সমললৈ যাওক

লিনোৰ আবাৰগিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লিনোৰ আবাৰগিল

২০১৪ চনৰ আবাৰগিল
জন্ম ফেব্ৰুৱাৰী ১৭ , ১৯৮০ (৪৬ বছৰ)
নেতানিয়া, ইজৰাইল
জনা যায় মিছ ইজৰাইল ১৯৯৮
মিছ ৱৰ্ল্ড ১৯৯৮
(বিজয়ী)
(মিছ ৱৰ্ল্ড ইউৰোপ)
দাম্পত্যসঙ্গী
  • শ্বাৰুনাছ জাচিকেভিচিউছ (বি. ২০০৬০৮)
  • অৰেন কেলফন (বি. ২০১০)
'Modeling information'
Height ১.৭৯ মিটাৰ (U=ft}})
Hair color ক'লা
Eye color মটিয়া

লিনোৰ আবাৰগিল (ইংৰাজী: Linor Abargil; জন্ম: ১৭ ফেব্ৰুৱাৰী, ১৯৮০) এগৰাকী ইজৰাইলী অধিবক্তা, অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য ৰাণী যি ধৰ্ষিতা হোৱাৰ কিছু দিনৰ পিছতে ১৯৯৮ চনৰ মিছ ৱৰ্ল্ড[1] বঁটা লাভ কৰে। তেতিয়াৰ পৰাই তেওঁ যৌন হিংসাৰ বিৰুদ্ধে যুঁজি বিশ্বব্যাপী বহু লোকৰ সমৰ্থন আদায় কৰে।[2] তেওঁৰ পূৰ্বৰ মিছ ৱৰ্ল্ড ১৯৯৭ ডায়েনা হেডেনে তেওঁক মুকুট পিন্ধাইছিল।

ইজৰাইলৰ নেতানিয়াত, আলিজা আৰু জেকী আবাৰগিলৰ ডাঙৰ সন্তান হিচাপে আবাৰগিলৰ জন্ম হৈছিল ।[3] তেওঁৰ পৰিয়ালটো মৰক্কো-ইহুদী বংশৰ।

১৯৯৬ চনত ১৬ বছৰ বয়সত লুক মডেলিং এজেন্সীয়ে তেওঁক চুক্তিবদ্ধ কৰে আৰু ১৯৯৭ চনৰ মডেলিং প্ৰতিযোগিতাত তেওঁ "বছৰৰ আৱিষ্কাৰ" খিতাপ লাভ কৰে। ১৯৯৮ চনত ১৮ বছৰ বয়সত তেওঁক মিছ ইজৰাইলৰ মুকুট পিন্ধোৱা হয়, আৰু ছিচেলছত অনুষ্ঠিত হোৱা মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰে।

প্ৰতিযোগিতাখনৰ মাত্ৰ সাত সপ্তাহ আগতে সেই সময়ত মাত্ৰ ১৮ বছৰীয়া আবাৰগিলক চুৰিকাঘাতৰ ভয় দেখুৱাই মিলানৰ ট্ৰেভেল এজেণ্ট উৰি শ্লোমো নুৰে ধৰ্ষণ কৰে আৰু ছুৰীৰে আঘাত হানে।[4]আবাৰগিলক ইজৰাইললৈ উভতি যোৱাৰ সময়ত বিমান সলনি কৰাত সহায়ৰ বাবে তেওঁৰ ইটালীৰ মডেলিং এজেন্সীয়ে নুৰক প্ৰেৰণ কৰিছিল। নুৰে আবাৰগিলক ক’লে যে ৰোমৰ পৰা বিমানত উঠিবলৈ সহজ হ’ব৷ নুৰে তেওঁক নিজৰ গাড়ীৰে তালৈ নিয়াৰ প্ৰস্তাৱ দিলে। বাটত তেওঁ এটা বিচ্ছিন্ন মাটিৰ পথেৰে গাড়ী লৈ যায়, য’ত তেওঁ আবাৰগিলক চুৰীৰে ভাবুকি দি পিছৰ চিটত বান্ধি ধৰ্ষণ কৰে৷ তাৰ পিছত তেওঁ আবাৰগিক ছুৰীৰে আঘাত কৰি ৰছীৰে ডিঙি চেপি হত্যা কৰিবলৈ ধৰিলে। নুৰে তেওঁক হত্যা কৰিবই বিচাৰিছিল৷ কিন্তু আবাৰগিলে নুৰক আশ্বস্ত কৰি পলায়ন কৰিবলৈ সক্ষম হয়৷ তেওঁ এই বিষয়ে কাকো নোকোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু ৰোম ৰেল ষ্টেচন পোৱাৰ লগে লগে তেওঁ মাকক ফোনযোগে সকলো কথা জনায়৷ তাৰ পিছত তেওঁৰ লগত থকা এগৰাকী মহিলাৰ লগত চিকিৎসা পৰীক্ষা কৰিবলৈ যায় আৰু ধৰ্ষণৰ বিষয়েও আৰক্ষীক খবৰ দিয়ে। ইটালী কৰ্তৃপক্ষই অৱশ্যে তৎক্ষণাত নুৰক মুকলি কৰি দিয়ে, আৰু গোচৰ চলাবলৈ অস্বীকাৰ কৰে।

