সমললৈ যাওক

লিলি থমাছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লিলি থমাছ
জন্ম লিলি ইজাবেল থমাছ[1][2]
০৫ মাৰ্চ, ১৯২৮[3]
কোট্টায়ম, ট্ৰাভাংকুৰ ৰাজ্য, ব্ৰিটিছ ভাৰত
(বৰ্তমান দিন কেৰালা, ভাৰত)
মৃত্যু ১০ ডিচেম্বৰ, ২০১৯ (৯১ বছৰ)
দিল্লী, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰত
শিক্ষা
  • আইনৰ স্নাতকোত্তৰ
  • আইনৰ স্নাতক
  • বিজ্ঞানৰ স্নাতক
শিক্ষানুষ্ঠান মাদ্ৰাছ বিশ্ববিদ্যালয়
পেচা অধিবক্তা
জনা যায় প্ৰতিনিধিত্ব আইন, ১৯৫১ গোচৰত সহ-আবেদনকাৰী
পিতৃ-মাতৃ
  • অধিবক্তা কে টি থমাছ
  • আন্নামা

লিলি ইছাবেল থমাছ (৫ মাৰ্চ ১৯২৮ – ১০ ডিচেম্বৰ ২০১৯)[4] এগৰাকী ভাৰতীয় অধিবক্তা৷ তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু আঞ্চলিক আদালতত আবেদন দাখিল কৰি বৰ্তমানৰ আইনসমূহৰ উন্নতি আৰু পৰিৱৰ্তনৰ সূচনা কৰিছিল।[5][6] তেওঁৰ আবেদনৰ ফলত দোষী সাব্যস্ত হোৱা ৰাজনীতিবিদসকলক নিৰ্বাচিত হোৱাত বাধা দিবলৈ আইন সলনি কৰা হয়৷[7] ইয়াৰ লগতে নতুন বিবাহ আইন সংযোজন কৰা হয়[8] আৰু সংসদ সদস্যসকলৰ বাবে সুৰক্ষাৰ ব্যৱস্থা কৰা হয়[9]৷ ১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইন সংশোধনৰ বাবে আবেদন জনোৱাৰ বাবে তেওঁক প্ৰশংসা কৰা হৈছিল।[10][11]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

লিলি থমাছৰ ঘৰ কোট্টাইমত৷ তেওঁ তিৰুৱনন্তপুৰমত ডাঙৰ-দীঘল হৈছিল। ১৯৫৫ চনত তেওঁ মাদ্ৰাজ উচ্চ ন্যায়ালয়ত যোগদান কৰিছিল[12][13] লিলি ভাৰতৰ প্ৰথম প্ৰজন্মৰ মহিলা উকীলৰ অন্তৰ্গত৷ তেওঁ মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ পৰা এল এল এম সম্পূৰ্ণ কৰা প্ৰথমগৰাকী মহিলা।[14]

মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ মাদ্ৰাজ উচ্চ ন্যায়ালয়ত প্ৰেকটিছ আৰম্ভ কৰে।[15] ১৯৬০ চনত পি এইচ ডি কৰিবলৈ তেওঁ দিল্লীলৈ গুচি যায়। কিন্তু তেওঁ আৱিষ্কাৰ কৰিলে যে তেওঁ গৱেষণা কৰিবলৈ সক্ষম নহ'ব৷ তেওঁ কয়- "মই উপলব্ধি কৰিলোঁ যে মই গৱেষণা কৰিবলৈ সক্ষম নহয়, গতিকে মই উচ্চতম ন্যায়ালয়ত প্ৰেকটিছ কৰিবলৈ আৰম্ভ কৰিলোঁ"।.[15]

লিলি এসময়ত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ সৰ্বজ্যেষ্ঠ মহিলা অধিবক্তা আছিল, যেতিয়া তেওঁ ১৯৬০ চনত ইয়াত যোগদান কৰিছিল।[16]

কৰ্মজীৱন

[সম্পাদনা কৰক]

লিলি থমাছে ১৯৬০ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ত যোগদান কৰিছিল।[13] দিল্লীলৈ অহাৰ পিছত তেওঁ আইনৰ ডক্টৰেট ডিগ্ৰী অধ্যয়ন বাদ দিয়ে আৰু ভাতৃ জন থমাছে ইতিমধ্যে প্ৰেকটিছ কৰি থকা ঠাইত কাম কৰিবলৈ আৰম্ভ কৰে।[14] ১৯৬৪ চনৰ পৰা লিলিয়ে বিভিন্ন বিষয়ত আবেদন দাখিল কৰিছিল৷ তাৰ ভিতৰত 'এডভোকেট-অন-ৰেকৰ্ড পৰীক্ষা'ৰ বৈধতা,[14] ২০০০ চনত দ্বিতীয় বিবাহত যোগদান কৰাৰ স্পষ্ট উদ্দেশ্যেৰে ৰে'লৱে কৰ্মচাৰীৰ সমস্যা আৰু ইছলাম ধৰ্ম গ্ৰহণৰ গোচৰসমূহ সমাধান কৰা।[12][13] থমাছে সাংবিধানিক আইন, মহিলাৰ অধিকাৰ আৰু ব্যক্তিগত স্বাধীনতাৰ বিষয়সমূহৰ বিষয়ত কাম কৰিছিল।[17] লিলি OLD LAWYERS CHAMBERS BLOCKSত এগৰাকী অধিবক্তা আছিল।[18]

