লিজ-মেৰী ডেজিয়ান
লিজ-মেৰী ডেজিয়ান (ইংৰাজী: Lise-Marie Déjean) হৈছে হাইটিৰ এগৰাকী মহিলা অধিকাৰ ৰক্ষাকাৰী আৰু সংগঠক যিয়ে হাইটিত মহিলাৰ মৰ্যাদা আৰু অধিকাৰ মন্ত্ৰালয়ৰ প্ৰথম মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1]
জীৱন
[সম্পাদনা কৰক]লিজ-মেৰী ডেজিয়ানে ১৯৪০ চনত জন্মগ্ৰহণ কৰিছিল৷ স্পেইনত তেওঁ চিকিৎসক হ’বলৈ অধ্যয়ন কৰিছিল আৰু চিকিৎসা দক্ষতা ব্যৱহাৰ কৰি নিউয়ৰ্ক চহৰত আৰু সমগ্ৰ হাইটিৰ গ্ৰাম্য অঞ্চল আৰু প’ৰ্ট-অ’-প্ৰিন্স মহানগৰীৰ মহিলাসকলৰ সৈতে কাম কৰিছিল। হাইটিত তেওঁৰ কামত তেওঁ মাতৃসকলৰ মৃত্যুৰ হাৰ উচ্চ হোৱাটো লক্ষ্য কৰিছিল যাৰ ফলত তেওঁ দেশখনত লিংগ বৈষম্য আৰু প্ৰজনন অধিকাৰৰ অভাৱৰ পৰিসৰ স্বীকাৰ কৰিছিল।[2] ১৯৮৭ চনত প্ৰতিষ্ঠা হোৱাৰ কিছু সময়ৰ পিছতে তেওঁ হাইটিৰ মহিলা সংহতি (Solidarite Fanm Ayisyèn, SOFA) নামৰ এটা প্ৰধান মহিলা সংগঠনত যোগদান কৰে।[3] তেখেতে ছ'ফাত ৩৫ বছৰীয়া অংশগ্ৰহণৰ সময়ছোৱাত কেইবাটাও ভূমিকাত কাম কৰি আহিছে, য'ত মহিলা স্বাস্থ্য কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় সমন্বয়ক আৰু সমন্বয়ক হিচাপে কাম কৰিছে।[4] ছ'ফাৰ সমন্বয়ক সমিতিৰ দীৰ্ঘম্যাদী সদস্য হিচাপে তেওঁ সমগ্ৰ দেশৰ প্ৰান্তীয় চুবুৰী (বস্তি)ত মহিলাৰ ক্লিনিক মুকলি কৰাত সহায় কৰিছিল।[5]
হাইটিৰ নাৰী আন্দোলন আৰু লেটিন আমেৰিকা, কেৰিবিয়ান অঞ্চলৰ বহু নাৰীবাদীৰ সৈতে ডেজিনে মহিলাৰ অধিকাৰৰ প্ৰতি নিবেদিত ৰাষ্ট্ৰীয় মন্ত্ৰালয় সৃষ্টিৰ দিশত কাম কৰিছিল।[6] ১৯৯৪ চনত কায়ৰোত অনুষ্ঠিত হোৱা জনসংখ্যা আৰু উন্নয়নৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনে হাইটিৰ মহিলা মন্ত্ৰালয় প্ৰতিষ্ঠা কৰাৰ আগৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠান আছিল কাৰণ ইয়াৰ দ্বাৰা এই প্ৰচেষ্টাৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় সমৰ্থন লাভ কৰা হৈছিল। হাইটিৰ মহিলাৰ অৱস্থা আৰু অধিকাৰ মন্ত্ৰালয় (Ministère à la Condition féminine et aux Droit des femmes, MCFDF) ১৯৯৪ চনৰ ৮ নৱেম্বৰত প্ৰতিষ্ঠা কৰা হয়।ড° ডিজেনক মন্ত্ৰী পদত নিযুক্তি দিয়া হয় আৰু ১৯৯৬ চনত জিন-বাৰ্ট্ৰাণ্ড এৰিষ্টাইডৰ প্ৰথম প্ৰশাসনৰ শেষলৈকে কাৰ্যনিৰ্বাহ কৰে।[5][7] মন্ত্ৰী হিচাপে তেওঁৰ এবছৰীয়া কাৰ্যকাল আৰু তাৰ পিছত তেওঁ লিংগ সমতাৰ সংগ্ৰামত নাগৰিকৰ অংশগ্ৰহণ, চৰকাৰৰ তিনিটা শাখাৰ ভিতৰত ৰাজনৈতিক ইচ্ছাশক্তি আৰু ৰাজহুৱা খণ্ডৰ পুঁজিৰ প্ৰয়োজনীয়তাৰ বিষয়ে অভিমত প্ৰকাশ কৰি আহিছে।[8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Staggering numbers of women unable to exercise decision-making over their own bodies, new UNFPA report shows" (en ভাষাত). www.unfpa.org. https://www.unfpa.org/news/staggering-numbers-women-unable-exercise-decision-making-over-their-own-bodies-new-unfpa-report। আহৰণ কৰা হৈছে: 5 April 2021.
- ↑ "SS3_Lise-Marie Déjean" (en ভাষাত). Nairobi Summit. 16 October 2019. https://www.nairobisummiticpd.org/speaker/ss3lise-marie-dejean। আহৰণ কৰা হৈছে: 5 April 2021.
- ↑ Schuller, Mark (2012). "'We Need to Stay Vigilant': An Interview with Lise-Marie Déjean". In Schuller, Mark; Morales, Pablo. Tectonic Shifts: Haiti Since the Earthquake. Kumarian Press. পৃষ্ঠা. 227–231. ISBN 978-1-56549-512-8.
- ↑ Hirao, Denise (2 February 2010). "The International Feminist Solidarity Camp Addresses Women's Rights In Haiti" (en-US ভাষাত). International Women's Health Coalition. Archived from the original on 14 August 2021. https://web.archive.org/web/20210814145939/https://iwhc.org/2010/02/women-activists-in-the-aftermath-of-haitis-earthquake/। আহৰণ কৰা হৈছে: 5 April 2021.
- ↑ 5.0 5.1 Luchsinger, Gretchen; Jensen, Janet; Jensen, Lois; Ottolini, Cristina (2019). Icons & Activists. 50 years of people making change. প্ৰকাশক New York: UNFPA. পৃষ্ঠা. 71. ISBN 978-0-89714-044-7. https://www.unfpa.org/sites/default/files/Actions-And-Activists.pdf.
- ↑ "For Women in Haiti, a Fresh Start". Christian Science Monitor. 19 April 1995. ISSN 0882-7729. https://www.csmonitor.com/1995/0419/19111.html.
- ↑ "Dr Lise Marie Déjean, 25 années de lutte continue pour le droit des filles et des femmes". Le Nouvelliste. https://lenouvelliste.com/public/index.php/article/209682/dr-lise-marie-dejean-25-annees-de-lutte-continue-pour-le-droit-des-filles-et-des-femmes। আহৰণ কৰা হৈছে: 5 April 2021.
- ↑ "Haïti-Genre : La dirigeante féministe et ancienne ministre Lise-Marie Déjean appelle à renforcer les acquis du mouvement des femmes". www.alterpresse.org. https://www.alterpresse.org/spip.php?article21377। আহৰণ কৰা হৈছে: 5 April 2021.