লিলিয়াছ (শ্ৰুতিকথা)
লিলিয়াছ (প্ৰাচীন গ্ৰীক: Λίλαιος, ইংৰাজী: Lilaeus) এজন ভাৰতীয় পশুপালক আছিল যিজনে দেৱতাসকলক ক্ৰোধিত কৰিছিল আৰু তাৰ বাবে শাস্তি পাইছিল।[1] ছ্যুডো-প্লুটাৰ্কৰ ট্ৰিটিজ অন ৰিভাৰ্ছ এণ্ড মাউণ্টেনছত (Treatise on Rivers and Mountains) এই কাহিনী বৰ্ণনা কৰা হৈছে৷
কিংবদন্তি
[সম্পাদনা কৰক]ভাৰতৰ লিলিয়াছ নামৰ এজন পশুপালকে দেৱতাৰ মাজত কেৱল চন্দ্ৰৰ (দেৱী চেলিন) প্ৰতি কৃতজ্ঞ আছিল, আৰু কেৱল ৰাতিৰ সময়ত তেওঁৰ অনুষ্ঠান আৰু ৰহস্য সম্পাদন কৰিহে তেওঁক সন্মান কৰিছিল। আন দেৱতাসকলে তেওঁৰ এই কাৰ্য্য আৰু তেওঁলোকক প্ৰত্যাখ্যান কৰাত ক্ৰোধিত হৈ দুটা বনৰীয়া সিংহ পঠিয়াই তেওঁক ফালি পেলালে। তাৰ পিছত চেলিনে তেওঁৰ আৰাধকজনক এটা পৰ্বতলৈ ৰূপান্তৰিত কৰে, যাক মাউণ্ট লিলেয়ন (প্ৰাচীন গ্ৰীক: Λίλαιον, Lílaion) বুলি জনা যায়৷ এই পৰ্বতটো সিন্ধু নদীৰ ওচৰৰ কোনোবা ঠাইত অৱস্থিত বুলি কোৱা হয়।[2][3]
উৎপত্তি
[সম্পাদনা কৰক]ট্ৰিটিজ অন ৰিভাৰ্ছ এণ্ড মাউণ্টেনছৰ লেখকে, যিজন এতিয়া প্ৰকৃত প্লুটাৰ্ক নহয় বুলি জনা যায়,[4] এই কাহিনীটো ক্লিট'ফন দ্য ৰোডিয়ানৰ প্ৰথমখন ভাৰতীয় সম্পৰ্কৰ গ্ৰন্থৰ পৰা আহৰণ কৰা বুলি কয়৷ তেওঁ হয়তো ইণ্টাৰপ্ৰেটেচন গ্ৰেকাৰ (interpretatio graeca) জৰিয়তে গ্ৰীক দেৱতাৰ নাম ব্যৱহাৰ কৰি স্থানীয় ভাৰতীয় কাহিনী লিখিছিল।[2]
সম্ভৱতঃ খ্ৰীষ্টীয় দ্বিতীয় শতিকাৰ এই গ্ৰন্থখন আজি কোনো ধৰণৰ পেৰাডক্সগ্ৰাফী বা পেৰাডক্সগ্ৰাফী পেৰ'ডি বুলি ভবা হয় আৰু গ্ৰন্থখন সম্ভৱতঃ হাস্যৰসময়ী, অগুৰুতৰ সুৰত লিখা হৈছিল।[5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Roscher 1894.
- ↑ 2.0 2.1 Pseudo-Plutarch, Treatise on Rivers and Mountains 25.4
- ↑ Grimal 1987, s.v. Lilaeus.
- ↑ "Plutarch". The Mineralogical Record - Library. Archived from the original on August 18, 2016. https://web.archive.org/web/20160818094203/http://www.mineralogicalrecord.com/libdetail.asp?id=1137। আহৰণ কৰা হৈছে: December 14, 2016.
- ↑ Banchich, Thomas (2010). "Pseudo-Plutarch: About Rivers". Canisius CollegePseudo-P Revised. http://roman-emperors.sites.luc.edu/Pseudo-P%20Revised.pdf। আহৰণ কৰা হৈছে: 2023-08-22.