সমললৈ যাওক

লিলি-ৰোজ ডেপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লিলি-ৰোজ ডেপ

২০১৬ চনত ডেপ
জন্ম লিলি-ৰোজ মেলোডি ডেপ
২৭ মে', ১৯৯৯ (২৬ বছৰ)
Neuilly-sur-Seine, ফ্ৰান্স
নাগৰিকত্ব ফ্ৰান্স
আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১৪–বৰ্তমান
পিতৃ-মাতৃ জনী ডেপ (পিতৃ)
ভেনেছা পেৰাডিছ (মাতৃ)
আত্মীয়-স্বজন এলিছন পেৰাডিছ (পেহী)

লিলি-ৰোজ মেলোডি ডেপ (ইংৰাজী: Lily-Rose Melody Depp; জন্ম: ২৭ মে', ১৯৯৯) এগৰাকী ফৰাচী–আমেৰিকান অভিনেত্ৰী আৰু মডেল। অভিনেতাজনী ডেপ আৰু গায়িকা ভেনেছা পেৰাডিছৰ কন্যা হিচাপে জন্মগ্ৰহণ কৰা ডেপে টাস্ক (২০১৪) চলচ্চিত্ৰত সৰু ভূমিকা লৈ অভিনয় জীৱন আৰম্ভ কৰে আৰু ইয়াৰ পিছত ফেশ্বন মডেল হিচাপেো নিজৰ কেৰিয়াৰ গঢ়ি তোলে। তেওঁ পিৰিয়ড নাটক দ্য ডান্সাৰ (২০১৬), ৰোমাণ্টিক কমেডী এ ফেইথফুল মেন (২০১৮), আৰু ঐতিহাসিক নাটক দ্য কিং (২০১৯) চলচ্চিত্ৰত অভিনয় কৰে।

২০২৩ চনত ডেপে এইচ বি অ'ৰ টেলিভিছন নাটক ধাৰাবাহিক দ্য আইডলত অভিনয় কৰে আৰু ইয়াৰ চাউণ্ডট্ৰেকত তেওঁৰ একক গান "ৱান অৱ দ্য গাৰ্লছ"ৰ জৰিয়তে অৰিহণা যোগায়, যি বিলবোৰ্ড হট ১০০ তালিকাত স্থান লাভ কৰে আৰু স্পটিফাইত এক বিলিয়ন ষ্ট্ৰীম অতিক্ৰম কৰে। তেওঁ গথিক ভয়ানক চলচ্চিত্ৰ নছফেৰাটু (২০২৪)ত কৰা অভিনয়ৰ বাবে সমালোচকৰ প্ৰশংসা লাভ কৰে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

লিলি-ৰোজ মেলোডি ডেপৰ জন্ম ১৯৯৯ চনৰ ২৭ মে' তাৰিখে ফ্ৰান্সৰ পেৰিছ চহৰৰ ধনী উপনগৰ নিউইলি-ছুৰ-ছেনত অৱস্থিত আমেৰিকান হাস্পতাল অৱ পেৰিছত হৈছিল।[1][2][1] তেওঁ আমেৰিকান অভিনেতাজনী ডেপ আৰু ফৰাচী গায়িকা আৰু অভিনেত্ৰী ভেনেছা পেৰাডিছৰ কন্যা।[1][3] তেওঁৰ এজন সৰু ভাতৃ আছে, যাৰ নাম জন ক্ৰিষ্টোফাৰ "জেক" ডেপ তৃতীয়।[4] ফৰাচী অভিনেত্ৰী এলিছন পেৰাডিছ তেওঁৰ পেহী।[5]

পিতৃৰফালৰপৰা তেওঁ মূলতঃ ইংৰাজ বংশৰ, লগতে কিছু ফৰাচী, জাৰ্মান আৰু আইৰিছ বংশৰো।[6][7] তদুপৰি তেওঁৰ পিতৃৰ পূৰ্বপুৰুষ এলিজাবেথ কী গ্ৰীনষ্টেডৰ জৰিয়তে তেওঁৰ আফ্ৰিকান বংশধৰো আছে, যিয়ে ১৬৫৬ চনত উত্তৰ আমেৰিকাৰ উপনিৱেশত নিজৰ স্বাধীনতাৰ বাবে মামলা কৰি জয়লাভ কৰা প্ৰথম আফ্ৰিকান-আমেৰিকানসকলৰ মাজৰ অন্যতম আছিল।[7]

ডেপ ঔপন্যাসিক ফ্ৰান্সোৱা-মেৰী বেনিয়েৰ আৰু গায়িকা মেৰিলিন মেনছনৰ গডড'টাৰ।[8] জন্মৰপৰাই তেওঁ টেবলয়ড আৰু সংবাদ মাধ্যমৰ মনোযোগৰ কেন্দ্ৰ হৈ আহিছে, যাৰ ভিতৰত তেওঁৰ জন্মদিন,[9][10] সমাজিক অনুষ্ঠানত উপস্থিতি,[11] আৰু তেওঁৰ ফেশ্বন শৈলীৰ পৰ্যালোচনা অন্তৰ্ভুক্ত।[12]

