লিঅৰা স্পেলমেন
| লিঅৰা স্পেলমেন | |
|---|---|
১৯১১ চনত স্পেলমেন | |
| জন্ম | লিঅৰা থেৰেছা স্পেলমায়াৰ ১৩ জুলাই, ১৮৮৮/১৮৯০ বনে টেৰে, মিছৌৰী, আমেৰিকা |
| মৃত্যু | ০৪ ছেপ্টেম্বৰ, ১৯৪৫ (৫৭ বছৰ) লছ এঞ্জেলছ, কেলিফোৰ্নিয়া, আমেৰিকা |
| সমাধিস্থল | হলিউড ফৰ এভাৰ কবৰস্থান |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ১৯০৫–১৯৪৫ |
| দাম্পত্যসঙ্গী | চাৰ্লছ বি মিডলটন (বি. ১৯০৮) |
| সন্তান | ১ |
লিঅৰা স্পেলমেন (জন্ম লিঅৰা থেৰেছা স্পেলমেয়াৰ; ১৩ জুলাই ১৮৮৮ বা ১৮৯০ – ৪ ছেপ্তেম্বৰ ১৯৪৫) এজনী আমেৰিকান ভডেভিল শিল্পী আৰু মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁ অভিনেতা চাৰ্লছ বি. মিডলটনৰ পত্নী আছিল।[1]
লিঅৰা থেৰেছা স্পেলমেয়াৰ মিছৌৰীৰ ব’ন টেৰত জন্মগ্ৰহণ কৰিছিল। তেওঁ শিশু অৱস্থাতেই মঞ্চত সংগীত পৰিবেশন কৰা আৰম্ভ কৰিছিল। যুৱতী অৱস্থাত ভডেভিলত অভিনয় কৰিবলৈ আৰম্ভ কৰিছিল, য'ত তেওঁ ১৯০৮ চনত সহ-শিল্পী চাৰ্লছ মিডলটনক লগ পায় আৰু বিবাহ পাশত আবদ্ধ হয়।[2]
তেওঁলোকে "Middleton and Spellmeyer" নামেৰে এখন ভডেভিল দলেৰে অভিনয় কৰিছিল।
ল’ৰা স্পেলমেন নামৰে মঞ্চত অভিনয় কৰা স্পেলমেনে মুখ্যতঃ থিয়েটাৰতে অভিনয় কৰিছিল। ১৯২০ চনত তেওঁ আৰু তেওঁৰ স্বামীয়ে একেলগে "Wits vs. Wits" চলচ্চিত্ৰত অভিনয় কৰিছিল, যদিও তেওঁ মঞ্চত অভিনয় অব্যাহত ৰাখি মাত্ৰ দুটা চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁৰ স্বামী চাৰ্লছ বি. মিডলটন "ফ্লেচ গৰ্ডন" শৃংখলাৰ "এম্পেৰ’ৰ মিং" ৰূপে অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰিছিল।
তেওঁৰ স্বামীৰ তুলনাত তিনি বছৰতকৈ কম বয়সীয়া হলেও, লিঅৰা স্পেলমেন ১৯৪৫ চনৰ ৪ ছেপ্তেম্বৰত লছ এঞ্জেলেছত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে।[3] তেওঁ হলিউড ফ’ৰেভাৰ চেমেটেৰীত নিজৰ স্বামীৰ কাষতে সমাধিস্থ হয়। যদিও বহুতো তথ্য উৎসত তেওঁৰ জন্ম ১৮৯০ চন বুলি উল্লেখ আছে, তেওঁৰ সমাধি ফলকত ১৮৮৮ চন উল্লেখ কৰা আছে। ১৯০০ চনৰ আমেৰিকান জনগণনা নথিত তেওঁৰ জন্ম ১৮৮৭ চনৰ জুলাই মাহত হৈছিল বুলি উল্লেখ আছে।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- লিঅৰা স্পেলমেন সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- "ফাইণ্ড এ গ্ৰেভ"ত লিঅৰা স্পেলমেন
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Ellenberger, Allan R. (2001). Celebrities in Los Angeles Cemeteries: A Directory. McFarland. পৃষ্ঠা. 151. ISBN 978-0-7864-0983-9. https://books.google.com/books?id=8bOJCgAAQBAJ&pg=PA151.
- ↑ Mayer, Geoff (2017). Encyclopedia of American Film Serials. McFarland, Incorporated, Publishers. পৃষ্ঠা. 206. ISBN 978-0-7864-7762-3. https://books.google.com/books?id=3CYSDgAAQBAJ&pg=PA206.
- ↑ Quinlan, David (1986). The illustrated encyclopedia of movie character actors. Harmony Books. পৃষ্ঠা. 213. ISBN 978-0-517-56171-3. https://archive.org/details/illustratedencyc00quin.