লালেহ ওচমানী
লালেহ ওচমানী (ইংৰাজী: Laleh Osmany, জন্ম-১৯৯২) আফগানিস্তানৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী৷ তেওঁ আফগানিস্তানত মহিলাৰ নাম ৰাজহুৱাভাৱে ব্যৱহাৰ নকৰা পৰম্পৰাটোৰ বিৰোধিতা কৰি ছ’চিয়েল মিডিয়া অভিযান #WhereIsMyNameৰ আৰম্ভ কৰিছিল। তেওঁৰ কামৰ বাবে ২০২০ চনত বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত স্বীকৃতি লাভ কৰে।
জীৱনী
[সম্পাদনা কৰক]১৯৯২ চনত আফগানিস্তানত ওচমানীয়ে জন্মগ্ৰহণ কৰিছিল৷ পিছলৈ তেওঁ হেৰাট বিশ্ববিদ্যালয়ত ইছলামিক আইন অধ্যয়ন কৰে।[1] ২০১৭ চনত তেওঁ তাহমিনেহ ৰছিকৰ সৈতে #WhereIsMyName ছ'চিয়েল মিডিয়া অভিযানৰ তেওঁ সহ-প্ৰতিষ্ঠা কৰে।[2] আফগানিস্তানত পৰম্পৰাগতভাৱে মহিলাসকলৰ নাম ৰাজহুৱাভাৱে ব্যৱহাৰ কৰাৰ কোনো অধিকাৰ নাছিল, তাৰ প্ৰতিবাদত এই অভিযান আৰম্ভ কৰা হৈছিল।[3]এই প্ৰথাৰ অৰ্থ আছিল যে জন্ম বা মৃত্যুৰ প্ৰমাণ পত্ৰৰ দৰে চৰকাৰী নথি-পত্ৰত মহিলাৰ নাম নাথাকে, আনকি তেওঁৰ সমাধিশিলতো নাথাকে।[4][5]
আফগানিস্তানৰ মহিলা নেটৱৰ্কৰ অধ্যক্ষ মেৰী আক্ৰামীয়ে আইনখনৰ পৰিৱৰ্তনৰ খবৰটোক “মহিলাৰ পৰিচয় প্ৰতিষ্ঠা কৰাৰ দিশত এক ইতিবাচক পদক্ষেপ” বুলি অভিহিত কৰিছে।[1] আফগানিস্তানৰ এগৰাকী প্ৰাক্তন সাংসদ তথা মহিলা অধিকাৰ কৰ্মী ফাউজিয়া কুফীয়ে কয় যে এই পৰিৱৰ্তন “মহিলাৰ অধিকাৰৰ বিষয় নহয় – ই এক আইনী অধিকাৰ, এটা মানৱ অধিকাৰ”।[6] ওচমানীৰ কামৰ আন সমৰ্থকসকলৰ ভিতৰত আছে ফাৰহাদ দৰিয়া, গায়ক-গীতিকাৰ আৰিয়ানা ছাইদ আৰু সাংসদ মৰিয়াম ছামা।[6]
কিন্তু আইনৰ পৰিৱৰ্তনক কিছুমানে আদৰণি জনোৱা নাছিল, যিয়ে ইয়াক আফগান মূল্যবোধৰ প্ৰতি অসন্মানজনক বা আমেৰিকাক সন্তুষ্ট কৰিবলৈ লোৱা ব্যৱস্থা বুলি ভাবে।[1] ২০২০ চনত আফগান চৰকাৰৰ সৈতে ক্ষমতা বিভাজনৰ বিষয়ে আলোচনাত মিলিত হৈ তালিবানে পৰিচয় পত্ৰত মহিলাৰ নাম অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতা কৰে।[3] ওচমানীয়ে এই অভিযানত ভূমিকা লোৱাৰ বাবে হিংসাত্মক ভাবুকি লাভ কৰিছে।[1]
২০২০ চনত প্ৰকাশিত বিবিচিৰ ১০০ মহিলাৰ তালিকাত স্থান পোৱাৰ সময়ত আফগানিস্তানত মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত ওচমানীৰ অৱদান স্বীকাৰ কৰা হৈছিল।[7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 "In a rare victory for Afghan women, Kabul to include mothers’ name on IDs" (en ভাষাত). Arab News. 2020-09-07. https://arab.news/ruc5q। আহৰণ কৰা হৈছে: 2020-12-20.
- ↑ "Where Is My Name? Afghan Women Campaign To Reclaim Their Identities" (en ভাষাত). RadioFreeEurope/RadioLiberty. https://www.rferl.org/a/afghan-women-campaign-to-reclaim-their-identities/28618186.html। আহৰণ কৰা হৈছে: 2020-12-20.
- ↑ 3.0 3.1 Karimi, Orooj Hakimi, Storay (2020-09-27). "In the name of the mother: Afghan woman wins recognition, sparks Taliban opposition" (en ভাষাত). Reuters. https://www.reuters.com/article/us-afghanistan-women-mothers-idUSKCN26E0VV.
- ↑ "Laleh Osmany" (en-US ভাষাত). RUMI AWARDS. https://rumiawards.com/directory/laleh-osmany/। আহৰণ কৰা হৈছে: 2020-12-20.
- ↑ Mashal, Mujib (2017-07-30). "Their Identities Denied, Afghan Women Ask, ‘Where Is My Name?’ (Published 2017)" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2017/07/30/world/asia/afghanistan-womens-rights-whereismyname.html.
- ↑ 6.0 6.1 "WhereIsMyName: Afghan women campaign for the right to reveal their names" (en-GB ভাষাত). BBC News. 2020-07-24. https://www.bbc.com/news/world-asia-53436335.
- ↑ "BBC 100 Women 2020: Who is on the list this year?" (en-GB ভাষাত). BBC News. 2020-11-23. https://www.bbc.com/news/world-55042935.