তাৰ পিছত আবাৰগিলে মিছ ৱৰ্ল্ড খিতাপ লাভ কৰে, আৰু ইজৰাইললৈ ঘৰলৈ উভতি যায়৷ তেওঁৰ খ্যাতিয়ে জনসাধাৰণৰ মনোযোগ আকৰ্ষণ কৰে, যাৰ ফলত তেওঁ আঘাতৰ সৈতে মোকাবিলা কৰাত অসুবিধাৰ সৃষ্টি হয় আৰু তাৰ ফলত মিছ ৱৰ্ল্ড হিচাপে তেওঁৰ কৰ্তব্য পালন কৰাত অসুবিধা হয়।[5]

ইটালী কৰ্তৃপক্ষই গোচৰটো আগবঢ়াই নিবলৈ অস্বীকাৰ কৰাত হতাশ হৈ আবাৰগিলে ধৰ্ষণৰ বিষয়ে ইজৰাইল কৰ্তৃপক্ষক জনাইছিল আৰু ইজৰাইলী কৰ্তৃপক্ষই নুৰক গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰি প্ৰত্যাৰ্পণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। ইজৰাইলত এই গোচৰৰ ওপৰত সংবাদ মাধ্যমৰ ব্লেকআউটৰ বাবে নুৰে তাৰ বিৰুদ্ধে চলি থকা অভিযোগৰ বিষয়ে অজ্ঞাত আছিল। কেইমাহমানৰ পিছত যেতিয়া নুৰ ইজৰাইললৈ উভতি আহি পৰিয়ালৰ সৈতে সাক্ষাৎ কৰে, তেতিয়া তাক বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হয়। ধৰ্ষণ, ছ'ড'মি আৰু অপহৰণৰ গোচৰত নুৰৰ বিচাৰ হৈছিল আৰু তেওঁৰ গাড়ীত পোৱা ডি এন এ প্ৰমাণৰ সহায়ত তেওঁক দোষী সাব্যস্ত কৰা হৈছিল।[6]নুৰক ১৬ বছৰৰ কাৰাদণ্ড বিহা হয়।[7][8] যেতিয়া তেওঁ পেৰ’লৰ বাবে আহে, তেতিয়া আবাৰগিলে তেওঁক মুক্তিৰ বিৰুদ্ধে অভিযান চলাইছিল৷ যাৰ পৰিণতিত নুৰে সম্পূৰ্ণ শাস্তি ভোগ কৰিছিল। এই সময়লৈকে তেওঁ ইতিমধ্যে এগৰাকী সুপৰিচিত কৰ্মী হৈ পৰিছিল, আৰু আন মহিলাসকলক তেওঁৰ আদৰ্শ অনুসৰণ কৰি তেওঁলোকৰ আক্ৰমণৰ বিষয়ে আৰক্ষীক খবৰ দিবলৈ আহ্বান জনাইছিল।[9][10]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Linor cruises to Miss World title". BBC News. November 27, 1998. http://news.bbc.co.uk/2/hi/entertainment/222809.stm আহৰণ কৰা হৈছে: July 12, 2010.
  2. "Take Back the Night features former Miss World Linor Abargil". http://www.princeton.edu/main/news/archive/S23/96/38A08/index.xml?section=announcements আহৰণ কৰা হৈছে: July 12, 2010.
  3. "Linor's Story". Brave Miss World. http://www.bravemissworld.com/linors-story আহৰণ কৰা হৈছে: 7 May 2014.
  4. Kasriel, Alex (May 21, 2009). "How Miss World made rapist pay". Jewish Chronicle Online. http://www.thejc.com/lifestyle/lifestyle-features/how-miss-world-made-rapist-pay আহৰণ কৰা হৈছে: July 12, 2010.
  5. "מיס עולם לינור אברג'יל: "האנס לא יישאר כאן. יעשו לו את המוות"" (he ভাষাত). xnet. http://xnet.ynet.co.il/laisha/articles/0,14961,L-3107090,00.html আহৰণ কৰা হৈছে: 2020-02-24.
  6. ועתי"ם, שירות גלובס (1999-10-07). "ביהמ"ש הרשיע את נור שלמה במעשי אונס וסדום בלינור אברג'יל" (he ভাষাত). Globes. https://www.globes.co.il/news/article.aspx?did=172350.
  7. Follain, John (December 21, 2008). "Ex-Miss World to make graphic film of her rape". The Times Online. Archived from the original on May 18, 2009. https://web.archive.org/web/20090518154527/http://www.timesonline.co.uk/tol/news/world/middle_east/article5375388.ece.
  8. "Pageant News Bureau (PNB) – Pageant News". Archived from the original on 2007-03-29. https://web.archive.org/web/20070329015513/http://www.pageant.com/news/archive/news1999.html আহৰণ কৰা হৈছে: 2025-03-18.
  9. "The Linor Documentary Project". http://LinorDocumentary.com আহৰণ কৰা হৈছে: December 22, 2008.
  10. "How Miss World made rapist pay | the Jewish Chronicle". http://www.thejc.com/lifestyle/lifestyle-features/how-miss-world-made-rapist-pay আহৰণ কৰা হৈছে: 2010-07-12.