লিণ্ডছে লোহান
| লিণ্ডছে লোহান | |
|---|---|
২০২৫ চনত লোহান | |
| জন্ম | লিণ্ডছে ডি লোহান ২ জুলাই, ১৯৮৬ (৪০ বছৰ) নিউয়ৰ্ক চিটি, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| পেচা | অভিনেত্ৰী, গায়িকা, গীতিকাৰ[1] |
| সক্ৰিয় হৈ থকা সময় | ১৯৮৯–বৰ্তমান |
| দাম্পত্যসঙ্গী | বেডাৰ চামাছ (বিবাহ ২০২২) |
| পিতৃ-মাতৃ | মাইকেল লোহান, দিনা লোহান |
| সন্তান | ১ |
| আত্মীয়-স্বজন | আলিয়ানা লোহান (ভনীৰেক) |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | বঁটা আৰু মনোনয়নৰ সম্পূৰ্ণ তালিকা |
| 'সঙ্গীত যাত্ৰা' | |
| সংগীতৰ ধৰণ | পপ, পপ ৰক[2] |
| বাদ্যযন্ত্ৰ | কণ্ঠশিল্পী |
| লেবেল | কাচাব্লাংকা, ইউনিভাৰ্চেল মটাউন, ৰিপাব্লিক |
| ৱেবছাইট | lindsaylohan |
লিণ্ডছে ডি লোহান (ইংৰাজী: Lindsay Dee Lohan; জন্ম ২ জুলাই, ১৯৮৬) এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু গীতিকাৰ। মাত্ৰ তিনি বছৰ বয়সতে তেওঁ 'ফৰ্ড মডেলছ'ৰ সৈতে চুক্তিবদ্ধ হৈছিল আৰু শিশু অভিনেত্ৰী হিচাপে গাইডিং লাইট (১৯৯৩) আৰু এনাডাৰ ৱৰ্ল্ড (১৯৯৬–১৯৯৭) নামৰ ধাৰাবাহিকৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰিছিল। ৱাল্ট ডিজনি পিকচাৰ্ছৰ কমেডী চিনেমা দ্য পেৰেন্ট ট্ৰেপ (১৯৯৮)-ত যমজ ভগ্নীৰ দ্বৈত চৰিত্ৰত অভিনয় কৰি তেওঁ বিশেষ সফলতা লাভ কৰে। ইয়াৰ পিছত তেওঁ লাইফ-চাইজ (২০০০), গেট এ ক্লু (২০০২), ফ্ৰিকি ফ্ৰাইডে (২০০৩) আৰু কনফেচনছ অৱ এ টিনেজ ড্ৰামা কুইন (২০০৪) আদি ছবিত অভিনয় কৰে। ২০০৪ চনৰ কমেডী চিনেমা মিন গাৰ্লছ-ত কেডি হেৰনৰ চৰিত্ৰত কৰা অভিনয়ে তেওঁক এগৰাকী কিশোৰী আইডল আৰু আগশাৰীৰ অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰে।
লোহানে কাচাব্লাংকা ৰেকৰ্ডছৰ সৈতে চুক্তিবদ্ধ হৈ দুখন ষ্টুডিঅ' এলবাম মুকলি কৰে— স্পীক (২০০৪) আৰু এ লিটল ম'ৰ পাৰ্চনেল (ৰ' ) (২০০৫)। ইয়াৰ উপৰিও তেওঁ হাৰ্বি: ফুলি লোডেড (২০০৫) আৰু জাষ্ট মাই লাক (২০০৬) আদি ছবিত অভিনয় কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ এ প্ৰেইৰী হোম কম্পেনিয়ন, ববী (২০১৬) আৰু চ্যাপ্টাৰ ২৭ (২০০৭) আদি স্বতন্ত্ৰ ছবিতো কাম কৰে। ব্যক্তিগত জীৱনৰ আইনী জটিলতা আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ সমস্যাৰ বাবে তেওঁৰ কেৰিয়াৰত কিছু বাধা আহিছিল যদিও তেওঁ মেচেটি (২০১০), লিজ এণ্ড ডিক (২০১২) আৰু দ্য কেনিয়নছ (২০১৩)-ৰ জৰিয়তে অভিনয়লৈ ঘূৰি অহাৰ চেষ্টা কৰে।
অপাৰ উইনফ্ৰিৰ নিৰ্দেশনাত লোহানক কেন্দ্ৰ কৰি লিণ্ডছে (২০১৪) নামৰ এখন তথ্যচিত্ৰ শৃংখলা নিৰ্মাণ কৰা হৈছিল। তেওঁ লণ্ডনৰ ৱেষ্ট এণ্ড থিয়েটাৰত স্পীড-দ্য-প্লাউ (২০১৪) নাটকৰ জৰিয়তে মঞ্চত আত্মপ্ৰকাশ কৰে। শেহতীয়াকৈ তেওঁ নেটফ্লিক্সৰ ৰোমান্টিক কমেডী ফলিং ফৰ ক্ৰীষ্টমাছ (২০২২), আইৰিছ উইচ (২০২৪) আৰু আৱাৰ লিটল চিক্ৰেট (২০২৪)-ত অভিনয় কৰিছে। ইয়াৰ পিছত ২০২৫ চনত তেওঁৰ ফ্ৰিকিয়াৰ ফ্ৰাইডে মুক্তি পাব।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]লিণ্ডছে ডি লোহানৰ জন্ম ১৯৮৬ চনৰ ২ জুলাইত নিউয়ৰ্ক চহৰৰ পাঁচটা বৰ’ৰ অন্যতম দ্য ব্ৰংকছত হৈছিল।[3][4] তেওঁ নিউয়ৰ্কৰ লং আইলেণ্ডৰ মেৰিক আৰু ক'ল্ড স্প্ৰিং হাৰ্বাৰত ডাঙৰ-দীঘল হৈছিল।[5] তেওঁ দিনা আৰু মাইকেল লোহানৰ জ্যেষ্ঠ সন্তান।[6][7] তেওঁৰ পিতৃ এজন প্ৰাক্তন ৱাল ষ্ট্ৰীট ব্যৱসায়ী আছিল। তেওঁৰ মাতৃ এগৰাকী প্ৰাক্তন গায়িকা আৰু নৃত্যশিল্পী।