লিডিয়া ব্ৰেডী
| লিডিয়া ব্ৰেডী | |
|---|---|
২০২০ চনত ব্ৰেডী | |
| জন্ম | ০৯ অক্টোবৰ, ১৯৬১ (৬৪ বছৰ) ক্ৰাইষ্টচাৰ্চ, নিউজিলেণ্ড |
| পেচা | পৰ্বতাৰোহী |
| জনা যায় | পৰিপূৰক অক্সিজেন নোহোৱাকৈ মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথম মহিলা (১৯৮৮) |
| অংশীদাৰ | ডিন ষ্টেপলছ |
লিডিয়া পৌনামু ব্ৰেডী অ ন জে এম (ইংৰাজী: Lydia Pounamu Brady ONZM; জন্ম: ৯ অক্টোবৰ ১৯৬১) নিউজিলেণ্ডৰ এগৰাকী পৰ্বতাৰোহী। ১৯৮৮ চনত পৰিপূৰক অক্সিজেন নোহোৱাকৈ মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।[1] তেওঁ মুঠ ছবাৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছে।[2][3][4]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]লিডিয়া ব্ৰেডীৰ জন্ম হৈছিল নিউজিলেণ্ডৰ ক্ৰাইষ্টচাৰ্চত। পিতৃৰ নাম জন ব্ৰেডী আৰু মাতৃ নাম ৰয়ছ। শৈশৱৰ বেছিভাগ সময়ত দেউতাক তেওঁলোকৰ লগত নাছিল বাবে লিডিয়া আৰু মাকে আৰ্থিকভাৱে সংগ্ৰাম কৰি জীৱন কটাব লগা হৈছিল।[5] লিডিয়া ব্ৰেডিয়ে কিশোৰী অৱস্থাতে পৰ্বতাৰোহণৰ কাম হাতত লৈছিল; ১৪ বছৰ বয়সত তেওঁ প্ৰথম প্ৰান্তৰ অভিযানত নামিছিল আৰু ১৭ বছৰ বয়সত তেওঁ মাউণ্ট কুক আৰু মাউণ্ট এস্পাইৰিঙৰ শিখৰত উঠিছিল।[6] এই সময়ছোৱাত তেওঁ নিয়মিতভাৱে বন্ধু ৰব হলৰ সৈতে পাহাৰ আৰোহণ কৰিছিল আৰু পিছলৈ তেওঁৰ বন্ধু গেৰী বলক লগ পাইছিল।[5] ১৯ বছৰ বয়সত ব্ৰেডিয়ে নিউজিলেণ্ড এৰি চাৰিবছৰীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্বতাৰোহণ ভ্ৰমণলৈ যায়, য’ত আলাস্কাৰ ডেনালিত উঠিবলৈ চেষ্টা কৰিছিল আৰু যোচেমাইটৰ ডাঙৰ দেৱালসমূহত দহবাৰ আৰোহণ কৰিছিল। ইয়াৰ ভিতৰত সাতটা আৰোহণ প্ৰথমবাৰৰ বাবে লিডিয়া ব্ৰেডীয়ে কৰা আৰোহণ আছিল।[5][6]
পৰ্বতাৰোহণ জীৱন
[সম্পাদনা কৰক]১৯৮৭ চনত ব্ৰেডিয়ে দ্বিতীয় গাশ্বাৰব্ৰামৰ শিখৰত আৰোহণ কৰে। এই আৰোহণৰ ফলত তেওঁ বিশ্বৰ চৈধ্যটা ৮,০০০ মিটাৰ উচ্চতাৰ শৃংগৰ ভিতৰত এটাত বগাই উপনীত হোৱা প্ৰথমগৰাকী অষ্ট্ৰেলিয়ান মহিলা হিচাপে পৰিগণিত হয়।[6] এই আৰোহণ বিতৰ্কিত বুলি প্ৰমাণিত হয় কাৰণ ব্ৰেডিয়ে কাষৰীয়া গেছাৰব্ৰাম I ৰ সহায়লৈ গাশ্বাৰব্ৰামৰ শিখৰত আৰোহণ কৰিছিল, যাৰ ফলত তেওঁৰ আৰোহণ অবৈধ হৈ পৰিছিল।[5] ১৯৮৮ চনৰ অক্টোবৰ মাহত ব্ৰেডিয়ে সফলতাৰে এককভাৱে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰে, তেওঁ পৰিপূৰক অক্সিজেন অবিহনে শিখৰত উপনীত হোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়, লগতে সেই সময়ত নিউজিলেণ্ডৰ প্ৰথম মহিলা আৰু আটাইতকৈ কম বয়সীয়া মহিলা হিচাপে ক্ষ্যাতি লাভ কৰে।[7] এই আৰোহণেও পূৰ্বৰ বছৰৰ দ্বিতীয় গাশ্বাৰব্ৰামৰ দৰে নেপালীসকলৰ সৈতে সহমতত উপনীত হোৱাত নিয়ম ভংগ কৰিছিল। তেওঁ যিটো পথেৰে আৰোহণ কৰিছিল সেই পথটোৰ বাবে অনুমতি পত্ৰ নাছিল। আৰু পাহাৰ বগোৱাৰপৰা নিষিদ্ধ হোৱাৰপৰা হাত সাৰিবলৈ তেওঁৰ সতীৰ্থ ৰব হল আৰু গেৰী বলে কয় যে তেওঁ শিখৰত উপনীত হোৱা নাই। যেতিয়া নেপাল চৰকাৰে ব্ৰেডীক ১০ বছৰৰ বাবে মাউণ্ট এভাৰেষ্ট আৰোহণ নিষেধাজ্ঞাৰ ভাবুকি দিছিল, তেতিয়া তেওঁ মাউণ্ট এভাৰেষ্টৰ শীৰ্ষত উপনীত হোৱা বুলি কৰা নিজৰ দাবীটো উঠাই লৈছিল। কিন্তু পিছত তেওঁ পুনৰ স্পষ্টকৈ কৈছিল যে তেওঁ সঁচাকৈয়ে এভাৰেষ্টৰ শীৰ্ষত উপনীত হৈছিল। [7]
