰতি পঞ্চম মাহত পালন কৰা হয়। [24]
- সিন্ধু দৰ্শন উৎসৱ - সিন্ধু নদীৰ পাৰত প্ৰতিবাৰৰ গুৰু পূৰ্ণিমাত অনুষ্ঠিত হয়। [25]
- দোচমোচে - প্ৰতি বছৰে তিব্বতী পঞ্জিকাৰ ১২ মাহৰ মূৰে মূৰে ইয়াক পালন কৰা হয়। [26]
- সকা দাৱা উৎসৱ। [27]
- টাক - টক উৎসৱ - লাডাখৰ অন্যতম প্ৰধান উৎসৱ। টাক- টকৰ গুহা গোম্পাত ইয়াক উদযাপন কৰা হয়। [28]
- মাথো নাৰং মহোৎসৱ। [29] [ অবিশ্বাস্য উৎস? ]
সাংস্কৃতিক কেন্দ্ৰ
[সম্পাদনা কৰক]
ইয়াৰ বৌদ্ধ মঠবোৰ প্ৰায়ে গাঁৱৰ আশে-পাশে থকা একো একোটা বিচ্ছিন্ন পাহাৰত অৱস্থিত। এই মঠসমূহ ধৰ্মীয় বৌদ্ধ লোকসকলৰ বিশ্বাসৰ কেন্দ্ৰবিন্দু। [30] লাডাখৰ কিছুমান মঠ আৰু সাংস্কৃতিক কেন্দ্ৰ হ'ল-
- থিক্সে মঠ
- লামায়ুৰু মঠ
- হেমিছ মঠ
- ষ্টক মঠ
- লেহ পেলেচ
- শ্বে মঠ
- ডিস্কিট মঠ
লেহ আৰু শ্বে মঠ দুয়োটাতে বুদ্ধক খোদিত কৰা হৈছে, ইয়াৰে বেছিভাগেই মৈত্ৰেয়ৰ । [31]
তথ্যসূত্ৰসমূহ
[সম্পাদনা কৰক]- ↑ "Ladakh". Encyclopedia Britannica (in ইংৰাজী).
- ↑ "Jammu & Kashmir and Ladakh become separate Union Territories from today: 10 points" (en ভাষাত). Hindustan Times. 2019-10-31. https://www.hindustantimes.com/india-news/jammu-kashmir-and-ladakh-become-separate-union-territories-from-thursday-10-points/story-fsYC3R1HFXFZxzlwomycrJ.html। আহৰণ কৰা হৈছে: 2021-05-18.
- ↑ , 2003, pp. 1191–, ISBN 978-0-415-93922-5, https://books.google.com/books?id=fSIMXHMdfkkC&pg=PA1191 Quote: "Jammu and Kashmir: Territory in northwestern India, subject to a dispute between India and Pakistan. It has borders with Pakistan and China."
- 1 2 "Cold Desert Cultural Landscape of India" (en ভাষাত). UNESCO World Heritage Centre. https://whc.unesco.org/en/tentativelists/6055/#:~:text=The%20Cold%20Desert%20Cultural%20Landscape,or%20H.P.)%20in%20the%20south.। আহৰণ কৰা হৈছে: 2021-05-18.
- ↑ "Women empowerment in Ladakh". Reachladakh. https://www.reachladakh.com/news/opinion/expert-talk/women-empowerment-in-ladakh। আহৰণ কৰা হৈছে: 2021-05-18.
- ↑ Jolden, Tsering; Tundup, Rinchen (2018). "Cultural Relationship between the People of Ladakh and Tibet". The Tibet Journal খণ্ড 43 (2): 65–71. ISSN 0970-5368. https://www.jstor.org/stable/26634918.
- ↑ "Census of India Website : Office of the Registrar General & Census Commissioner, India". www.censusindia.gov.in. https://www.censusindia.gov.in/2011Census/Language_MTs.html। আহৰণ কৰা হৈছে: 2021-05-18.
- ↑ "Ladakhi Language & Phrasebook". Archived from the original on 2020-05-07. https://web.archive.org/web/20200507193520/https://www.leh-ladakh-taxi-booking.com/practical-info/ladakhi-language-and-phrasebook। আহৰণ কৰা হৈছে: May 18, 2021.
- ↑ Kaul, H. N. (1998) (en ভাষাত). Rediscovery of Ladakh. Indus Publishing. পৃষ্ঠা. 159. ISBN 978-81-7387-086-6. https://books.google.com/books?id=mg8My6WaWRcC&pg=PA159.
- ↑ "Masks: Reflections of Culture and Religion". Dolls of India. Archived from the original on 10 July 2011. https://web.archive.org/web/20110710143621/http://www.dollsofindia.com/library/article0010/2/। আহৰণ কৰা হৈছে: 2006-08-21.
- ↑ "The dying art of folk music in Ladakh". Reachladakh. https://www.reachladakh.com/news/editors-note/the-dying-art-of-folk-music-in-ladakh। আহৰণ কৰা হৈছে: 2021-05-18.
