সমললৈ যাওক

লিবিয়া (শ্ৰুতিকথা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লিবিয়া
অ'চেনিড-ৰ সদস্য
সঙ্গী ট্ৰাইটন
পিতৃ-মাতৃ অচেনাছ আৰু টেথিছ
এপাফাছ আৰু কেছিঅ’পিয়া
সহোদৰ অ'চেনিড, নদী দেৱতাসকল

লিবিয়া (ইংৰাজী: Libya বা Libye, প্ৰাচীন গ্ৰীক: Λιβύη[1]) নামটোৱে গ্ৰীক শ্ৰুতিকথাৰ বহুকেইটা চৰিত্ৰক বুজায়৷

লিবিয়া গ্ৰীক শ্ৰুতিকথা অনুসৰি টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিডৰ ভিতৰত অন্যতম সামুদ্ৰিক দেৱী৷[2][3] কিছুমান সংস্কৰণত তেওঁৰ মাতৃ পম্ফলিক্স আৰু ভগ্নী এছিয়া বুলিও কোৱা হৈছিল।[4] কিছুমান শ্ৰুতিকথাৰ মতে লিবিয়া সাগৰ দেৱতা ট্ৰাইটনৰ পত্নী[5] আৰু আৰু তেওঁ সম্ভৱতঃ নাছামন আৰু কেপহাৰাছক আম্ফিটেমিছলৈ লৈ যোৱা ট্ৰাইটনিয়ান নিম্ফকে ধৰি বহুকেইগৰাকী নিম্ফৰ মাতৃ আছিল।[6]

ইজিপ্তৰ ৰাজকুমাৰী

[সম্পাদনা কৰক]

লিবিয়া ইজিপ্তৰ ৰজা এপাফাছৰ কন্যা আছিল৷ তেওঁ সাগৰৰ দেৱতা প'জাইডনৰ সৈতে বিবাহ হৈছিল আৰু বেলুছ আৰু এজেন'ৰৰ মাতৃ হৈছিল।[7] তেওঁ উত্তৰ আফ্ৰিকাৰ প্ৰাচীন লিবিয়া দেশৰ প্ৰতিনিধিত্বমূলক দেৱী আৰু তেওঁৰ নামৰ পৰাই আধুনিক যুগৰ লিবিয়া নামটোৰ উৎপত্তি হৈছিল।[8]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ↑ Bane, Theresa (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃষ্ঠা. 75. ISBN 9780786471119. https://archive.org/details/encyclopediaoffa0000bane.
  2. ↑ Hesiod, Theogony 351
  3. ↑ Kerényi, Carl (1951). The Gods of the Greeks. প্ৰকাশক London: Thames and Hudson. পৃষ্ঠা. 41. https://archive.org/details/godsofgreeks0000unse.
  4. ↑ Tzetzes ad Lycophron, 894 (Gk text); Andron of Halicarnassus fr. 7 Fowler = FGrHist 10 F 7 (Fowler 2000, p. 42; Fowler 2013, p. 13; Bouzek and Graninger, p. 12. Fowler 2013, p. 15, calls Pompholyge, a name found nowhere else, an ad hoc invention.)
  5. ↑ Apollonius of Rhodes, 4.1323, 1358 & 1742
  6. ↑ Apollonius of Rhodes, 4.1495–1450
  7. ↑ Hyginus, Fabulae 160
  8. ↑ Marshall, Eireann. "Constructing the self and the other in Cyrenaica". Cultural Identity in the Roman Empire. Routledge. পৃষ্ঠা. 49–63. ISBN 0-415-13594-X.