সমললৈ যাওক

লিলি এলেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লিলি এলেন

২০১৮ চনত এলেন
জন্ম লিলি ৰোজ বিয়ট্ৰিচ এলেন
২ মে', ১৯৮৫ (৪০ বছৰ)
হেমৰস্মিথ, লণ্ডন, ইংলেণ্ড
পেচা গায়িকা, গীতিকাৰ, অভিনেত্ৰী
দাম্পত্যসঙ্গী ছেম কুপাৰ (বিবাহ ২০১১; বিচ্ছেদ ২০১৮), ডেভিদ হাৰ্বাৰ (বিবাহ ২০২০; পৃথক)
সন্তান
আত্মীয়-স্বজন আলফি এলেন (ভ্ৰাতৃ), কেভিন এলেন (খুড়া), ছেম স্মিথ (সম্পৰ্কীয় ভ্ৰাতৃ)
বঁটা, সন্মান, পুৰস্কাৰ আদি লিলি এলেনে লাভ কৰা বঁটা আৰু মনোনয়নৰ সম্পূৰ্ণ তালিকা
'সঙ্গীত যাত্ৰা'
সংগীতৰ ধৰণ আৰ এণ্ড বি, পপ, ৰেগ্‌গি, ইলেক্ট্ৰ’পপ, গ্ৰাইম
বাদ্যযন্ত্ৰ কণ্ঠ
সক্ৰিয়তাৰ বছৰ ১৯৯৮–বৰ্তমান
লেবেল লণ্ডন, ৰিগাল, কেপিটল, ৱাৰ্নাৰ ব্ৰাডাৰ্ছ, পাৰ্ল’ফোন, বি এম জি
ৱেবছাইট LilyAllenMusic.com


লিলি ৰোজ বিয়ট্ৰিচ এলেন (ইংৰাজী: Lily Rose Beatrice Allen; জন্ম ২ মে', ১৯৮৫) এগৰাকী ইংৰাজ গায়িকা, গীতিকাৰ আৰু অভিনেত্ৰী। তেওঁৰ উল্লেখযোগ্য স্বীকৃতিৰ ভিতৰত আছে এটা ব্ৰিট এৱাৰ্ড তথা গ্ৰেমী এৱাৰ্ড আৰু লৰেন্স অলিভিয়াৰ এৱাৰ্ডৰ বাবে মনোনয়ন।

এলেনৰ সংগীত জীৱন ২০০৫ চনত আৰম্ভ হয় যেতিয়া তেওঁ 'ৰিগাল ৰেকৰ্ডিংছ'ৰ সৈতে চুক্তিবদ্ধ হয় আৰু মাইস্পেচ নামৰ ছচিয়েল নেটৱৰ্কিং ছাইটত নিজৰ গীতসমূহ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত তেওঁ জনপ্ৰিয়তা লাভ কৰে আৰু বিবিচি ৰেডিঅ' ১-ত তেওঁৰ গীত প্ৰচাৰিত হয়। ২০০৬ চনত তেওঁৰ প্ৰথমটো ব্যৱসায়িক একক গীত স্মাইল ইউকে চিংগল চাৰ্টৰ শীৰ্ষস্থানত উপনীত হয়। তেওঁৰ প্ৰথম ষ্টুডিঅ' এলবাম অলৰাইট, ষ্টিল ২০০৬ চনত মুক্তি পায় আৰু সমগ্ৰ বিশ্বতে ইয়াৰ ২.৬ নিযুততকৈও অধিক কপি বিক্ৰী হয়। এই এলবামটোৰ বাবে তেওঁ শ্ৰেষ্ঠ অল্টাৰনেটিভ মিউজিক এলবামৰ গ্ৰেমী মনোনয়ন লাভ কৰিছিল।

তেওঁৰ দ্বিতীয়টো ষ্টুডিঅ' এলবাম ইটছ নট মি, ইটছ ইউ ২০০৯ চনত মুক্তি পায় আৰু ই ইউকে এলবাম চাৰ্ট তথা অষ্ট্ৰেলিয়াৰ এ আৰ আই এ চাৰ্টৰ শীৰ্ষস্থান দখল কৰে। ইয়াৰ জনপ্ৰিয় গীতসমূহ হ'ল— দ্য ফিয়াৰ, নট ফেয়াৰ আৰু ফাক ইউ। এই সফলতাৰ বাবে তেওঁ ২০১০ চনত ব্ৰিটিছ মহিলা একক শিল্পীৰ ব্ৰিট এৱাৰ্ড লাভ কৰে। তেওঁৰ তৃতীয় এলবাম চিজাছ ২০১৪ চনত আৰু চতুৰ্থ এলবাম নো চেইম ২০১৮ চনত মুক্তি পায়। ২০২৫ চনত তেওঁৰ পঞ্চমটো এলবাম ৱেষ্ট এণ্ড গাৰ্ল মুক্তি পাইছে।

