লাম্প্ৰাইচ
পৰিবেশন কৰা এমুঠি লাম্প্ৰাইচ | |
| প্ৰকাৰ | মুখ্য আহাৰ |
|---|---|
| প্ৰকাৰ | মুখ্য আহাৰ |
| উৎপত্তিৰ স্থান | শ্ৰীলংকা |
| মুখ্য উপাদান | মিশ্ৰিত মাংসৰ তৰকাৰী, ঘিঁউ ভাত, কেঁচাকল, ফ্ৰিকাডেলা মিটবল, বেলাচান, চিনী চাম্বল, বেঙেনা পাহি |
লাম্প্ৰাইচ (Lamprais), যাক "লামপ্ৰাইচ" বা "লাম্প্ৰাইজ" বুলিও লিখা হয়, হৈছে শ্ৰীলংকাৰ এবিধ বিশেষ ব্যঞ্জন যিটো দেশখনৰ ওলন্দাজ বা ডাটচ বাৰ্ঘাৰসকলে পৰিচয় কৰাই দিছিল।[1][2] লাম্প্ৰাইচ শব্দটো ওলন্দাজ শব্দ lomprijst-ৰ পৰা অহা ইংৰাজী অপভ্ৰংশ,[3] যাৰ অৰ্থ হৈছে এক টোপোলা বা এমুঠি ভাত। বিশ্বাস কৰা হয় যে এই খাদ্যবিধৰ শিপা ইণ্ডোনেছিয়াৰ ব্যঞ্জন লেম্পাৰৰ সৈতে জড়িত।[4]
ইতিহাস
[সম্পাদনা কৰক]১৬৫৮ চনৰ পৰা ১৭৯৬ চনলৈকে শ্ৰীলংকাৰ উপকূলীয় অঞ্চল ওলন্দাজ শাসনৰ অধীনত আছিল। ডাটচ বাৰ্ঘাৰসকলে (ওলন্দাজ, পৰ্তুগীজ আৰু শ্ৰীলংকান বংশোদ্ভৱ এক মিশ্ৰিত জনগোষ্ঠী) এই খাদ্যবিধৰ উদ্ভাৱন কৰিছিল। এই ব্যঞ্জনবিধ নেদাৰলেণ্ডৰ থলুৱা খাদ্য নহয়, বৰঞ্চ ই জাভানিজ আহাৰ লেম্পাৰৰ ওপৰত আধাৰিত। লেম্পাৰ হৈছে কলপাতত মেৰিওৱা সোৱাদযুক্ত মাংস আৰু আঠাজাতীয় চাউলৰ এবিধ লঘু আহাৰ। ওলন্দাজসকলে সম্ভৱতঃ ১৬ শতিকাৰ আৰম্ভণিতে ওলন্দাজ ইষ্ট ইণ্ডিজৰ পৰা এই খাদ্যবিধ অভিযোজন কৰিছিল।[5]
লাম্প্ৰাইচৰ বিষয়ে প্ৰথম সাহিত্যিক উল্লেখ পোৱা যায় ১৯২৯ চনত প্ৰকাশিত হিল্ডা ডিউট্ৰোমৰ চিলন ডেইলী নিউজ কুকাৰী বুক নামৰ কিতাপখনত।[6]
গঠন
[সম্পাদনা কৰক]
ইয়াত দুবিধ বিশেষ তৰকাৰী (এবিধ তিনিবিধ মাংসৰ মিশ্ৰিত তৰকাৰী য’ত প্ৰায়ে গৰু, গাহৰি আৰু কুকুৰা চৰাইৰ মাংস থাকে আৰু আনবিধ বেঙেনাৰ সৈতে কেঁচাকল), 'চিনী চাম্বল', মিছা মাছৰ পেষ্ট বা বেলাচান, 'ফ্ৰিকাডেলা' মিটবল আৰু মাংসৰ ষ্টকত সিজোৱা ভাত থাকে। এই গোটেইখিনি কলপাতত মেৰিয়াই অভেনত বেক কৰা হয়।[7] কেঁচা চুটি দানাৰ চাউলখিনি মাখন বা ঘিঁউত পিয়াঁজ আৰু মচলাৰ সৈতে ভাজি তাৰ পিছত মাংসৰ ষ্টকত সিজাই ভাতখিনি প্ৰস্তুত কৰা হয়। এটা কঠিনকৈ সিজোৱা কণী তেলত গভীৰভাৱে ভাজি যোগ কৰাটো এক জনপ্ৰিয় কিন্তু অপৰম্পৰাগত সংযোজন।[8]
পৰম্পৰাগত ৰেচিপিত সদায় তিনিবিধ মাংস থাকে; অৱশ্যে আধুনিক সংস্কৰণত কেৱল এবিধ মাংস যেনে মাছ বা কুকুৰা চৰাইৰ মাংস থাকিব পাৰে অথবা ই নিৰামিষো হ’ব পাৰে।[9]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Müller, J. B. (2006). The Burghers. Wimal Enterprises. পৃষ্ঠা. 275. ISBN 9789551535001.
- ↑ Pinto, Leonard (2015). Being a Christian in Sri Lanka: Historical, Political, Social, and Religious Considerations. Balboa Press. পৃষ্ঠা. 57. ISBN 9781452528625.
- ↑ Gottberg, John; Anthonis, Ravindralal; Keuneman, Herbert; Hoefer, Hans (1983). Sri Lanka. Apa Productions. পৃষ্ঠা. 300. ISBN 9789971925222.
- ↑ Boyle, Richard (July 2016). "Lamprais: A Curious Culinary Creation". Serendib. SriLankan Airlines. Archived from the original on 29 November 2022. https://web.archive.org/web/20221129072939/http://serendib.btoptions.lk/article.php?id=1838। আহৰণ কৰা হৈছে: 19 April 2021.
- ↑ "The Lamprais Legacy". Sunday Observer (Sri Lanka). 7 January 2018. http://archives1.sundayobserver.lk/2018/01/07/artistry/lamprais-legacy.
- ↑ Philip, Deborah (19 June 2016). "Cooking up a Nation". The Sunday Times (Sri Lanka). https://www.sundaytimes.lk/160619/plus/cooking-up-a-nation-197623.html.
- ↑ Tegal, Megara (13 September 2009). "That Burgher delicacy wrapped up in banana leaf". Sunday Times (Sri Lanka). http://www.sundaytimes.lk/090913/Plus/plus_22.html.
- ↑ Balachander, Vidya (25 October 2017). "History baked in a banana leaf". Explore Parts Unknown. https://explorepartsunknown.com/sri-lanka/history-baked-in-a-banana-leaf/। আহৰণ কৰা হৈছে: 20 February 2025.
- ↑ Nasry, Laila (8 February 2001). "Getting 'veggie' friendly". The Sunday Times (Sri Lanka). https://www.sundaytimes.lk/010408/plus5.html.