লিটল হোছনা
| লিটল হোছনা | |
|---|---|
| শৈলী | কাৰ্টুন (এনিমেচন) |
| পৰিচালক | হুছেইন ছাফাৰজাদেগান, মজিদ মেহমুদী |
| দেশ | ইৰান |
| ভাষা | ফাৰ্চী |
| খণ্ডৰ সংখ্যা | ৯১টা খণ্ড |
| প্ৰযোজনা | |
| প্ৰযোজক | ঔজ আৰ্টছ এণ্ড মিডিয়া অৰ্গেনাইজেশ্যন |
| স্থান | তেহৰান, ইৰান |
| দৈৰ্ঘ্য | ১৪ মিনিট |
| ষ্টুডিঅ’ | আইআৰআইবি (IRIB) |
| সম্প্ৰচাৰ | |
| মূল ছেনেল | আইআৰআইবি পুয়া এণ্ড নাহাল |
| প্ৰদৰ্শনৰ সময় | ২০১৬ |
লিটল হোছনা (ফাৰ্চী: بچههای ساختمان گلها) হৈছে এখন ইৰানী এনিমেচন ধাৰাবাহিক। এই কাৰ্টুনখন ২০১৬ চনৰ শেষৰফালে প্ৰথমবাৰৰ বাবে পুয়া চেনেলত সম্প্ৰচাৰ কৰা হৈছিল। ৯১টা খণ্ডৰ এই এনিমেচনখনৰ উৎপাদন প্ৰকল্প ২০১৫ চনৰ জানুৱাৰী মাহত আৰম্ভ হৈ ২০১৬ চনৰ আগষ্ট মাহত সমাপ্ত হয়। স্যাবিয়ান ষ্টুডিঅ’ৰদ্বাৰা নিৰ্মিত এইখন শিশুসকলৰ বাবে প্ৰস্তুত কৰা দ্বিতীয়খন এনিমেচন ধাৰাবাহিক।[1][2][3]
লিটল হোছনা হৈছে গোলহা নামৰ এটা ৪ মহলীয়া আৰু ৮টা পৰিয়াল থকা এপাৰ্টমেণ্ট বিল্ডিংত বাস কৰা শিশুসকলৰ জীৱনৰ বিভিন্ন কাহিনী আৰু ঘটনাৰ সংগ্ৰহ। এই ধাৰাবাহিকখনৰ মুখ্য চৰিত্ৰত আছে হোছনা নামৰ এজনী সৰু ছোৱালী। তাই মাক-দেউতাক আৰু উপহাৰ হিচাপে পোৱা এটা ৰাজহাঁহৰ সৈতে সেই এপাৰ্টমেণ্টৰে এটা ফ্লেটত বাস কৰে। প্ৰতিটো খণ্ডতে তাই নিজৰ ওচৰ-চুবুৰীয়াৰ সৈতে মিলি একো একোটা নতুন পৰিস্থিতিৰ সৃষ্টি কৰে, যিয়ে শেষত শিশুসকলক একোটা শিক্ষণীয় বাৰ্তা প্ৰদান কৰে।[4]
কাহিনী
[সম্পাদনা কৰক]এই ফ্লাৱাৰ বিল্ডিং বা ফুলৰ অট্টালিকাটোত কেইটামান সুখী আৰু চঞ্চল শিশুৱে নিজৰ পৰিয়ালৰ সৈতে বসবাস কৰে। তেওঁলোক এজন আনজনৰ ওচৰ-চুবুৰীয়া। শিশুকেইটাই প্ৰতিদিনে নতুন নতুন খেল খেলে আৰু নিজৰ পৰিয়ালৰ সহায়ত বহুতো নতুন কথা শিকে।
হোছনা হৈছে এজনী সৰু ছোৱালী, যি তাইৰ মাক-দেউতাকৰ সৈতে এই অট্টালিকাটোত থাকে। হোছনাৰ দেউতাকে তাইৰ জন্মদিনত এটা ৰাজহাঁহ উপহাৰ দিয়ে। হোছনা আৰু তাইৰ ৰাজহাঁহটোৱে প্ৰতিদিনে ওচৰ-চুবুৰীয়াৰ ল’ৰা-ছোৱালীৰ সৈতে উমলি ফুৰে আৰু সিহঁতে যিয়েই নিশিকক কিয়, সেই সকলোবোৰ কথা ইজনে সিজনক শিকায়।[5][6][7][8][9]
লিটল হোছনা ২
[সম্পাদনা কৰক]হুছেইন ছাফাৰজাদেগানৰদ্বাৰা পৰিচালিত লিটল হোছনা এনিমেচন ধাৰাবাহিকখনৰ দ্বিতীয়টো সংস্কৰণো মুক্তি দিয়া হৈছে। এই এনিমেচনখন ১২ মিনিট দৈৰ্ঘ্যৰ মুঠ ৬৭টা খণ্ডত শিশুসকলৰ বাবে উপলব্ধ কৰা হৈছে।[10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ লিটল হোছনা এনিমেচন https://ifilo.net/v/CDOfxbd Archived 2025-01-23 at the Wayback Machine
- ↑ ৯১ খণ্ডৰ এনিমেচন ধাৰাবাহিকখনৰ উৎপাদন উৎসৱ অনুষ্ঠিত হৈ গ’ল https://www.mehrnews.com/news/3741536/
- ↑ শিশুসকলৰ বাবে সৰ্ববৃহৎ এনিমেচন ধাৰাবাহিকখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে https://web.archive.org/web/20171018025437/http://www.farsnews.com/newstext.php?nn=13950527001480
- ↑ লিটল হোছনা এনিমেচন ডাউনলোড https://www.uptvs.com/contents/%D8%AF%D8%A7%D9%86%D9%84%D9%88%D8%AF-%D8%A7%D9%86%DB%8C%D9%85%DB%8C%D8%B4%D9%86-%D8%AD%D8%B3%D9%86%D8%A7-%DA%A9%D9%88%DA%86%D9%88%D9%84%D9%88-%D8%AF%D9%88%D8%A8%D9%84%D9%87-%D9%81%D8%A7%D8%B1%D8%B3.html
- ↑ ফ্লচফী অৱ হিজাব প্ৰকাশ কৰিবলৈ নিৰ্মাণ কৰা এনিমেচন: চিলড্ৰেন অৱ দি ফ্লাৱাৰ বিল্ডিং https://web.archive.org/web/20170710100740/http://mehrkhane.com/fa/news/34131/
- ↑ চিলড্ৰেন অৱ দি ফ্লাৱাৰ বিল্ডিং - লিটল হোছনা https://www.aparat.com/v/c524s4b
- ↑ শিশুসকলৰ বাবে সৰ্ববৃহৎ এনিমেচন ধাৰাবাহিক চিলড্ৰেন অৱ দি ফ্লাৱাৰ বিল্ডিং মুকলি কৰা হৈছে https://www.tasnimnews.com/fa/news/1395/05/27/1161143/
- ↑ লিটল হোছনাৰ দ্বিতীয়টো সংস্কৰণ অতি সোনকালে সম্প্ৰচাৰিত হ’ব https://www.tasnimnews.com/fa/news/1398/05/06/2063722/
- ↑ চিলড্ৰেন অৱ দি ফ্লাৱাৰ বিল্ডিং https://www.aparat.com/v/r426d59
- ↑ লিটল হোছনা ২ মুক্তি পাইছে https://snn.ir