লাল নিশান পাৰ্টি
| লাল নিশান পাৰ্টি | |
|---|---|
| সংসদীয় সভাপতি | |
| লোকসভাত নেতা | |
| ৰাজ্যসভাত নেতা | |
| প্ৰতিষ্ঠা | ১৯৬৫ |
| বিলুপ্তি | আগষ্ট,২০১৭ |
| মূখ্য কাৰ্যালয় | নাগপুৰ, মহাৰাষ্ট্ৰ |
| ৰাজনৈতিক মতাদৰ্শ | সাম্যবাদ মাৰ্ক্সবাদ–লেনিনবাদ |
| দলীয় ৰং | Red |
লাল নিশান পাৰ্টি (ইংৰাজী: Red Flag Party, LNP) আছিল মহাৰাষ্ট্ৰ ৰাজ্যৰ এটা কমিউনিষ্ট ৰাজনৈতিক দল। এই দলটো ১৯৬৫ চনত প্ৰতিষ্ঠা কৰা হয়। [1] এল এন পিৰ মূল কাম আছিল ট্ৰেড ইউনিয়নৰ সক্ৰিয়তা। দলটোৰ ট্ৰেড ইউনিয়নৰ নাম আছিল সৰ্বশ্ৰমিক সংঘ (SSS)। দলীয় প্ৰকাশনখনৰ নাম আছিল নৱে পৰ্ব। ইয়াৰ পূৰ্বে এছ এছ এছে পুনাৰপৰা ‘শ্ৰমিক বিচাৰ’ নামৰ মাৰাঠী দৈনিক কাকত প্ৰকাশ কৰিছিল। আশীৰ দশকৰ ভিতৰত কামগৰ আঘাদীৰ সৈতে এল এন পিয়ে ঘনিষ্ঠ সহযোগিতা গঢ়ি তুলিছিল।
১৯৮৮ চনত পেৰেষ্ট্ৰয়কাৰ সমালোচনা কৰা এটা কঠোৰপন্থী অংশৰ বাবে লাল নিশান পাৰ্টিৰ (লেনিনবাদী) বিভাজন ঘটে। [2] এল এন পিয়ে ভাৰতীয় কমিউনিষ্ট আৰু গণতান্ত্ৰিক সমাজবাদী কনফেডাৰেচনত অংশগ্ৰহণ কৰিছিল। ২০১৭ চনৰ আগষ্ট মাহত এল এন পি ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সৈতে একত্ৰিত হয়।[3]২০১৭ চনৰ আগষ্ট মাহত এল এন পি ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সৈতে একত্ৰিত হয়। [4][5][6]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ Banerjee, Shoumojit (23 January 2018). "Veteran Communist leader Yashwant Chavan dies at 97". The Hindu. https://www.thehindu.com/news/national/veteran-communist-leader-yashwant-chavan-dies-at-97/article22497406.ece.
- ↑ Lal Nishan. Times of India. Accessed 5 June 2012.
- ↑ Lal Nishan. Times of India. Accessed 5 June 2012.
- ↑ "Lal Nishan Party to merge with CPI". http://www.dnaindia.com/india/report-lal-nishan-party-to-merge-with-cpi-2526022.
- ↑ "Yahoo Search – Web Search". https://in.news.yahoo.com/lal-nishan-party-merges-cpi-162700699.html.
- ↑ "Lal Nishan Party to merge with CPI". Business Standard India. Press Trust of India. 10 August 2017. https://www.business-standard.com/article/pti-stories/lal-nishan-party-to-merge-with-cpi-117081001642_1.html.