- ↑ "Where The Mountains Meet The Sky: Folk Music of Ladakh" (en ভাষাত). SublimeFrequencies. https://www.sublimefrequencies.com/products/583685-where-the-mountains-meet-the-sky-folk-music-of-ladakh। আহৰণ কৰা হৈছে: 2021-05-18.
- ↑ "Ladakhi Shondol dance makes it to Guinness book of records". The Tribune. 2019-09-22. https://www.tribuneindia.com/news/archive/j-k/ladakhi-shondol-dance-makes-it-to-guinness-book-of-records-836232। আহৰণ কৰা হৈছে: 2020-09-07.
- ↑ "Of Shon, Alley Yaato and Kud". 2016-08-09. https://www.asianage.com/dance/shon-alley-yaato-and-kud-987.
- ↑ "Masks: Reflections of Culture and Religion". Dolls of India. 12 January 2003. Archived from the original on 10 July 2011. https://web.archive.org/web/20110710143621/http://www.dollsofindia.com/library/article0010/2/। আহৰণ কৰা হৈছে: 21 August 2006.
- ↑ Motup, Sonam. "Food & Cuisine: 10 Best Dishes to Eat in Leh-Ladakh 🥄🥣". Archived from the original on 2020-05-07. https://web.archive.org/web/20200507193523/https://www.leh-ladakh-taxi-booking.com/practical-info/food-and-cuisine-10-best-dishes-to-eat-in-ladakh.
- ↑ Namgail, T.; Jensen, A.; Padmanabhan, S.; Desor, S.; Dolma, R. (2019). Dhontang: Food in Ladakh. Central Institute of Buddhist Studies, Local Futures. পৃষ্ঠা. 1–44. ISBN 978-93-83802-15-9.
- ↑ "Festivals District Leh, Union Territory of Ladakh India" (en-US ভাষাত). https://leh.nic.in/tourism/festivals/। আহৰণ কৰা হৈছে: June 16, 2021.
- ↑ neeru (2017-10-12). "D'source Design Gallery on Leh Ladakh Music Instruments" (en ভাষাত). D'Source. http://www.dsource.idc.iitb.ac.in/gallery/leh-ladakh-music-instruments। আহৰণ কৰা হৈছে: 2021-05-18.[সংযোগবিহীন উৎস]
- ↑ "Ladakh Culture | Arts, Culture & Life Style of Ladakhi People". tour-my-india. https://www.tourmyindia.com/states/ladakh/arts-and-culture.html। আহৰণ কৰা হৈছে: 2021-05-18.
- ↑ "Living Fabric: Weaving Among the Nomads of Ladakh Himalaya". Archived from the original on 29 June 2011. https://web.archive.org/web/20110629123453/http://www.powells.com/cgi-bin/biblio?inkey=62-0834805219-0। আহৰণ কৰা হৈছে: 21 August 2006.
- ↑ Deb, Soma; Sinha, B. (2001) (en ভাষাত). Encyclopaedia of Fairs & Festivals in India: With Select Rituals, Vows, Holy Cities, Temples and Pilgrim Centers. Raj Publications. পৃষ্ঠা. 88. ISBN 978-81-86208-14-4. https://books.google.com/books?id=XSATAQAAIAAJ.
- ↑ "Ladakh Buddhist Association celebrates 'Losar' festival in Leh" (en ভাষাত). http://businessworld.in/article/Ladakh-Buddhist-Association-celebrates-Losar-festival-in-Leh-/16-12-2020-354190.
- ↑ "Phyang Monastic festival Tsesdup concludes" (en-GB ভাষাত). https://news.statetimes.in/phyang-monastic-festival-tsesdup-concludes/.
- ↑ "Corona effect: Only Sindhis allowed for Sindhu Darshan Fest" (en ভাষাত). https://www.freepressjournal.in/indore/corona-effect-only-sindhis-allowed-for-sindhu-darshan-fest.
- ↑ "Leh, Likir Dosmoche begins" (en-GB ভাষাত). https://news.statetimes.in/leh-likir-dosmoche-begins/.
- ↑ (en ভাষাত) Trekking in the Indian Himalaya. Lonely Planet Publications. 2002. পৃষ্ঠা. 264. ISBN 978-1-74059-085-3. https://books.google.com/books?id=ODA7AQAAIAAJ.
- ↑ "Tak - Tok Festival in Leh" (en ভাষাত). https://www.india.com/travel/leh/things-to-do/events-tak-tok-festival-in-leh/.
- ↑ "The quirky India travel plan: Where should you go next?" (en ভাষাত). https://www.freepressjournal.in/india/the-quirky-india-travel-plan-where-should-you-go-next.
- ↑ "Culture & Heritage | District Leh, Union Territory of Ladakh | India" (en-US ভাষাত). https://leh.nic.in/tourism/culture-heritage/। আহৰণ কৰা হৈছে: 2021-05-18.
- ↑ Cultural Heritage of Ladakh Himalaya, Prem Singh Jina, Kalpaz Publication, আই.এচ.বি.এন. 9788178357454, pp 67–73