লায়াল আবুদ
| লায়াল আবুদ | |
|---|---|
২০১৫ চনৰ জুলাই মাহত টাবাৰজাত আবুদ | |
| স্থানীয় নাম | ليال منير عبود |
| জন্ম | ১৫ মে', ১৯৮২ (৪৪ বছৰ) আল-কনাইছা, টায়াৰ জিলা, লেবানন |
| শিক্ষা |
|
| শিক্ষানুষ্ঠান |
|
| পেচা |
|
| জনা যায় |
|
| পদবী | "আৰব গায়িকাসকলৰ সৌন্দৰ্য" (جميلة المطربات العرب) ২০১৬ বৰ্ষৰ মিছ আৰব ৱৰ্ল্ডত |
| দাম্পত্যসঙ্গী | ? (বি. ১৯৯৮; বিবি. ২০০৯) |
| সন্তান | ১ |
| বঁটা, সন্মান, পুৰস্কাৰ আদি |
|
| 'সঙ্গীত যাত্ৰা' | |
| সংগীতৰ ধৰণ |
|
| সক্ৰিয়তাৰ বছৰ | ২০০৭–বৰ্তমান |
| লেবেল | আয়া প্ৰডাকচন (২০০৭–২০১০) লায়াল প্ৰডাকচন (২০১০–বৰ্তমান) লোলাছ ৱৰ্ল্ড (২০১৭–বৰ্তমান) |
লায়াল মুনিৰ আবুদ (ইংৰাজী: Layal Abboud; জন্ম ১৫ মে' ১৯৮২) এগৰাকী লেবানিজ পপ গায়িকা, লোকসংগীত শিল্পী, শব্দ-গীতিকবি, নৃত্যশিল্পী, ফিট মডেল আৰু মুছলমান মানৱতাবাদী।[1][2][3]
লেবাননৰ দক্ষিণ প্ৰদেশৰ টায়াৰ জিলাৰ কনিছাহ নামৰ গাঁৱৰ এটা সংগীত পৰিয়ালত জন্মগ্ৰহণ কৰা আবুদ এগৰাকী প্ৰাক্তন আভ্যন্তৰীণ নিৰাপত্তা বাহিনীৰ আৰক্ষী বিষয়া আছিল। তেওঁ লেবানিজ বিশ্ববিদ্যালয়ত ইংৰাজী সাহিত্য, বেইৰুত আৰব বিশ্ববিদ্যালয়ত অনুবাদ আৰু আমেৰিকান ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন’লজীত সংগীতৰ অভিব্যক্তিৰ বিষয়ে অধ্যয়ন কৰিছিল। তেওঁ ২০০১ চনৰ পৰা ২০০২ চনলৈ এগৰাকী দক্ষিণ লেবানিজ প্ৰতিযোগী হিচাপে ষ্টুডিঅ' এল-ফান শৃংখলাৰ জৰিয়তে পোনপ্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰিছিল। ২০০৭ চনৰ শেষৰ ফালে মুক্তি পোৱা তেওঁৰ প্ৰথম এলবাম ফি শ্বৌক্-ৰ জৰিয়তে আবুদৰ সংগীত কেৰিয়াৰ বিকশিত হয়।[4] বিভিন্ন আৰবী উপভাষাত গীত গোৱা আবুদ লেবানিজ লোকসংগীতৰ উপস্থাপন আৰু গ্ৰীষ্মকালীন সংগীতানুষ্ঠান তথা ভ্ৰমণৰ বাবে বিখ্যাত।[5] তেওঁ লেবাননৰ পেছাদাৰী শিল্পী সন্থাৰ এগৰাকী গায়িকা সদস্য।[6]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]লায়াল আবুদৰ জন্ম লেবাননৰ টায়াৰ জিলাৰ দক্ষিণৰ গাঁও কনিছাহৰ এটা ডাঙৰ চিয়া মুছলমান পৰিয়ালত হৈছিল। আবুদৰ পিতৃ-মাতৃ মুনিৰ আৰু মৰিয়মৰ মুঠ তিনিজন পুত্ৰ আৰু ছয়গৰাকী কন্যা সন্তান আছিল। সৰুৰে পৰাই আবুদে গীত গাবলৈ আৰু নৃত্য কৰিবলৈ আৰম্ভ কৰিছিল আৰু তেওঁ মিচৰৰ পপ গায়ক আমৰ ডিয়াবৰ এগৰাকী অনুৰাগী আছিল।[1][7] তেওঁৰ দেউতাকে তেওঁক উৎসাহিত কৰিছিল আৰু ছয় বছৰ বয়সত তেওঁক এটা বেহেলা কিনি দিছিল।[8] ১৪ বছৰ বয়সৰ পৰাই তেওঁ ১৩ জনতকৈও অধিক ছাত্ৰ-ছাত্ৰীক ঘৰুৱা শিক্ষক হিচাপে পাঠদান কৰিছিল।[9][10][11]
আবুদে লেবানিজ বিশ্ববিদ্যালয়ত ইংৰাজী সাহিত্য আৰু বেইৰুত আৰব বিশ্ববিদ্যালয়ত অনুবাদ অধ্যয়ন কৰি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[12] ইয়াৰ পিছত তেওঁ লেবানিজ নেচনেল হায়াৰ কনজাৰভেটৰী অৱ মিউজিকত দুবছৰ ধৰি সংগীত অধ্যয়ন কৰে।
আবুদে লেবানিজ আৰক্ষী বাহিনীৰ এজন বিষয়া হিচাপে সেৱা আগবঢ়াইছিল আৰু বেইৰুত-ৰফিক হৰিৰি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰিদৰ্শন বিভাগত দুবছৰ ধৰি নিৰাপত্তাৰ কাম কৰিছিল।[13][14]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 "Layal Abboud". Insight Publishing House Limited, UK.insight-egypt.com. Archived from the original on 12 October 2018. https://web.archive.org/web/20181012053155/http://www.insight-egypt.com/celebrities/layal-abboud/july-16/214। আহৰণ কৰা হৈছে: 24 August 2017.
