সমললৈ যাওক

লিচা হেডন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লিচা হেডন লালভানী

২০১৮ চনত লিচা হেডন
জন্ম এলিজাবেথ মেৰী হেডন
১৭ জুন, ১৯৮৬ (৩৯ বছৰ)[1]
চেন্নাই, তামিলনাডু, ভাৰত[1]
অন্য নাম লিচা লালভানী
পেচা মডেল, অভিনেত্ৰী, টিভি উপস্থাপক
সক্ৰিয় হৈ থকা সময় ২০১০–২০১৮, ২০২৫
দাম্পত্যসঙ্গী ডিনো লালভানী (বি. ২০১৬)
সন্তান
আত্মীয়-স্বজন গুলু লালভানী (শ্বশুৰ)


এলিজাবেথ মেৰী হেডন, লিচা হেডন লালভানী নামেৰে বেছি পৰিচিত (জন্ম ১৭ জুন ১৯৮৬), এগৰাকী ভাৰতীয়-অষ্ট্ৰেলিয়ান অভিনেত্ৰী, টিভি উপস্থাপক আৰু মডেল, যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ এনচেম্বল ৰোমাণ্টিক কমেডী-ড্ৰামা আইশা (২০১০) চলচ্চিত্ৰৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে[2] আৰু কুইন (২০১৪) চলচ্চিত্ৰত অভিনয়ৰ বাবে সমালোচকৰ প্ৰশংসা লাভ কৰে, যাৰ ফলত তেওঁ ব্যাপক স্বীকৃতি লাভ কৰাৰ লগতে ফিল্মফেয়াৰত শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ মনোনয়ন লাভ কৰে। পিছলৈ তেওঁ ব্যাৱসায়িকভাৱে সফল কমেডী হাউচফুল ৩ (২০১৬) ত অভিনয় কৰে আৰু কৰণ জোহৰ পৰিচালিত সংগীতধৰ্মী ৰোমাণ্টিক নাটক এ দিল হে মুশকিল (২০১৬) ত চমু চৰিত্ৰত অভিনয় কৰে।

তেওঁ ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এগৰাকী সফল মডেল। তেওঁ কেইবাখনো জনপ্ৰিয় আলোচনীৰ কভাৰত উপস্থিত হৈছে, যেনে হাৰ্পাৰছ বাজাৰ, গ্ৰেজিয়া (ভাৰত), কচমোপলিটান , এলে (ভাৰত), ভাৰ্ভ, ভোগ ইণ্ডিয়া, ফেমিনা (ভাৰত), এফ এইচ এম, হেল্ল'!, আৰু ল'অফিচিয়েল

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

লিচাৰ জন্ম ১৯৮৬ চনৰ ১৭ জুনত ভাৰতৰ মাদ্ৰাজত হৈছিল।[1] তেওঁৰ পিতৃ ভাৰতীয় আৰু মাতৃ অষ্ট্ৰেলিয়ান।[3] তেওঁৰ ডাঙৰ ভনীয়েক মালিকা হেডন এগৰাকী মডেল আৰু ডিজে, আৰু ডিজে যুটি নিনা এণ্ড মালিকাৰ সদস্য।[4]

লিচাই অষ্ট্ৰেলিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰিছিল আৰু ২০০৭ চনত ভাৰতলৈ উভতি আহে।[5]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

লিচাই ২০১৬ চনৰ অক্টোবৰ মাহত ডিনো লালভানীৰ সৈতে বিবাহ কৰে আৰু তেওঁলোকৰ তিনিজন সন্তান আছে — ২০১৭ আৰু ২০২০ চনত জন্ম হোৱা দুজন পুত্ৰ আৰু ২০২১ চনত জন্ম হোৱা এগৰাকী কন্যা।[6]

তেওঁ ভাৰতনাট্যম নৃত্যৰ প্ৰশিক্ষণপ্ৰাপ্ত, যি তামিলনাড়ুৰপৰা উৎপত্তি হোৱা ভাৰতীয় শাস্ত্ৰীয় নৃত্য।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 Gupta, Priya (9 March 2014). "I am madly in love with Ashwin Gabriel Dsouza too but we are not together right now". The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news-interviews/I-am-madly-in-love-with-Karan-too-but-we-are-not-together-right-now/articleshow/31666697.cms। আহৰণ কৰা হৈছে: 8 March 2014. 
  2. "People thought I can't act, says Lisa Haydon". Hindustan Times. 23 May 2016. https://www.hindustantimes.com/bollywood/people-thought-i-can-t-act-says-lisa-haydon/story-FRaE5AQAuapPWOghgoCWwL.html। আহৰণ কৰা হৈছে: 9 June 2020. 
  3. "Never dated Ness Wadia, not friends with Randeep Hooda: Lisa Haydon". DNA. 3 September 2014. http://www.dnaindia.com/entertainment/report-never-dated-ness-wadia-not-friends-with-randeep-hooda-lisa-haydon-2015681/. 
  4. "I am madly in love with Karan too but we are not together right now". https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/I-am-madly-in-love-with-Karan-too-but-we-are-not-together-right-now/articleshow/31666697.cms. 
  5. "Supermodel Lisa Haydon spills the beans on her life before and after modelling". DNA. 5 August 2010. http://www.dnaindia.com/entertainment/report_supermodel-lisa-haydon-spills-the-beans-on-her-life-before-and-after-modelling_1419059. 
  6. "Lisa Haydon Just Broke a Billion Hearts". http://www.missmalini.com/2013/02/19/lisa-haydon-just-broke-a-billion-hearts/। আহৰণ কৰা হৈছে: 9 July 2013. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]