লাৰিছা অলেইনিক
| লাৰিছা অলেইনিক | |
|---|---|
২০২০ চনত অলেইনিক | |
| জন্ম | লাৰিছা ৰোমানোভনা অলেইনিক ৭ জুন, ১৯৮১ (৪৫ বছৰ) ছাণ্টা ক্লাৰা, কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| শিক্ষানুষ্ঠান | ছাৰাহ লৰেন্স কলেজ |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ১৯৮৯–বৰ্তমান |
লাৰিছা ৰোমানোভনা অলেইনিক (ইংৰাজী: Larisa Oleynik; জন্ম: ৭ জুন, ১৯৮১)[1] এগৰাকী আমেৰিকান অভিনেত্ৰী। অলেইনিকে শিশু অভিনেতা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৮৯ চনৰ পৰা ১৯৯১ চনলৈকে লে মিজাৰেবলছ নামৰ মিউজিকেলখনৰ এটা ৰাষ্ট্ৰীয় ভ্ৰাম্যমাণ প্ৰডাকচনত কণমানি কজেট হিচাপে তেওঁ প্ৰথমবাৰৰ বাবে মঞ্চত অভিনয় কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ নিকেলোডিয়ান ধাৰাবাহিক দ্য ছিক্ৰেট ৱৰ্ল্ড অৱ এলিক্স মেকত মুখ্য চৰিত্ৰত অভিনয় কৰে, যিখন ১৯৯৪ চনৰ পৰা ১৯৯৮ চনলৈ সম্প্ৰচাৰিত হৈছিল। তেওঁ চিনেমা জগততো ভৰি দিয়ে আৰু ১৯৯৫ চনৰ চলচ্চিত্ৰ ৰূপান্তৰ দ্য বেবী-ছিটাৰ্ছ ক্লাবত ডন শ্বেফাৰ হিচাপে আৰু ১৯৯৯ চনৰ কিশোৰ কমেডী চিনেমা ১০ থিংছ আই হেট এবাউট ইউত মুখ্য চৰিত্ৰত অভিনয় কৰে।
অলেইনিকে পিছলৈ কমেডী ছবি ১০০ গাৰ্লছ (২০০০)ত এটা সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পিছত তেওঁ নাস্তাচিয়া কিনস্কি আৰু স্কাৰলেট জোহানছনৰ বিপৰীতে এন আমেৰিকান ৰেপছডী (২০০১) আৰু স্বতন্ত্ৰ নাটক ব্ৰিংগিং ৰেইন (২০০৩)ত অভিনয় কৰে। পিছলৈ তেওঁ এটলাছ শ্ৰাগড: পাৰ্ট ২ (২০১১) আৰু ভীতিমূলক ছবি জেছাবেল (২০১৪)ত সহযোগী চৰিত্ৰত অভিনয় কৰে। ২০১০ চনৰ পৰা ২০১৫ চনলৈকে তেওঁ এএমচি ধাৰাবাহিক মেড মেনত চিন্থিয়া কছগ্ৰোভৰ চৰিত্ৰত আৰু নিকেলোডিয়ানৰ উইংক্স ক্লাব (২০১১–২০১৪)ত আইচি নামৰ চৰিত্ৰটোৰ বাবে কণ্ঠদান কৰিছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]লাৰিছা ৰোমানোভনা অলেইনিকৰ জন্ম হৈছিল কেলিফৰ্ণিয়াৰ ছাণ্টা ক্লাৰাত লৰেইন আৰু ৰয় অলেইনিকৰ ঘৰত।[টোকা 1] তেওঁৰ দেউতাক ইউক্ৰেইনী বংশোদ্ভৱ আছিল।[4] তেওঁ ছান ফ্ৰান্সিকোৰ উপকণ্ঠ অঞ্চল লছ গাটোজত ইষ্টাৰ্ণ অৰ্থডক্স পৰম্পৰাত ডাঙৰ-দীঘল হৈছিল।[5][2][6] তেওঁ ১৯৯৯ চনত লছ আলটোজৰ পাইনউড স্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[7] তেওঁৰ অভিনয় জীৱন বিকশিত হোৱাৰ লগে লগে তেওঁ "উত্তৰ কেলিফৰ্ণিয়াৰ স্বাভাৱিক শৈশৱৰ অভিজ্ঞতা আৰু লছ এঞ্জেলছত অডিচনৰ মাজত সময় ভাগ কৰি লৈছিল।"
এলেক্স মেক চৰিত্ৰত সফলতা লাভ কৰাৰ পিছত অলেইনিকে কলেজত পঢ়িবলৈ সিদ্ধান্ত লয়,[8] আৰু নিউয়ৰ্কৰ ইয়ংকাৰ্ছত থকা ছাৰা লৰেন্স কলেজত নাম ভৰ্তি কৰে, যাক তেওঁ পৰৱৰ্তী সময়ত "মোৰ জীৱনৰ শ্ৰেষ্ঠ সিদ্ধান্ত" বুলি অভিহিত কৰিছিল।[9]
টোকা
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Larisa Oleynik". TV Guide. https://www.tvguide.com/celebrities/larisa-oleynik/161239/.
- 1 2 Harris, Laurie Lanzen, ed (1996). Biography Today 1996 Annual Cumulation: Profiles of People of Interest to Young Readers. প্ৰকাশক Detroit, Michigan: Omnigraphics. ISBN 978-0-780-80070-0. https://archive.org.
- ↑ "Larisa Oleynik Joins Cast Of 'Hawaii Five-O'". KPIX-TV. March 3, 2011. https://sanfrancisco.cbslocal.com.
- ↑ "Famous Americans with Russian Roots". Russian Life. ISSN 1066-999X. https://russianlife.com.
- ↑ "Larisa Online". Larisa.com. 13 November 1998. Archived from the original on 13 April 2006. https://web.archive.org/web/20060413170844/http://www.larisa.com/। আহৰণ কৰা হৈছে: April 14, 2006.
- ↑ Mendoza, N. F. (October 2, 1994). "Shows for Youngsters and Their Parents Too: Larisa Oleynik finds the secret is to have fun as 'Alex Mack'". Los Angeles Times. https://www.latimes.com.
- ↑ Lawson, Sarah (May 27, 2013). "Pinewood Alumni Larisa Oleynik Continues Her Success in Hollywood". Pinewood School, Los Altos. https://www.pinewood.edu। আহৰণ কৰা হৈছে: January 30, 2019.
- ↑ Larisa Oleynik Celebrity Interview for Bringing Rain (2003) at The Movie Insider
- ↑ Davis, Jasmen. "Celebrity Spotlight: Larisa Oleynik". Girls' Life Magazine. http://www.girlslife.com.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Larisa Oleynik সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
| ৱিকিউদ্ধৃতিত লাৰিছা অলেইনিক বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |
- এক্সত লাৰিছা অলেইনিক

- লাৰিছা অলেইনিক সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- লাৰিছা অলেইনিক at the TCM Movie Database