শ্ৰী মহিলা গৃহ উদ্যোগ লিজ্জত পাপড়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(লিজ্জতৰ পৰা পুনঃনিৰ্দেশিত)
শ্ৰী মহিলা গৃহ উদ্যোগ লিজ্জত পাপড়
ধৰণ সমবায়
উদ্যোগ পাপড়
চাবোন আৰু ডিটাৰজেণ্ট
বেকাৰী উৎপাদন
মচলা
ময়ডা
স্থাপিত ১৫ মাৰ্চ ১৯৫৯ (1959-03-15)
(৬৫ বছৰ পূৰ্বে)
প্ৰতিষ্ঠাতা যশৱন্তীবেন যমনাদাস পোপট,
পাৰ্বতীবেন ৰামদাস থোদানি
উজমবেন নৰনদাস কুন্দলিয়া
ভানুবেন এন. টান্না
লাগুবেন অমৃতলাল গোকানি
জয়াবেন ভি. বিথালনী
দিৱালীবেন লুক্কা
মুখ্য কাৰ্যালয় মুম্বাই, ভাৰত
দেশ/অঞ্চল ভাৰত তথা অন্য ২৫খন দেশত
নেতৃস্থানীয় ব্যক্তিত্ব স্বাতী পৰদকাৰ অধ্যক্ষ
ৰাজহ বৃদ্ধি২২৪ মিলিয়ন আমেৰিকান ডলাৰ (২০১৯ চনত) [1]
কৰ্মচাৰীৰ সংখ্যা ৪৫০০০ (মে’ ২০২১)[2]
ৱেবছাইট www.lijjat.com

শ্ৰী মহিলা গৃহ উদ্যোগ লিজ্জত পাপড় (ইংৰাজী: Shri Mahila Griha Udyog Lijjat Papad) দ্ৰুতগতিত সম্প্ৰসাৰিত বিভিন্ন উপভোক্তা সামগ্ৰীৰ উৎপাদনৰ সৈতে জড়িত মহিলা সমবায়; যাৰ জনপ্ৰিয় নাম লিজ্জত। সংস্থাটোৰ মূল উদ্দেশ্য হৈছে মহিলাসকলক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰি সবলীকৰণ কৰা। ১৯৫৯ চনত মুম্বাইৰ সাতগৰাকী গুজৰাটী মহিলাৰ দ্বাৰা ৮০টকা মূলধনেৰে (আজিৰ হিচাপত ৮০ আমেৰিকান ডলাৰ) আৰম্ভ কৰা এই সংস্থাটোৰ বাৰ্ষিক ব্যৱসায় ২০১৯ চনত ১৬০০ কোটি টকাতকৈ অধিক।[3] ই সমগ্ৰ দেশৰ ৪৫,০০০ (২০২১ চনৰ হিচাপ মতে) মহিলাক কৰ্মসংস্থাপন প্ৰদান কৰে।[4]

চহৰ অঞ্চলত কুটিৰ উদ্যোগ হিচাপে লিজ্জতৰ আৰম্ভণি হৈছিল যদিও পিছলৈ ই গ্ৰাম্য অঞ্চললৈ বিয়পি পৰে।[5] নাৰী সবলীকৰণৰ সৈতে চিহ্নিত কৰা এই সংস্থাটোক মহিলাসকলৰ উদ্যোগীকৰণৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে গণ্য কৰা হয়।[6] সমগ্ৰ ভাৰতত ৪৫,০০০ লিজ্জতৰ ভগ্নী প্ৰকল্পই একে সোৱাদ আৰু মানদণ্ডৰ ৪.৫ বিলিয়ন পাপড় তৈয়াৰ কৰে।

ইতিহাস[সম্পাদনা কৰক]

মুম্বাইৰ সাতগৰাকী গুজৰাটী মহিলাই লিজ্জত আৰম্ভ কৰিছিল। এই মহিলা কেইগৰাকী গিৰগাওঁৰ পাঁচটা অট্টালিকাৰ লোহানা নিবাসত বাস কৰিছিল। তেওঁলোকে নিজৰ একমাত্ৰ দক্ষতা অৰ্থাৎ ৰন্ধনবিদ্যাৰ সু-ব্যৱহাৰ কৰি এক বহনক্ষম জীৱিকা সৃষ্টিৰ বাবে এটা উদ্যোগ আৰম্ভ কৰিব বিচাৰিছিল। এই সাতগৰাকী মহিলা হৈছে যশৱন্তীবেন যমনাদাস পোপট,পাৰ্বতীবেন ৰামদাস থোদানি, উজামবেন নৰনদাস কুন্দলিয়া, ভানুবেন এন. টান্না, লাগুবেন অমৃতলাল গোকানি, জয়াবেন ভি. বিথালনী আৰু দিৱালীবেন লুক্কা।[7][8]