২০১২ চনত, ১৪ বছৰ একেলগে থকাৰ পিছত তেওঁৰ পিতৃ-মাতৃ পৃথক হয় আৰু তেওঁৰ যৌথ তত্ত্বাৱধানৰ ব্যৱস্থা কৰে।[13] তেওঁ নিজৰ সময় লছ এঞ্জেলছ, পেৰিছ আৰু নিউয়ৰ্ক চহৰৰ মাজত ভাগ কৰে।[14] ২০১৬ চনত তেওঁ নিজৰ অভিনয় কেৰিয়াৰত সম্পূৰ্ণ মনোনিৱেশ কৰিবলৈ হাইস্কুল এৰি দিয়ে।[15]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 Sager, Jessica (May 30, 2023). "Johnny Depp's 2 Kids: Everything to Know". People. https://people.com/parents/all-about-johnny-depp-kids/। আহৰণ কৰা হৈছে: October 6, 2023. 
  2. Doeden, Matt (2011). Johnny Depp: Hollywood Rebel. Twenty-First Century Books. পৃষ্ঠা. 57. ISBN 9780761364207. https://books.google.com/books?id=Ca3HGWW_lXIC&pg=PA57। আহৰণ কৰা হৈছে: October 6, 2023. 
  3. "Baby boy for Depp and Paradis". BBC. April 18, 2002. https://news.bbc.co.uk/2/hi/entertainment/1938099.stm. 
  4. Bailey, Leanne (February 5, 2015). "Johnny Depp has got married to Amber Heard". Glamour Magazine UK. Archived from the original on July 3, 2016. https://web.archive.org/web/20160703151211/http://www.glamourmagazine.co.uk/news/celebrity/2014/01/15/are-amber-heard-and-johnny-depp-engaged. 
  5. Robb, Brian J. (2006). Johnny Depp: A Modern Rebel. Plexus Publishing. ISBN 978-0-85965-385-5. https://archive.org/details/johnnydeppmodern0000robb. 
  6. 7.0 7.1 Oldenberg, Ann (June 26, 2013). "'Lone Ranger' stars have roots in historic figures". USA Today. https://www.usatoday.com/story/life/people/2013/06/26/depp-hammer-roots-justice-freedom-fighters/2458909/। আহৰণ কৰা হৈছে: June 27, 2013. 
  7. Cooper, Leonie (September 22, 2017). "Marilyn Manson: The most famous Satanist in the world talks politics, family and collecting human skeletons". NME. https://www.nme.com/features/marilyn-manson-interview-2017-2143403-2143403। আহৰণ কৰা হৈছে: December 29, 2018. 
  8. Reed, Sam (May 29, 2015). "Cool Teen Lily-Rose Depp Celebrates 'Sour Sixteen'". The Hollywood Reporter. https://www.hollywoodreporter.com/news/lily-rose-depp-sour-sixteen-798842. 
  9. Donnelly, Erin (May 29, 2015). "Lily-Rose Depp Had A "Sour Sixteen," Is Coolest Teen Ever". Refinery29. http://www.refinery29.com/2015/05/88289/lily-rose-depp-sour-sixteen-birthday-party. 
  10. Thistlewaite, Felicity (April 1, 2015). "A chip off the old block: Johnny Depp's daughter Lily-Rose attends fashion show". Express. http://www.express.co.uk/news/showbiz/567639/Johnny-Depp-daughter-Lily-Rose-fashion-show. 
  11. Ledbetter, Carly (April 4, 2015). "9 Reasons Why Lily-Rose Depp Is Fashion's Latest 'It' Girl". Huffington Post. https://www.huffingtonpost.com/2015/04/04/lily-rose-depp-style_n_6992746.html. 
  12. Peters, Sam (May 24, 2014). "Johnny Depp and me: Vanessa Paradis on acting, gigging and life after a break up". The Independent. https://www.independent.co.uk/news/people/profiles/johnny-depp-and-me-vanessa-paradis-on-acting-gigging-and-life-after-a-break-up-9422069.html. 
  13. Taylor, Trey (December 13, 2019). "Lily-Rose Depp on Hollywood, beauty and dropping out of high school". The Face. https://theface.com/culture/lily-rose-depp-interview-film-chanel-johnny-depp-vanessa-paradis-volume-4-issue-002। আহৰণ কৰা হৈছে: September 21, 2023. 
  14. "Lily-Rose Depp: 'I never thought about getting into acting'". NewsLifeMediaBuro 24/7. August 10, 2016. Archived from the original on October 9, 2016. https://web.archive.org/web/20161009185802/http://www.buro247.com.au/entertainment/films-and-tv/lily-rose-depp-i-never-thought-about-getting-into.html। আহৰণ কৰা হৈছে: October 6, 2016. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]