সমললৈ যাওক

লিপষ্টিক আণ্ডাৰ মাই বুৰ্খা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লিপষ্টিক আণ্ডাৰ মাই বুৰ্খা
পৰিচালক অলংকৃতা শ্ৰীবাস্তৱ
চিত্ৰনাট্য অলংকৃতা শ্ৰীবাস্তৱ
কাহিনী অলংকৃতা শ্ৰীবাস্তৱ
অভিনয়ত
সংগীত পৰিচালক জেবুন্নিছা বাংগাছ
মংগেশ ঢাকৰে
মুক্তি
অক্টোবৰ ২০১৬ (2016-10) (Mumbai Film Festival)
২১ জুলাই ২০১৭ (2017-07-21)
দৈৰ্ঘ্য
১১৭ মিনিট
দেশ ভাৰত
ভাষা হিন্দী
বাজেট 6 Crore[1]
সৰ্বমুঠ আয় 26.68Crore[2]

লিপষ্টিক আণ্ডাৰ মাই বুৰ্খা (ইংৰাজী: Lipstick Under My Burkha) ২০১৬ চনৰ অলংকৃতা শ্ৰীবাস্তৱ[3] ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় হিন্দী ভাষাৰ ব্লেক কমেডী ছবি। প্ৰযোজনা প্ৰকাশ ঝাৰ।[4][5][6] ছবিখনত ৰত্না পাঠক, কংকনা সেন শৰ্মা, আহানা কুমৰা আৰু প্লাবিতা বৰঠাকুৰে[7] মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে সুশান্ত সিং, সোনাল ঝা, বিক্ৰান্ত মেছি, শশাংক অৰোৰা, বৈভৱ তত্ববাদী আৰু জগত সিং সোলাংকীয়ে সহায়ক চৰিত্ৰত অভিনয় কৰিছে।[8] ছবিখনত নিজৰ স্বাধীনতাৰ সন্ধান বিচৰা চাৰিগৰাকী মহিলাৰ গোপন জীৱন দেখুওৱা হৈছে। বাটত থকা সকলো বিপদ আৰু বাধাৰ সন্মুখীন হোৱাৰ পিছতো তেওঁলোকে সৰু সৰু সাহসী কাৰ্য্যৰ জৰিয়তে নিজৰ ইচ্ছা পূৰণ কৰাৰ পথ বিচাৰি উলিয়াবলৈ সক্ষম হয়।[9]

প্ৰথম ট্ৰেইলাৰটো ২০১৬ চনৰ ১৪ অক্টোবৰত মুক্তি পাইছিল। দেশখনৰ কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব'ৰ্ডে (CBFC) প্ৰমাণপত্ৰ দিবলৈ অমান্তি হোৱাৰ পিছত ছবিখন জানুৱাৰী ২০১৭ত মু্ক্তি দিবলৈ বাধা দিয়া হৈছিল। কোৱা হৈছিল যে ইয়াত "সংক্ৰামক যৌন দৃশ্য, গালি-গালাজ কৰা শব্দ, অডিঅ' পৰ্ণগ্ৰাফী, আৰু সমাজৰ এটা বিশেষ শ্ৰেণীৰ বিষয়ে অলপ সংবেদনশীল স্পৰ্শ আছে।"[10] ছবিখনৰ প্ৰিমিয়াৰ টকিঅ'ত হয় আৰু মুম্বাই চলচ্চিত্ৰ মহোৎসৱত ই স্পিৰিট অৱ এছিয়া বঁটা আৰু লিংগ সমতাৰ শ্ৰেষ্ঠ ছবিৰ অক্সফেম বঁটা লাভ কৰে।[11] ৬৩তম ফিল্মফেয়াৰ বঁটাত ছবিখনে শ্ৰেষ্ঠ ছবি (সমালোচক) আৰু শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী (ৰত্না পাঠক) শিতানত দুটা মনোনয়ন লাভ কৰে।[11]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Lipstick Under My Burkha stays strong at box office, Munna Michael disappoints". Hindustan Times. 24 July 2017. http://www.hindustantimes.com/bollywood/lipstick-under-my-burkha-stays-strong-at-box-office-munna-michael-disappoints/story-JkSyvH2DZRWlTuE2FYd3cK.html. 
  2. "Box Office: Worldwide collections and day wise break up of Lipstick Under My Burkha". Bollywood Hungama. 22 July 2017. https://www.bollywoodhungama.com/news/box-office-special-features/box-office-worldwide-collections-day-wise-break-lipstick-burkha/। আহৰণ কৰা হৈছে: 25 July 2017. 
  3. "India's Lipstick Waale Sapne to premiere at Tokyo film fest". Hindustan Times. 3 October 2016. http://www.hindustantimes.com/world-cinema/india-s-lipstick-waale-sapne-to-premiere-at-tokyo-film-fest/story-lVoA7fQqbnELRxGCyHlVjM.html। আহৰণ কৰা হৈছে: 3 March 2017. 
  4. Kumar, Anuj (18 November 2015). "Of grit and grace". The Hindu. http://www.thehindu.com/features/metroplus/lipstick-under-my-burkha-and-burqa-boxers-in-film-bazaar/article7892410.ece. 
  5. "It's not just about clothes". The Hindu. 13 October 2016. http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/its-not-just-about-clothes/article9216871.ece. 
  6. "Women on a mission". The Hindu. 15 October 2016. http://www.thehindu.com/news/cities/mumbai/women-on-a-mission/article9222828.ece. 
  7. "Girl, You'll be a Woman Soon". 21 July 2017. http://indianexpress.com/article/entertainment/bollywood/lipstick-under-my-burkha-stars-cast-actress-plabit-borthakur-rehana-abidi-4760212/. 
  8. "Konkona, Ratna Pathak and hidden desires in Lipstick Under My Burkha trailer". Hindustan Times. 14 October 2016. http://www.hindustantimes.com/bollywood/konkona-ratna-pathak-and-hidden-desires-in-lipstick-under-my-burkha-trailer/story-7EtHJ59D2lt0dp1j79dsAI.html. 
  9. "lipstick under my burka - Google Search". google.com. https://www.google.com/search?q=lipstick+under+my+burka। আহৰণ কৰা হৈছে: 2019-11-18. 
  10. "The film banned for being 'lady oriented'" (en ভাষাত). BBC News. https://www.bbc.com/news/av/world-40631458/lipstick-under-my-burkha-the-film-that-was-banned-in-india. 
  11. 11.0 11.1 "Munna Micheal Down On Monday - Lipstick Holds". http://www.boxofficeindia.com/report-details.php?articleid=3105. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]