সমললৈ যাওক

লাথা ৰাজু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লাথা ৰাজু
জন্ম ২৫ জুন, ১৯৫১ (৭৪ বছৰ)
ত্ৰিসুৰ, কেৰেলা, ভাৰত
সংগীতৰ ধৰণ নেপথ্য কণ্ঠশিল্পী, অভিনেত্ৰী, কণ্ঠ অনুবাদ
পেচা গায়িকা
বাদ্যযন্ত্ৰ কণ্ঠ
সক্ৰিয়তাৰ বছৰ ১৯৬২–১৯৯৯

লাথা ৰাজু (ইংৰাজী: Latha Raju; জন্ম: ২৫ জুন ১৯৫১) ১৯৭০ চনৰ আত্মপ্ৰকাশ কৰা মালয়ালম চিনেমাৰ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ গায়িকা আৰু অভিনেত্ৰী। তেওঁৰ কিছুমান জনপ্ৰিয় মালয়ালম গীত হ'ল সেতুবন্ধনম ছবিৰ "পিঞ্চু হৃদয়ম দেৱালম" আৰু "মঞ্জক্কিলী স্বৰ্ণকিলী ময়িলপ্পীলিক্কাআট্টিলে বৰ্ণাক্কিলী", "ইভিদুথে চেচিকিন্নালে" আৰু "আলুভাপ্পুঝাক্কাৰেয়োৰু পন্নম্বালম" আদি। তামিল, কানাড়া আৰু তুলু ভাষাতো তেওঁ গীত পৰিবেশন কৰিছে। তেওঁ মালয়ালমৰ কিছুমান ঐতিহাসিক ছবিত সুহাচিনী, শোভানা, প্ৰয়াত শোভা আৰু আন বহুতো আগশাৰীৰ অভিনেত্ৰীৰ বাবে কণ্ঠ অনুবাদ কৰিছে।[1] আজীৱন সাফল্যৰ বাবে ২০০৩ চনত তেওঁ কেৰেলা চলচ্চিত্ৰ সমালোচক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। কেৰেলা সংগীত নাটক একাডেমীয়ে ২০০৯ চনত মালয়ালম লঘু সংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক কেৰেলা সংগীত নাটক অকাডেমী বঁটা প্ৰদান কৰে।[2] ২০১৯ চনত কেৰালা চৰকাৰে মালয়ালম চলচ্চিত্ৰ আৰু সংগীতৰ প্ৰতি তেওঁৰ অসাধাৰণ অৱদানৰ বাবে তেওঁক সন্মান জনায়।

৩৪ বছৰ ধৰি অল ইণ্ডিয়া ৰেডিঅ' / দূৰদৰ্শনৰ বিভিন্ন পদত তেওঁ কাম কৰিছিল। বহু বছৰ ধৰি চেন্নাই আৰু ত্ৰিবান্দ্ৰম ষ্টেচনৰ ষ্টেচন পৰিচালক আছিল আৰু বিপণন সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৫১ চনৰ ২৫ জুনত জন্মগ্ৰহণ কৰা লাথা ৰাজু গায়িকা শান্তা পি. নায়াৰ আৰু কে. পদ্মনাভন নায়াৰৰ একমাত্ৰ সন্তান৷ তেওঁৰ পিতৃ এগৰাকী লেখক, চলচ্চিত্ৰ পৰিচালক, ৰেডিঅ' নাট্যকাৰ আৰু অল ইণ্ডিয়া ৰেডিঅ' ষ্টেচনৰ পৰিচালক আছিল। তেওঁৰ প্ৰথম গীত আছিল ১৯৬২ চনৰ মালয়ালম ছবি স্নেহাদীপম। শিক্ষাৰ ক্ষেত্ৰত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ২০১১ চনত চেন্নাইৰ দূৰদৰ্শন, আকাশবাণীৰ বিপণন সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰি ২০১৬ চনলৈকে একেটা পদতে পৰামৰ্শদাতা হিচাপে কাম কৰি থাকে। তেওঁৰ স্বামী জে. এম, ৰাজুও এজন নেপথ্য কণ্ঠশিল্পী৷ তেওঁলোকৰ দুটা সন্তান আলাপ ৰাজু আৰু অনুপমা।[3] তেওঁৰ পুত্ৰ আলাপ ৰাজুও এজন সংগীতজ্ঞ আৰু নেপথ্য গায়ক।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]