মহিলাসকলে চাৰ্ভেণ্টছ অফ ইণ্ডিয়া ছ’চাইটিৰ সদস্য তথা সমাজকৰ্মী ছগনলাল কৰমসী পাৰেখৰ পৰা ৮০ টকা ঋণ লৈছিল।[8] তেওঁলোকে এজন লক্ষ্মীদাস ভাই নামৰ লোকচানত চলি থকা পাপড় নিৰ্মাণৰ উদ্যোগ এটা ক্ৰয় কৰি লয়।[9] ১৯৫৯ চনৰ ১৫ মাৰ্চত তেওঁলোকে নিজৰ অট্টালিকাৰ টেৰেচত গোট খাই ৪টা পেকেট পাপড়েৰে উৎপাদন আৰম্ভ কৰে।[10] ভূলেশ্বৰৰ এজন চিনাকি বেপাৰীৰ যোগেদি তেওঁলোকৰ উৎপাদিত সামগ্ৰীখিনি বিক্ৰী কৰিবলৈ ধৰিলে। আৰম্ভণিৰে পৰাই মহিলাসকলে সিদ্ধান্ত লৈছিল যে সংস্থাটোৱে লোকচান হ'লেও তেওঁলোকে অনুদান বা সহায় বিচাৰি কাৰো ওচৰলৈ নাযায়।[11]

ছগনলাল পাৰেখ, যাৰ জনপ্ৰিয়ভাবে চাগনবাপা নামেৰে পৰিচিত আছিল, তেওঁ এই উদ্যোগী মহিলাসকলৰ পথ প্ৰদৰ্শক হৈ পৰিছিল। প্ৰথম অৱস্থাত মহিলাসকলে দুটা ভিন্ন মানৰ পাপড় বনাইছিল; কম গুণমানৰটো কম দামত বিক্ৰী কৰিবলৈ। চাগনবাপাই তেওঁলোকক এটা মানকৰ পাপড় বনাবলৈ পৰামৰ্শ দিছিল আৰু গুণগত মানৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰিবলৈ হাক দিছিল। তেওঁ ব্যৱসায়িক উদ্যোগ হিচাপে চলোৱা আৰু সঠিক হিচাপ ৰখাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল।[12]

লিজ্জতৰ সমবায় সংস্থা হিচাপে সম্প্ৰসাৰণ ঘটিল। প্ৰথম অৱস্থাত তাত কম বয়সীয়া ছোৱালীয়েও যোগদান কৰিব পাৰিছিল যদিও পিছলৈ ওঠৰ বছৰ প্ৰৱেশৰ নূন্যতম বয়স হিচাপে নিৰ্ধাৰণ কৰা হৈছিল। তিনিমাহৰ ভিতৰতে পাপড় তৈয়াৰ কৰা মহিলাৰ সংখ্যা প্ৰায় ২৫ গৰাকী হয়গৈ। কম সময়ৰ ভিতৰত মহিলাসকলে ব্যৱসায়ৰ বাবে আৰু বাচন-বৰ্তন, আলমাৰী, চৌকা আদি কিছুমান সঁজুলি কিনে। প্ৰথম বছৰত সংস্থাটোৰ বাৰ্ষিক বিক্ৰী আছিল ৬১৯৬ টকা। ভঙা পাপড়বোৰ ওচৰ-চুবুৰীয়াৰ মাজত বিতৰণ কৰি দিছিল।[13]

ৰপ্তানি[সম্পাদনা কৰক]