- ↑ "Layal Abboud: The unworthy recipient of a cultural award". The NOW teamnow.mmedia.me. Archived from the original on 23 August 2017. https://web.archive.org/web/20170823165112/https://now.mmedia.me/lb/en/blogs/566856-layal-abboud-the-unworthy-recipient-of-a-cultural-award। আহৰণ কৰা হৈছে: 23 August 2017.
- ↑ "ليال عبود – Layal Abboud". موقع السيرة الذاتية للمشاهير www.evobiography.com. 16 November 2016. https://www.evobiography.com/ar/layal-abboud/.
- ↑ "ليাল عبود layal abboud". Asrarokiasraroki.com/. Archived from the original on 28 March 2019. https://web.archive.org/web/20190328071429/http://asraroki.com/2016/04/%D9%84%D9%8A%D8%A7%D9%84-%D8%B9%D8%A8%D9%88%D8%AF/। আহৰণ কৰা হৈছে: 24 August 2017.
- ↑ "The official lebanese Top 20 – Layal Abboud". The official lebanese Top 20. Archived from the original on 3 December 2024. https://web.archive.org/web/20241203132236/http://www.theofficiallebanesetop20.com/Layal_Abboud#&panel1-3। আহৰণ কৰা হৈছে: 2 September 2017.
- ↑ "layale abboud". Syndicate of Professional Artists In Lebanon. Archived from the original on 9 October 2018. https://web.archive.org/web/20181009013446/http://alfananine.com/index/?p=1099&lang=en। আহৰণ কৰা হৈছে: 24 August 2017.
- ↑ "Al Kahera Wal Nas". You Tubeyoutube.com. 15 June 2017. https://www.youtube.com/watch?v=3LcMvesgyTM.
- ↑ "لا أرغب أن يخوض أطفالي تجربة الفن … ليال عبود لـ"الوطن": الأغنية الشعبية السورية متصدرة في سباق الأغاني العربية… ولأنها تستهويني لدي أغنية "مغنج"". alwatan.sy. 15 August 2017. http://alwatan.sy/archives/115221। আহৰণ কৰা হৈছে: 19 June 2018.
- ↑ "ليال عبود:وضع مسدساً في رأسي ولولا العناية الإلهية لما خرجتُ سالمة – ليالينا" (ar ভাষাত). ليالينا. https://www.layalina.com/ليال-عبودوضع-مسدساً-في-رأسي-ولولا-العناية-الإلهية-لما-خرجتُ-سالمة-0.html.
- ↑ "ليال عبود: كنت في الأمن الداخلي.. وطليقي حاول أن يردعني". El-Fannelfann.com. https://www.elfann.com/news/show/1182791/ليال-عبود:-كنت-الأمن-الداخلي..-وطليقي-حاول-يردعني। আহৰণ কৰা হৈছে: 25 August 2017.
- ↑ "ليال عبود: "نجرحت كتير لأنو قلبي طيب"..نيكولا داغر: "حلمي التلفزيون وكل شي بوقتو"" (ar-AR ভাষাত). Elfann News. July 23, 2014. https://www.elfann.comি-طيب..نيكولا-داغر:-.
- ↑ "ليال عبود :"شيفرة تمام بليق كانت شيفرة إما أفتحها على نفسي أو أغلقها"". El-Fannelfann.com. https://www.elfann.com/news/show/1122897/ليال-عبود-:شيفرة-تمام-بليق-كانت-شيفرة-إما-أفتحها-ع। আহৰণ কৰা হৈছে: 24 August 2017.
- ↑ ""سيدتي نت" تكشف سجلاّت ليال عبود في الشرطة اللبنانية". Sayidaty Magazinesayidaty.net. http://www.sayidaty.net/node/279736/فن-ومشاهير/أخبار-المشاهير/سيدتي-نت-تكشف-سجلاّত-ليال-عبود-في-الشرطة-اللبنانية। আহৰণ কৰা হৈছে: 24 August 2017.[সংযোগবিহীন উৎস]
- ↑ "BAYNETNA / 2012 Layal Abboud" (Arabic ভাষাত) (Interview). MTV Lebanonmtv.com.lb. June 30, 2012. Archived from the original on September 2, 2017. https://web.archive.org/web/20170902223632/http://mtv.com.lb/programs/baynetna/2012/videos/layal_abboud/। আহৰণ কৰা হৈছে: August 25, 2017.