সমললৈ যাওক

লিবাৰ্টিনা আমাথিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

লিবাৰ্টিনা আমাথিলা

Amathila in 2005
নামিবিয়াৰ উপ-প্ৰধান মন্ত্ৰী
কাৰ্যকাল
মাৰ্চ, ২০০৫ – মাৰ্চ, ২০১০
ৰাষ্ট্ৰপতি হিফিকেপুন্যে পোহাম্বা
পূৰ্বসূৰী হেণ্ড্ৰিক উইটবুই
উত্তৰসূৰী মাৰ্কো হউচিকু
কাৰ্যকাল
১৯৯৬ – ২০০৫
পূৰ্বসূৰী নিকি ইয়াম্বো
উত্তৰসূৰী ৰিচাৰ্ড কাম্যি
ৰাষ্ট্ৰপতি চাম নুজোমা
ব্যক্তিগত তথ্য
জন্ম
লিবাৰটিনা ইনাভিপোছা অপ্পোলাচ

১০-১২-১৯৪০
Fransfontein, Kunene Region
ৰাষ্ট্ৰীয়তা নামিবিয়ান
দাম্পত্যসঙ্গী বেন আমাথিলা
পেচা ৰাজনীতিক
জীৱিকা চিকিৎসক

লিবাৰটিনা ইনাভিপোছা আমাথিলা (ইংৰাজী: Libertina Inaviposa Amathila; জন্ম: ১০ ডিচেম্বৰ ১৯৪০)[1] এগৰাকী নামিবিয়ান চিকিৎসক আৰু ৰাজনীতিবিদ। তেওঁ ৰাষ্ট্ৰীয় পৰিষদ আৰু ৰাষ্ট্ৰীয় বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ২০০৫ চনৰ মাৰ্চৰ পৰা ২০১০ চনৰ মাৰ্চলৈকে নামিবিয়াৰ উপ-প্ৰধানমন্ত্ৰী আছিল।

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

লিবাৰটিনা এপ’লাছৰ জন্ম হৈছিল কুনেনে অঞ্চলৰ ফ্ৰান্সফণ্টেইনত। শ্বৱপো নেচনহুড প্ৰগ্ৰাম(SWAPO Nationhood Programme)ৰ অধীনত পোলেণ্ডত চিকিৎসা বিজ্ঞান অধ্যয়নৰ বাবে বৃত্তি লাভ কৰি ১৯৬৯ চনত ৱাৰ্ছ মেডিকেল একাডেমীৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি নামিবিয়াৰ প্ৰথমগৰাকী মহিলা চিকিৎসক হয়। পিছলৈ তেওঁ শ্বৱপোৰ শৰণাৰ্থী শিবিৰত কাম কৰে।[1][2]

আমাথিলাই দক্ষিণ আফ্ৰিকাত মাধ্যমিক বিদ্যালয় সম্পূৰ্ণ কৰিছিল। ১৯৬২ চনত তেওঁ পৰদেশলৈ যায় আৰু কিছুদিন তাঞ্জানিয়াত থাকে, য'ত তেওঁ পোলেণ্ডত অধ্যয়নৰ বাবে বৃত্তিৰ বাবে আবেদন কৰে আৰু লাভ কৰে। ১৯৬০ চনত পোলেণ্ড, ছুইডেন আৰু লণ্ডনত চিকিৎসা শিক্ষা সম্পূৰ্ণ কৰে। ইয়াৰ উপৰি তেওঁ আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ত অবিত্তীয় পৰিচালকৰ বাবে বিত্তীয় পাঠ্যক্ৰমত নামভৰ্তি কৰে (১৯৯৩); দক্ষিণ আফ্ৰিকাৰ ইউনিচাত এডভান্স এক্সিকিউটিভ প্ৰগ্ৰাম (১৯৯২); মালিৰ বামাকোত, মহামাৰী বিজ্ঞান আৰু ফৰাচী ডিপ্লমা,(১৯৮০ – ১৯৮৩); পাব্লিক হেল্থত স্নাতকোত্তৰ ডিপ্লমা, লণ্ডন স্কুল অৱ হাইজিন এণ্ড ট্ৰপিকেল মেডিচিন, ইউ কে (১৯৭৭ – ১৯৭৮); লণ্ডন স্কুল অৱ হাইজিন এণ্ড ট্ৰপিকেল মেডিচিন, ইউ কেত নিউট্ৰিচনত স্নাতকোত্তৰ ডিপ্লমা (১৯৭২); এম.বি.চি.বি., আৰু ছুইডিছ ইন ছুইডেন (১৯৭৫); এম.বি. চে.বি., পোলেণ্ডৰ ৱাৰ্ছ মেডিকেল একাডেমী (১৯৬২ – ১৯৬৯); দক্ষিণ আফ্ৰিকাৰ কেপ টাউনৰ ৱেলিংটন হাইস্কুলত জ্যেষ্ঠ প্ৰমাণপত্ৰ (১৯৫৫ – ১৯৫৭); ফ্ৰান্সফণ্টিয়েনৰ অটজিৱাৰংগো প্ৰাথমিক বিদ্যালয় আৰু লুথাৰিয়ান মিছন প্ৰাথমিক বিদ্যালয় (১৯৪৬ – ১৯৫৫)ত শিক্ষা লাভ কৰে।