সংগীতৰ উপৰিও এলেনে অন্যান্য ক্ষেত্ৰতো কাম কৰিছে; ২০০৮ চনত তেওঁ বিবিচি থ্ৰী-ত লিলি এলেন এণ্ড ফ্ৰেণ্ডছ নামৰ এটা টেলিভিছন টক শ্ব’ পৰিচালনা কৰিছিল। ২০১৮ চনত তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ মাই থটছ এগ্জেক্টলী প্ৰকাশ পায়। এগৰাকী অভিনেত্ৰী হিচাপে এলেনে ২০১৯ চনৰ ছবি হাউ টু বিল্ড এ গাৰ্ল-ত অভিনয় কৰিছিল। ২০২১ চনত তেওঁ লণ্ডনৰ ৱেষ্ট এণ্ড থিয়েটাৰত ২:২২ এ ঘোষ্ট ষ্টৰী নামৰ নাটখনিৰ জৰিয়তে মঞ্চত আত্মপ্ৰকাশ কৰে, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ লৰেন্স অলিভিয়াৰ এৱাৰ্ডৰ মনোনয়ন লাভ কৰিছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

এলেনৰ জন্ম ১৯৮৫ চনৰ ২ মে'ত পশ্চিম লণ্ডনৰ হেমৰস্মিথত হৈছিল।[1] তেওঁৰ পিতৃ কিথ এলেন এজন অভিনেতা আৰু মাতৃ এলিসন অৱেন এগৰাকী চলচ্চিত্ৰ প্ৰযোজক।[2] তেওঁৰ এজন ককায়েক আলফি এলেন এজন অভিনেতা (যাৰ ওপৰত ভিত্তি কৰি এলেনে আলফি নামৰ গীতটো লিখিছিল) আৰু ৰেবেকা নামৰ এগৰাকী ভনীয়েক আছে। এলেন পৰিচালক ডেনিয়েল ক্লেইনমেনৰ ধৰ্মকন্যা আৰু গায়ক ছেম স্মিথৰ সম্পৰ্কীয় ভগ্নী।[3]

মাত্ৰ তিনি বছৰ বয়সতে এলেনে দ্য কমিক ষ্ট্ৰিপ প্ৰেজেণ্টছ...ৰ এটা খণ্ডত অভিনয় কৰিছিল, যিটো তেওঁৰ পিতৃয়ে সহ-লিখন কৰিছিল। তেওঁৰ বয়স চাৰি বছৰ হওঁতে পিতৃয়ে পৰিয়ালটো এৰি গুচি যায়।[4] শৈশৱত এলেনৰ পৰিয়ালে কমেডিয়ান হেৰী এনফিল্ডৰ সৈতেও কিছুদিন বাস কৰিছিল। 'দ্য ক্লাচ' বেণ্ডৰ গায়ক আৰু গীটাৰবাদক জো ষ্ট্ৰামাৰ এলেনৰ অতি ঘনিষ্ঠ আছিল।[5]

এলেনে মুঠ ১৩ খন বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল, যাৰ ভিতৰত ৰজা চাৰ্লছ তৃতীয়ৰ প্ৰাক্তন শিক্ষানুষ্ঠান হিল হাউচ স্কুল আৰু বেডেলছ স্কুল অন্যতম।[4] ধূমপান আৰু মদ্যপান কৰাৰ বাবে তেওঁক কেইবাখনো বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হৈছিল।[6] এঘাৰ বছৰ বয়সত তেওঁ বিদ্যালয়ৰ খেলপথাৰত গান গাই থকা অৱস্থাত সংগীতৰ ছাত্ৰী ৰাচেল ছান্টেচোৱে তেওঁৰ প্ৰতিভা লক্ষ্য কৰে আৰু তেওঁক গানৰ শিক্ষা দিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে এলেনে এখন স্কুলীয়া কনচাৰ্টত ডিজনীৰ ডাম্বো ছবিৰ বেবী মাইন গীতটো গাইছিল।[7]

এলেনে পিয়ানো, ভায়োলিন, গীটাৰ আৰু ট্ৰাম্পেট বজাবলৈ শিকিছিল। ১৯৯৮ চনত তেওঁ ভিন্দালু নামৰ এটা মিউজিক ভিডিঅ'ত অভিনয় কৰে। পোন্ধৰ বছৰ বয়সতে তেওঁ পঢ়াশুনা এৰি দিছিল কাৰণ তেওঁ জীৱনৰ এক বৃহৎ অংশ কেৱল চাকৰিৰ বাবে প্ৰস্তুতি চলাই নষ্ট কৰিব বিচৰা নাছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]