[8] লোহানৰ তিনিজন সৰু ভাই-ভনী আছে— মাইকেল জুনিয়ৰ (যিয়ে তেওঁৰ সৈতে ১৯৯৮ চনত দ্য পেৰেন্ট ট্ৰেপ-ত অভিনয় কৰিছিল), আলিয়ানা আৰু ডাকোটা লোহান। তেওঁলোক আইৰিছ আৰু ইটালিয়ান বংশোদ্ভূত আৰু কেথলিক হিচাপে ডাঙৰ-দীঘল হৈছিল। লোহানে একাদশ শ্ৰেণীৰ পৰা ঘৰুৱা শিক্ষা (home-schooling) আৰম্ভ কৰিছিল।[9] তেওঁৰ পিতৃ-মাতৃ ১৯৮৫ চনত বিবাহপাশত আৱদ্ধ হৈছিল, কিন্তু লোহানৰ তিনি বছৰ বয়সত তেওঁলোকৰ বিচ্ছেদ হয়। পৰৱৰ্তী সময়ত তেওঁলোকৰ পুনৰ মিলন হৈছিল যদিও ২০০৫ চনত পুনৰ বিচ্ছেদ হয় আৰু ২০০৭ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ চূড়ান্ত হয়।[10][11]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Lindsay Lohan reveals she still writes music
- ↑ "Lindsay Lohan Biography". AllMusic. https://www.allmusic.com/artist/p606537। আহৰণ কৰা হৈছে: April 18, 2010.
- ↑ "Lindsay Lohan's chequered life in the spotlight". BBC News. July 7, 2010. https://www.bbc.com/news/10536573.
- ↑ "Lindsay Lohan". Rolling Stone. https://www.rollingstone.com/music/artists/lindsay-lohan/biography। আহৰণ কৰা হৈছে: December 28, 2016.
- ↑ "Profiles of Tom Cruise, Lindsay Lohan, Michael Caine". CNN People in the News. July 2, 2005. CNN. Archived from the original on June 29, 2011.
Lindsay Morgan{{{1}}} Lohan's life began on July 2, 1986. Though she was born in New York City, she was raised in the upper-middle-class Long Island town of Cold Spring Harbor."
Unknown parameter|url-status=ignored (help) - ↑ Fischler, Marcelle S. (October 22, 2006). "For Lohan Matriarch, Like Daughter, Like Mother". The New York Times. https://select.nytimes.com/gst/abstract.html?res=F10D13FD34540C718EDDA90994DE404482.
- ↑ "Lindsay Lohan". Rolling Stone. https://www.rollingstone.com/music/artists/lindsay-lohan/biography। আহৰণ কৰা হৈছে: October 24, 2012.
- ↑ "Lindsay Lohan biography". Biography. http://www.thebiographychannel.co.uk/biographies/lindsay-lohan.html। আহৰণ কৰা হৈছে: March 19, 2010.
- ↑ Lynda Obst (June 2004). "Lindsay Lohan: One of the movies' biggest rising stars goes on the record". Interview. Archived from the original on January 31, 2005. https://web.archive.org/web/20050131074716/http://www.findarticles.com/p/articles/mi_m1285/is_5_34/ai_n6041484। আহৰণ কৰা হৈছে: August 25, 2009. "Did you even get to go to high school? ... Yes. Up until the 11th grade, when I started home-schooling.".
- ↑ "Lohan parents' divorce heats up on Long Island". Associated Press. MSNBC. August 6, 2007. Archived from the original on September 18, 2012. https://web.archive.org/web/20120918112059/http://today.msnbc.msn.com/id/20152244/.
- ↑ "Lohan's Parents End Divorce Row". BBC News. August 18, 2007. https://news.bbc.co.uk/1/hi/entertainment/6953075.stm.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| লিণ্ডছে লোহান প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: | |
| চিত্ৰ আৰু মিডিয়া কমন্সত | |
| উক্তিৰ সংগ্ৰহ ৱিকিউক্তিত | |
- লিণ্ডছে লোহান সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