ৰাজনৈতিক কেৰিয়াৰ

[সম্পাদনা কৰক]

১৯৬৯ চনত তাঞ্জানিয়াত নিৰ্বাসিত হৈ থকা শ্বাপোৰ পৰামৰ্শদাতা কংগ্ৰেছত আমাথিলা শ্বাপোৰ কেন্দ্ৰীয় সমিতিৰ স্বাস্থ্য আৰু কল্যাণৰ উপ-সচিব আৰু শ্বাপো মহিলা পৰিষদৰ সঞ্চালিকা হয়। স্বাধীনতাৰ ঠিক আগতে ১৯৮৯ চনৰ নৱেম্বৰৰ পৰা ১৯৯০ চনৰ মাৰ্চলৈকে চলি থকা সংবিধান সভাৰ শ্বাপোৰ সদস্য আছিল,[3] আৰু ১৯৯০ চনৰ মাৰ্চ মাহত স্বাধীনতাৰ পিছৰে পৰা নামিবিয়াৰ ৰাষ্ট্ৰীয় বিধানসভাৰ সদস্য আছিল। ১৯৯০ চনৰ ২১ মাৰ্চৰ পৰা ১৯৯৬ চনৰ ১২ ছেপ্টেম্বৰলৈকে তেওঁ আঞ্চলিক আৰু স্থানীয় চৰকাৰ আৰু গৃহ নিৰ্মাণ মন্ত্ৰী আছিল আৰু সেই সময়ত তেওঁ স্বাস্থ্য আৰু সমাজ সেৱাৰ মন্ত্ৰী হৈছিল,[4] ২০০৫ চনৰ ২১ মাৰ্চত নামিবিয়াৰ উপ-প্ৰধানমন্ত্ৰী হোৱালৈকে সেই পদত কাৰ্যনিৰ্বাহ কৰিছিল।[1][2]

১৯৯৯ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ আফ্ৰিকাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ আঞ্চলিক সমিতিৰ অধ্যক্ষ হিচাপে এবছৰৰ বাবে নিৰ্বাচিত হয় আৰু ২০০০ চনৰ ১৫ মে'ত তেওঁ বিশ্ব স্বাস্থ্য সভাৰ ৫৩ সংখ্যক অধিবেশনৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয়।[5] ২০০২ চনৰ আগষ্ট মাহত শ্বাপোৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্বাচনত তেওঁ দশম সৰ্বাধিক ভোট লাভ কৰে—৩৬৩।[6]

নামিবিয়াৰ স্বাধীনতাৰ ২০ বছৰীয়া জয়ন্তীত, ২০১০ চনৰ ২১ মাৰ্চত তেওঁ ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰে।[7]

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]

১৯৮৭ চনত আমাথিলাই সাহস আৰু দীৰ্ঘ সেৱাৰ বাবে অংগুলুম্বাছে পদক লাভ কৰে,[1] আৰু ১৯৯১ চনত তেওঁ নানচেন শৰণাৰ্থী বঁটা লাভ কৰে।[2]

২০০২ চনত তেওঁ শ্বাকোপমুণ্ডৰ ৰাস্তাটোৰ নাম নিজৰ নামেৰে ব্ৰুকেনষ্ট্ৰাছ ৰাখে।[8]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 Dierks, Klaus. "Biographies of Namibian Personalities, A". klausdierks.com. http://www.klausdierks.com/Biographies/Biographies_A.htm। আহৰণ কৰা হৈছে: 14 May 2022. 
  2. 2.0 2.1 2.2 "Amathila Appolus Libertine". Parliament of Namibia. https://www.parliament.na/dt_team/amathila-appolus-libertine-5/। আহৰণ কৰা হৈছে: 14 May 2020. 
  3. List of members of the Constituent Assembly, parliament.gov.na.
  4. "Sep 1996 - Government changes", Keesing's Record of World Events, Volume 42, September, 1996 Namibia, Page 41255.
  5. "NAMIBIAN MINISTER ELECTED PRESIDENT OF 53RD WORLD HEALTH ASSEMBLY" Archived 2007-06-11 at the Wayback Machine (press release), afro.who.int, May 17, 2000.
  6. "The ruling party's new Central Committee" Archived January 4, 2005, at the Wayback Machine, The Namibian, August 27, 2002.
  7. Hillebrecht, Anna. "A servant of the people". The Namibian. Archived from the original on 18 April 2021. https://web.archive.org/web/20210418182628/https://www.namibian.com.na/103531/archive-read/A-servant-of-the-people-Part-II-of-the-story। আহৰণ কৰা হৈছে: 14 April 2020. 
  8. "Namibia: Minister Urges Swakopmund Residents to Accept Change", Maggi Bernard, AllAfrica.com, 12 December 2002