লাৱাছড়া ৰাষ্ট্ৰীয় উদ্যান
| লাৱাছড়া ৰাষ্ট্ৰীয় উদ্যান | |
|---|---|
আই.ইউ.চি.এন শ্ৰেণী II (ৰাষ্ট্ৰীয় উদ্যান) | |
| বাংলাদেশত স্থান | |
| অৱস্থান | মৌলভিবজাৰ জিলা, চিলেট সংমণ্ডল, বাংলাদেশ |
| নিকটতম চহৰ | শ্ৰীমংগল |
| মাটিকালি | ১২৫০ হেক্টৰ |
| প্ৰতিস্থা | ১৯৯৬ |
লাৱাছড়া ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Lawachara National Park) বাংলাদেশৰ এখন ৰাষ্ট্ৰীয় উদ্যান আৰু প্ৰকৃতি সংৰক্ষিত বনাঞ্চল৷ ই দেশখনৰ উত্তৰ-পূব অঞ্চলৰ কমলগঞ্জ উপাজিলা আৰু মৌলভিবজাৰ জিলাত অৱস্থিত। ৰাষ্ট্ৰীয় উদ্যানখন ২,৭৪০ হেক্টৰ (২৭.৪ কিলোমিটাৰ বৰ্গফুট) পশ্চিম ভানুগাচ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অৱস্থিত।[1]
লাৱাছড়া ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় ১২৫০ হেক্টৰ (১২.৫ কিলোমিটাৰ বৰ্গফুট) অৰ্ধ-চিৰসেউজ বন আৰু মিশ্ৰিত পৰ্ণপাতী বন আছে। ১৯৭৪ চনৰ বন্যপ্ৰাণী আইন অনুসৰি ১৯৯৬ চনৰ ৭ জুলাইত বাংলাদেশ চৰকাৰে এই ভূমিভাগক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে।[2][3]
অৱস্থান
[সম্পাদনা কৰক]ঢাকাৰপৰা প্ৰায় ১৬০ কিলোমিটাৰ (৯৯ মাইল) উত্তৰ-পূব আৰু চিলেটৰপৰা ৬০ কিলোমিটাৰ (৩৭ মাইল) দূৰত্বত লাৱাছড়া অৱস্থিত। শ্ৰীমংগল উপজিলা চহৰৰপৰা ই ৮ কিলোমিটাৰ (৫.০ মাইল) দূৰৈত অৱস্থিত।[4] লাৱাছড়া ৰাষ্ট্ৰীয় উদ্যানৰ ভূ-প্ৰকৃতি পাহাৰীয়া মাটিৰে গঠিত। এই উদ্যানখন ওখ আৰু চাপৰ টিলাৰে বিস্তৃত। বনাঞ্চলৰ মাটিত বালিৰ পৰিমাণ বেছি হোৱাৰ বাবে বহু পৰিমাণে শিল দেখা যায়। অৰণ্যৰ মাজেৰে বহু পাহাৰীয়া নিজৰা বৈ গৈছে। ইয়াৰে দুই-এটা নিজৰাৰ বাহিৰে বাকীবোৰত বাৰিষাৰ সময়তহে পানী থাকে। নিজৰাৰ পানী পৰিষ্কাৰ, স্ফটিক স্বচ্ছ আৰু ঠাণ্ডা। খৰালিতো পানী থকা নিজৰাৰ ওচৰত বন্যপ্ৰাণী দেখা পোৱা যায়।
লাৱাছড়াৰ জলবায়ু সাধাৰণতে উষ্ণ, ফেব্ৰুৱাৰী মাহত গড়ে ২৬.৮ ডিগ্ৰী চেলছিয়াছ (৮০.২ ডিগ্ৰী ফাৰেনহাইট)ৰ পৰা জুন মাহত ৩৬.১ ডিগ্ৰী চেলছিয়াছ (৯৭.০ ডিগ্ৰী ফাৰেনহাইট) হয়। গোটেই বছৰজুৰি আৰ্দ্ৰতা অধিক হয়, আৰু লাৱাছড়াত সঘনাই বৰষুণ আৰু মাজে মাজে ঘূৰ্ণীবতাহৰ ধুমুহাও হয়।[2]
জীৱ বৈচিত্ৰ্য
[সম্পাদনা কৰক]লাৱাছড়া ৰাষ্ট্ৰীয় উদ্যানত ৪৬০বিধ প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী আছে, ইয়াৰে ১৬৭বিধ প্ৰজাতিৰ উদ্ভিদ, চাৰিটা উভচৰ প্ৰজাতি, ছটা সৰীসৃপ প্ৰজাতি, ২৪৬বিধ চৰাইৰ প্ৰজাতি, ২০বিধ স্তন্যপায়ী প্ৰজাতি আৰু ১৭বিধ পতঙ্গৰ প্ৰজাতি ইয়াত বিদ্যমান।[5][6]
ৱেষ্টাৰ্ণ হুলক গিবন (Hoolock hoolock) ভাৰতত পোৱা এবিধ উচ্চ শ্ৰেণীৰ বান্দৰ প্ৰজাতি৷ ই শীৰ্ষ ২৫ টা বিলুপ্তপ্ৰায় বান্দৰ প্ৰজাতিৰ ভিতৰত অন্যতম আৰু লাৱাছড়াত পোৱা ছবিধ বান্দৰ প্ৰজাতিৰ ভিতৰত অন্যতম।[7] ২০০৭ চনৰ গণনাত লাৱাছড়া আৰু বৃহত্তৰ পশ্চিম ভানুগাচ সংৰক্ষিত বনাঞ্চলত ১৭টা পৰিয়ালত মাত্ৰ ৬২টা হলৌ বান্দৰ পোৱা গৈছিল।[8] তথাপিও এইটোৱেই হৈছে বাংলাদেশৰ আটাইতকৈ বেছি জীয়াই থকা গিবনৰ জনসংখ্যা। লাৱাছড়াৰ হলৌৰ সংখ্যাক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় কাৰণ ই ৱেষ্টাৰ্ণ হুলক গিবন বা হলৌ বান্দৰৰ শেষ কাৰ্য্যক্ষম সংখ্যা হ'ব পাৰে যি পৰৱৰ্তী শতিকালৈকে জীয়াই থাকিব।[9]
চিত্ৰশালা
[সম্পাদনা কৰক]-
Common vine snake (Ahaetulla nasuta)
-
ভেকুলী
-
উদ্যানৰ ভিতৰৰ ৰেলপথ
-
পখিলা
-
মকড়া
-
উদ্যানৰ মাজেদি ৰেলগাড়ী গৈছে
-
বান্দৰ
-
কাঠফুলা
