সমললৈ যাওক

লাল লৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লাল লৈ
লাল লৈ
লাল লৈৰ উৎসৱাগ্নি
প্ৰকাৰ সিন্ধি হিন্দু[1] ধৰ্মীয় উৎসৱ
মহত্ব মধ্য শীতকালীন উৎসৱ, শীতকালীন অয়নান্ত উদযাপন
তাৰিখ ১৩ জানুৱাৰী
উদযাপন উৎসৱাগ্নি, গীত আৰু নৃত্য
সম্পৰ্কিত লহৰী, ভোগী[2]

লাল লৈ (ইংৰাজী: Lal Loi) হৈছে সিন্ধী ভাষাৰ এটি শব্দ যিয়ে পঞ্জাবী শীতকালীন লোক উৎসৱ লহৰীক বুজায়।[3][4] ভাৰত আৰু পাকিস্তানৰ সিন্ধু প্ৰদেশৰ কিছু অঞ্চলত বসবাসকাৰী হিন্দু ধৰ্মাৱলম্বী সিন্ধীসকলে এই উৎসৱ পালন কৰে। লাল লৈৰ দিনা শিশুসকলে তেওঁলোকৰ ককা-আইতা, খুড়ী-পেহীসকলৰ পৰা কাঠ-খৰি আদি মাগি আনে। ৰাতি সেই খৰিৰে জুই জ্বলাই জুইৰ চাৰিওফালে সকলোৱে গীত-নৃত্য, খেল-ধেমালি আদি কৰি আনন্দ-উপভোগ কৰে।

সিন্ধিসকলে বিশ্বাস কৰে যে লাল লৈৰ উদ্দেশ্য হʼব লাগে পুৰণি বস্তুবোৰৰ পৰা পৰিত্ৰাণ পোৱা আৰু তিৰমুৰ উৎসৱৰ প্ৰস্তুতিৰ বাবে আত্মশুদ্ধি কৰা। সিন্ধীসকলে লাল লৈৰ পিছদিনাখন তিৰমুৰ উৎসৱ উদযাপন কৰে। তিৰমুৰ হৈছে মকৰ সংক্ৰান্তিৰ সিন্ধি নাম।[5] সিন্ধিসকলৰ বাবে, মকৰ সংক্ৰান্তিৰ অৰ্থ হৈছে ভগৱান সূৰ্যক পূজা কৰা আৰু চিলা উৰোৱা।[6]

কিছুমানৰ মতে সকলো সিন্ধীলোকে লাল লৈ উৎসৱ পালন নকৰে[7] আৰু এই উৎসৱটো হয়তো উজনি সিন্ধু প্ৰদেশৰ লোকসকলে পালন কৰিছিল য’ত ঐতিহাসিকভাৱেই পঞ্জাবৰ পৰা অভ্যন্তৰীণ প্ৰব্ৰজন ঘটি আছে।[8] সিন্ধু প্ৰদেশৰ ক’ত লাল লৈ পালন কৰা হৈছিল বা এতিয়া তাত পালন কৰা হয় নে নহয় সেয়া নিৰ্ণয় কৰাটো অৱশ্যে কঠিন। কিন্তু ভাৰতৰ সিন্ধী সম্প্ৰদায়ৰ লোকে প্ৰতি বছৰে লাল লৈ পালন কৰে। সিন্ধু সভাৰ[9] পৃষ্ঠপোষকতাত ইন্দোৰ, মুম্বাই আৰু উদয়পুৰৰ দৰে চহৰসমূহতো এই উৎসৱৰ আয়োজন কৰা হয়।[10]

যিবোৰ চহৰত সিন্ধী আৰু পঞ্জাবীসকল একেলগে বসবাস কৰে সেইবোৰ ঠাইত যৌথভাৱে লাল লৈ/লহৰী উৎসৱৰ আয়োজন কৰা হয়।[11]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Dayal N Harjani (1982). Sindhi Roots & Rituals - Part 2. Macmillan. পৃষ্ঠা. 140. ISBN 978-0-333-90396-4. https://books.google.com/books?id=vRM1AAAAIAAJ. 
  2. Shakti M. Gupta (1991). Festivals, Fairs, and Fasts of India. Clarion Books. ISBN 9788185120232. https://books.google.com/books?id=XQjgAAAAMAAJ&q=Bhogi. 
  3. "Mandir Events". Archived from the original on 14 July 2014. https://web.archive.org/web/20140714044155/http://jhulelalmandir.org.in/Evens.aspx। আহৰণ কৰা হৈছে: 2014-02-06.  Jhuelel Mandir
  4. [1] Sindhi Rasoi
  5. [2] J P Vaswani: Destination Happiness
  6. Nidhin Singhi "Lohri gaiety warms all" Times of India 13 01 2012
  7. Nidhin Singhi "Lohri gaiety warms all" Times of India 13 01 2012
  8. Kumar, P. Pratap (2014) Contemporary Hinduism
  9. [3] Archived 2014-06-08 at the Wayback Machine Hindustan Times: 12 01 2014
  10. [4] Archived 2018-06-26 at the Wayback Machine Udaipur Times, Gaurav Bhandari 13 01 2013
  11. [5][সংযোগবিহীন উৎস] Merinews: Dr Lalit Kishore 08 01 2014