সমললৈ যাওক

লাল পাহাড়িৰ দেশে যা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

লাল পাহাড়িৰ দেশে যা (ইংৰাজী: Lal Paharir Deshe Ja) ১৯৭২ চনত অৰুণ চক্ৰৱৰ্তীৰ দ্বাৰা ৰচিত শ্ৰীৰামপুৰ ষ্টেচনে মহুৱা গাছটা শীৰ্ষক কবিতাটিৰ ওপৰত ভিত্তি কৰি সৃষ্টি হোৱা এটি বাংলা লোকসংগীত।[1][2]

অৰুণ চক্ৰৱৰ্তীয়ে [3] ১৯৭২ চনৰ এপ্ৰিল মাহত শ্ৰীৰামপুৰ ষ্টেচনৰ কাষেদি‍ পাৰ হৈ যাওঁতে মহুৱা ফুলৰ গছ আৰু ফুল দেখা পাইছিল। ইয়াত (শ্ৰীৰামপুৰ) মহুৱা গছ আৰু ফুলবোৰ তেওঁৰ বাবে বৰ অসঙ্গতিপূৰ্ণ যেন লাগিছিল। তেওঁ মনত প্ৰশ্ন হৈছিল বংগৰ ধান আৰু আলু উৎপাদন হোৱা অঞ্চলত মহুৱা ফুলৰ গছ আৰু ফুল কিয় থাকিব, মহুৱা হৈছে লাল পাহাৰ (জংঘলমহল)ৰ ৰাণী, তাক তাতহে‍ শুৱনি লাগে‍। মহুৱা ৰঙা মাটিৰ গছ।[4] ইয়াৰ পাছতেই তেওঁ গীতটি ৰচনা কৰে।[1]

তাৰ পাছত এই কবিতাটো ১৯৭৯ চনত ভি বালছাৰাৰ পৰিচালনাত বাঁকুড়াৰ ঝুমুৰ গায়ক সুভাষ চক্ৰৱৰ্তীয়ে ৰেকৰ্ডিং কৰে। বাউলসকলৰ অনুৰোধত অৰুণ চক্ৰৱৰ্তীয়ে আৰু দুটা পংক্তি সংযোজন কৰে। নতুন পংক্তি দুটাত কবিয়ে নিজেই সুৰ দিয়ে।[1]

বহু পাছত বাংলা বেণ্ড 'ভূমি'-এ এই গীতটি ৰেকৰ্ডিং কৰে। ই ব্যাপক জনপ্ৰিয়তা লাভ কৰে৷[1]

গীতৰ কথা

[সম্পাদনা কৰক]

হাই দ্যাখো গ' তুই ইখানে কেনে, লালপাহাড়িৰ দেশে যা
ৰাঙা মাটিৰ দেশে যা
হেথাকে তুকে মানাইছে নাই গ', ইক্কেবাৰে মানাইছে নাই
অ-তুই লালপাহাড়িৰ দেশে যা.....
সিখান গেলে মাদল পাবি
মেইয়ে মৰদেৰ আদৰ পাবি
অ-তুই লালপাহাড়িৰ দেশে যা
লাৰবি যদি ইক্কাই যেতে
লিস্ না কেনে তুয়াৰ সাথে
নইলে অ-তুই মৰেই যা
ইক্কেবাৰেই মৰেই যা
হাই দ্যাখো গ', তুই ইখানে কেনে, লালপাহাড়িৰ দেশে যা
ৰাঙা মাটিৰ দেশে যা,
ৰাঙা মাটিৰ দেশে যা.....।

‘ভূমি’য়ে গীতটি ৰেকৰ্ডিং কৰিলেও গীতিকাৰজনৰ নাম উল্লেখ নকৰাৰ ফলত আৰম্ভ হ’ল বিতৰ্ক। গীতটোক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত সৌমিত্ৰই কয় যে,'গীতিকাৰজনৰ নাম জনা নাছিলোঁ। সেয়ে উল্লেখ কৰা নাছিলোঁ। ভুল কৰিছিলোঁ। পৰৱৰ্তী সময়ত অৰুণদাৰ ওচৰত ক্ষমাপ্ৰাৰ্থী হৈছোঁ। '[1]

সংৱৰ্ধনা

[সম্পাদনা কৰক]

এই গীতটিৰ পঞ্চাশ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষত 'সহজিয়া ফাউণ্ডেচন'এ 'লালপাহাৰী'ৰ স্ৰষ্টা অৰুণ চক্ৰৱৰ্তীক ২০২২ চনৰ ৮ জুলাই তাৰিখে ৰবীন্দ্ৰ সদনত সংৱৰ্ধনা জ্ঞাপন কৰে। সেইদিনা ঝুমুৰ গায়ক সুভাষ চক্ৰৱৰ্তীকো সংৱৰ্ধনা জ্ঞাপন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত সংগীত জগতৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল।[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 "‘লালপাহাড়ি'ৰ পঞ্চাশ বছৰ, গান নিয়ে কথা বলতে গিয়ে আবেগে ভাসলেন গীতিকাৰ, গায়ক". www.anandabazar.com. ৬ জুলাই ২০২২. https://www.anandabazar.com/entertainment/50-years-celebration-of-song-lalpahari-dgtl/cid/1354870. 
  2. "The Biography of a Song". ৬ জুলাই ২০২২. http://www.openthemagazine.com/article/cinema/the-biography-of-a-song. 
  3. "Poet Arun Kumar Chakraborty - Interview and Recitation of Bengali Poems". ৬ জুলাই ২০২২. Archived from the original on 2022-07-06. https://web.archive.org/web/20220706153228/http://www.washingtonbanglaradio.com/content/1736910-poet-arun-kumar-chakraborty-interview-and-recitation-bengali-poems-video-wbri-exclus। আহৰণ কৰা হৈছে: 2025-06-16. 
  4. "Lal paharir deshe ja completes 40 years". The Times of India. ৬ জুলাই ২০২২. http://timesofindia.indiatimes.com/entertainment/hindi/music/news/Lal-paharir-deshe-ja-completes-40-years/articleshow/14686117.cms.