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Lawachara National Park". Community Ecotourism. Archived from the original on 11 April 2011. https://web.archive.org/web/20110411011047/http://www.communityecotour.com/LawacharaNP2.html। আহৰণ কৰা হৈছে: 4 August 2010.
- ↑ 2.0 2.1 Nature Conservation Management (NACOM) (2003). Co-Management of Tropical Forest Resources of Bangladesh: Secondary Data Collection for Pilot Protected Areas: Lawachara National Park. USAID/Bangladesh & Ministry of Environment and Forest, Government of Bangladesh. Archived from the original on 1 October 2011. https://web.archive.org/web/20111001204429/http://www.nishorgo.org/nishorgo/files_pdf/Secondary%20Data%20on%20Lawachara%20NP.pdf। আহৰণ কৰা হৈছে: 3 August 2011.
- ↑ Shewli, S. B. (2008). "The Role of Women in Co-Management of Lawachara National Park". Connecting Communities and Conservation: Collaborative Management of Protected Areas in Bangladesh. প্ৰকাশক Honolulu; Dhaka, Bangladesh: East-West Center; Nishorgo Program of Bangladesh Forest Department. পৃষ্ঠা. 73–88. ISBN ((984-300-002284-6)). OCLC 419756487. https://www.eastwestcenter.org/sites/default/files/fileadmin/resources/publications/PDF/connectingcommunities05lawachara.pdf.
- ↑ Management Plans for Lawachara National Park. USAID/Bangladesh. Archived from the original on 16 November 2008. https://web.archive.org/web/20081116123909/http://www.usaid.gov/bd/files/NSPManagement_Plans_for_LNP.pdf। আহৰণ কৰা হৈছে: 4 August 2011.
- ↑ Integrated Protected Area Co-Management (IPAC) (Report). USAID/Bangladesh. http://www.nishorgo.org/nishorgo2/pdf/reports/GENERAL%20REPORTS/10.11.LNP%20Consultative%20Meeting/IPAC_Report_LNP_Consultative_Meeting.pdf। আহৰণ কৰা হৈছে: 4 August 2011.
- ↑ Jalil, Md. A. (2009). Site-Level Apprasal for Protected Area Co-Management: Lawachara National Park (Report). International Resources Group. http://www.nishorgo.org/nishorgo2/pdf/reports/PRA/Sylhet%20Cluster/2.LNP/IPAC_Report_PRA%20LNP_from%20mamun_aug%2010,09.pdf। আহৰণ কৰা হৈছে: 4 August 2011.
- ↑ Mittermeier, R.A.; Wallis, J.; Rylands, A.B. et al., eds (2009). Primates in Peril: The World's 25 Most Endangered Primates 2008–2010. Illustrated by S.D. Nash. প্ৰকাশক Arlington, VA.: IUCN/SSC Primate Specialist Group (PSG), International Primatological Society (IPS), and Conservation International (CI). পৃষ্ঠা. 1–92. ISBN 978-1-934151-34-1. Archived from the original. Error: If you specify
|archiveurl=, you must also specify|archivedate=. https://web.archive.org/web/20110723172932/http://www.primate-sg.org/PDF/Primates.in.Peril.2008-2010.pdf। আহৰণ কৰা হৈছে: 21 February 2014. - ↑ The Endangered Hoolock Gibbon of Bangladesh
- ↑ Österberg, P. (2007). "The vanishing ape of Bangladesh: A report from the hoolock gibbon's last stronghold in the country". Gibbon Journal (3): 1–9. Archived from the original on 5 October 2011. https://web.archive.org/web/20111005152107/http://www.gibbonconservation.org/07_journal/gibbon_journal_3.pdf। আহৰণ কৰা হৈছে: 4 August 2011.