১৯৯৪ চনত ব্ৰেডিয়ে অকলেণ্ড বিশ্ববিদ্যালয়ৰপৰা ফিজিঅ’থেৰাপিৰ ডিগ্ৰী লাভ কৰে। ১৯৯৮ চনত তেওঁ আকুপাংচাৰৰ প্ৰমাণ-পত্ৰ সম্পূৰ্ণ কৰে আৰু ২০০০ চনত আন্তঃৰাষ্ট্ৰীয় মাউণ্টেন এণ্ড স্কি গাইড (আইএফএমজিএ) হয়।[8] তেতিয়াৰপৰাই তেওঁ ৱানাকাত ভিত্তি কৰি আলপাইন গাইড হিচাপে কাম কৰে।[9] ব্ৰেডীয়ে প্ৰথম আৰোহণৰ বিছ বছৰৰ পাছত ২০০৮ চনৰ মে’ মাহত মাউণ্ট এভাৰেষ্টৰ দ্বিতীয়টো শিখৰত আৰোহণ কৰে। তেখেতে আউটফিতাৰ এডভেঞ্চাৰ কনচালটেণ্টছ (এচি)ৰ অধীনত ক্লায়েণ্টৰ এটা দলৰ বাবে গাইড হিচাপে উঠিছিল।[9] ২০১৩, ২০১৬ আৰু ২০১৮ চনত ব্ৰেডিয়ে এভাৰেষ্টত তৃতীয়ৰপৰা পঞ্চমটো আৰোহণ সম্পূৰ্ণ কৰিছিল। পুনৰ এচি গাইড হিচাপে কাম কৰিছিল; আৰু ২০১৯ চনত তেওঁ ষষ্ঠবাৰৰ বাবে এভাৰেষ্ট আৰোহণত গাইড হিচাপে অংশ লয়। এইবাৰ তেওঁ চীনৰ তিব্বতৰপৰা এটা আমেৰিকান কোম্পানী আলপেংল' এক্সপেডিচনৰ বাবে গাইড কৰিছিল।[3]
পৰ্বতাৰোহণ ক্ষেত্ৰত তেওঁৰ উল্লেখযোগ্য অৱদানৰ বাবে ২০২০ চনৰ নৱবৰ্ষৰ সন্মানত তেওঁক নিউজিলেণ্ড অৰ্ডাৰ অৱ মেৰিটৰ বিষয়া হিচাপে নিযুক্তি প্ৰদান কৰা হয়।[10]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Going Up is Easy goodreads.com
- ↑ "List of Everest summiters [sic with Adventure Consultants"]. adventureconsultants.com. Archived from the original on 2 December 2016. https://web.archive.org/web/20161202041443/http://www.adventureconsultants.com/adventure/EverestSummitList/। আহৰণ কৰা হৈছে: 9 January 2017.
- 1 2 Ibbotson, Lucy (22 May 2013). "Record-breaking glory on Mt Everest". The New Zealand Herald. http://www.nzherald.co.nz/nz/news/article.cfm?c_id=1&objectid=10885297.
- ↑ "Everest Expedition". Adventure Consultants. https://www.adventureconsultants.com/expeditions/seven-summits/everest/.
- 1 2 3 4 Child, Greg (1998). Postcards from the Ledge. প্ৰকাশক Seattle, Washington: Mountaineers Books.
- 1 2 3 "Everest Summiter: [sic Lydia Bradey"]. EverestNews.com. 2004. http://www.everestnews2004.com/climbers/lydiabradey1987.htm। আহৰণ কৰা হৈছে: 10 March 2014.
- 1 2 Daly, Michael (29 May 2013). "Everest's history marked in blood". Stuff.co.nz. http://www.stuff.co.nz/world/asia/8729630/Everests-history-marked-in-blood। আহৰণ কৰা হৈছে: 10 March 2014.
- ↑ "Lydia Bradey: High Altitude Climber and Motivational Speaker". CelebritySpeakers.com.au. Archived from the original on 10 March 2014. https://web.archive.org/web/20140310130532/http://www.celebrityspeakers.com.au/lydia-bradey/। আহৰণ কৰা হৈছে: 10 March 2014.
- 1 2 Haggart, Matthew (27 May 2008). "Lydia on top of peak twice in 20 years". Otago Daily Times. Archived from the original on 10 March 2014. https://web.archive.org/web/20140310125814/http://www.odt.co.nz/news/queenstown-lakes/7319/lydia-top-peak-twice-20-years.
- ↑ "New Year honours list 2020". Department of the Prime Minister and Cabinet. 31 December 2019. https://www.dpmc.govt.nz/publications/new-year-honours-list-2020। আহৰণ কৰা হৈছে: 31 December 2019.