ভাৰতৰ ১৭খন ৰাজ্যৰ ৮২টা শাখাৰ যোগেদি সমগ্ৰ দেশতে লিজ্জত পাপড়ৰ ব্যৱসায় চলি আছে। বৰ্তমান লিজ্জতে মাৰ্চেণ্ট এক্সপ’ৰ্টাৰৰ সহায়ত নিজৰ সামগ্ৰী ৰপ্তানি কৰে। তেওঁলোকে নিজৰ সামগ্ৰী আমেৰিকা, যুক্তৰাজ্য, ফ্ৰান্স, জাৰ্মানী, ইটালী, মধ্যপ্ৰাচ্যৰ দেশ, থাইলেণ্ড, ছিংগাপুৰ, হংকং (চীন), নেদাৰলেণ্ড, জাপান, কানাডা, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকাকে ধৰি ২৫খনৰো অধিক দেশলৈ ৰপ্তানি কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Lijjat Papad Company – A Story of Women Empowerment". 8 August 2019. https://news.badabusiness.com/business-case-studies/lijjat-papad-company-a-story-of-women-empowerment-1059.html. 
  2. "Home > Organisation > About Us". 18 May 2021. Archived from the original on 8 March 2022. https://web.archive.org/web/20220308205918/http://www.lijjat.com/Organisation/BriefInformation.aspx। আহৰণ কৰা হৈছে: 18 February 2023. 
  3. "Lijjat Papad Company – A Story of Women Empowerment" (en ভাষাত). badabusinesspvtltd. 2019-08-08. https://news.badabusiness.com/business-case-studies/lijjat-papad-company-a-story-of-women-empowerment-1059.html। আহৰণ কৰা হৈছে: 2021-05-18. 
  4. "The amazing Lijjat Papad story: from Rs 80 to Rs 800 crore". Yahoo Finance. 4 September 2017. https://in.finance.yahoo.com/news/amazing-lijjat-papad-story-rs-80-rs-800-crore-130350826.html. 
  5. Seema Sharma and Kanta Sharma. Encyclopaedia of Indian Women. Vol. VII: Women Employment. New Delhi, Anmol, 2005, 11 vols., cxliii, 4476 p., আই.এচ.বি.এন. 81-261-2292-7
  6. "ગૃહિણીઓ દ્વારા, ગૃહિણીઓ માટે ગૃહિણીઓને રોજગાર આપતો ગૃહઉદ્યોગ લાજવાબ લિજ્જત" (gu ভাষাত). Gujarati Mid-day. 2021-01-31. https://www.gujaratimidday.com/news/articles/in-conversation-with-owner-of-lijjat-papad-jaswanti-popat-winner-of-padma-award-134006। আহৰণ কৰা হৈছে: 2021-02-03. 
  7. "Successful Women Entrepreneurs: Shri Mahila Griha Udyog Lijjat Papad (Lijjat)". ICFAI Center for Management Research. Archived from the original on 3 October 2006. https://web.archive.org/web/20061003175408/http://www.icmr.icfai.org/casestudies/Women%20and%20Entrepreneurship9.htm। আহৰণ কৰা হৈছে: 31 January 2021. 
  8. 8.0 8.1 Malathi Ramanathan. "Grassroots Developments in Women's Empowerment in India: Case Study of Shri Mahila Griha Udyog Lijjat Papad (1959–2000)". Archived from the original on 15 March 2007. https://web.archive.org/web/20070315185105/http://www.pcr.uu.se/conferenses/myrdal/pdf/Malathi_Ramanathan.pdf। আহৰণ কৰা হৈছে: 15 January 2007. 
  9. "organization – The Beginning". Lijjat. Archived from the original on 27 September 2007. https://web.archive.org/web/20070927080611/http://www.lijjat.com/Content.asp?id_Section=6। আহৰণ কৰা হৈছে: 4 February 2006. 
  10. "Queens of PAPADom". The Times of India. 6 December 2001. http://timesofindia.indiatimes.com/। আহৰণ কৰা হৈছে: 15 January 2007. 
  11. Surekha Kadapa-Bose. "A model of modern development". The tmtc Journal of Management. Archived from the original on 6 January 2007. https://web.archive.org/web/20070106185346/http://tmtctata.com/journal/Dec%202003/Pg-35-40-Lijjat%20case%20study.pdf। আহৰণ কৰা হৈছে: 15 January 2007. 
  12. Pathak, Ramnarayan Nagardas, Punyashlok Chhaganbapa, translated into English by Prof.V.T.Yardi, Published by Shri Mahila Griha Udyag Lijjat Papad, Jan. 1980, p.114-117
  13. Deepti Bhatnagar (IIM-A), Animesh Rathore ((IIM-A)), Magüi Moreno Torres (World Bank), Parameeta Kanungo (World Bank).. "Empowering Women in Urban India: Shri Mahila Griha Udyog Lijjat Papad". The tmtc Journal of Management. http://documents.worldbank.org/curated/en/137931468259467850/Empowering-women-in-urban-India-Shri-Mahila-Griha-Udyog-Lijjat-Papad। আহৰণ কৰা হৈছে: 16 January 2007.