তথ্যসংগ্ৰহ

[সম্পাদনা কৰক]
  1. "LIST OF BUSINESS FOR MONDAY THE 10th JUNE, 2013". SUPREME COURT OF INDIA. 10 June 2013. http://supremecourtofindia.nic.in/clist_bm/2012/bm_dl10062013.pdf। আহৰণ কৰা হৈছে: 4 October 2014. 
  2. "ADVOCATE-ON-RECORD COMPUTER CODE". SUPREME COURT OF INDIA. http://www.sci.nic.in/circular/aor_cc.pdf. 
  3. "Lily Thomas And Saju Jakob Advocates And Solicitors". https://lilythomas.net/personal/. 
  4. LIVELAW NEWS NETWORK (10 December 2019). "Adv Lily Thomas, Senior Most Woman Lawyer Of SC, Passes Away". livelaw.in. https://www.livelaw.in/top-stories/senior-most-woman-lawyer-of-supreme-court-adv-lily-thomas-passes-away-150639। আহৰণ কৰা হৈছে: 15 December 2019. 
  5. "Disqualification issues". FRONTLINE. 17 October 2014. http://www.frontline.in/cover-story/disqualification-issues/article6460717.ece। আহৰণ কৰা হৈছে: 5 October 2014. 
  6. "Lily Thomas vs State Of Tamil Nadu". INDIANKANOON. 23 August 1984. http://indiankanoon.org/doc/1791040/। আহৰণ কৰা হৈছে: 5 October 2014. 
  7. "Conviction will attract instant disqualification: legal experts". THE HINDU. 23 September 2014. http://www.thehindu.com/news/national/tamil-nadu/conviction-will-attract-instant-disqualification-legal-experts/article6436598.ece। আহৰণ কৰা হৈছে: 5 October 2014. 
  8. "SC notice to Centre in polygamy case". The Hindu. 28 July 2001. http://www.thehindu.com/thehindu/2001/07/28/stories/0228000p.htm. 
  9. "Moved by Speaker's plight, advocate seeks protection for him". The Times of India. 25 October 2008. http://timesofindia.indiatimes.com/india/Moved-by-Speakers-plight-advocate-seeks-protection-for-him/articleshow/3637763.cms। আহৰণ কৰা হৈছে: 5 October 2014. 
  10. "MPs, MLAs will be disqualified from date of conviction: SC". ZEENEWS. 10 July 2013. http://zeenews.india.com/news/nation/mps-mlas-will-be-disqualified-from-date-of-conviction-sc_861316.html। আহৰণ কৰা হৈছে: 5 October 2014. 
  11. "The Court does not have the power to subject Advocates to AOR exam – Conversation with Advocate Lily Thomas". LIVE LAW .IN. 15 July 2013. http://www.livelaw.in/the-court-does-not-have-the-power-to-subject-advocates-to-aor-exam-conversation-with-advocate-lily-thomas/। আহৰণ কৰা হৈছে: 4 October 2014. 
  12. 12.0 12.1 "Meet Lily Thomas the lady behind clipping of wings of convicted politicians". The Times of India. 1 October 2014. http://timesofindia.indiatimes.com/india/Meet-Lily-Thomas-the-lady-behind-clipping-of-wings-of-convicted-politicians/articleshow/43970969.cms। আহৰণ কৰা হৈছে: 3 October 2014. 
  13. 13.0 13.1 13.2 "Lily Thomas vs the Union of India". millenniumpost. 6 April 2014. http://www.millenniumpost.in/NewsContent.aspx?NID=56084। আহৰণ কৰা হৈছে: 3 October 2014. 
  14. 14.0 14.1 14.2 "Lily Thomas vs the Union of India". GOVERNANCE NOW. 4 April 2014. http://www.governancenow.com/news/regular-story/lily-thomas-vs-union-india। আহৰণ কৰা হৈছে: 4 October 2014. 
  15. 15.0 15.1 Saluja, Pallavi (17 July 2013). "'To have criminals as politicians is an insult to our parliamentary system'– Lily Thomas". Bar & Bench (barandbench.com). Archived from the original on 4 October 2013. https://archive.today/20131004211533/http://www.barandbench.com/content/%E2%80%9C-have-criminals-politicians-insult-our-parliamentary-system%E2%80%9D%E2%80%93-lily-thomas%23.Ue-28I3EKSp#.Ue-28I3EKSp। আহৰণ কৰা হৈছে: 24 July 2013. 
  16. "Who was Lily Thomas? Supreme Court lawyer whose fight ended reign of convicted politicians in elections". The Financial Express. 10 Dec 2019. https://www.financialexpress.com/india-news/who-was-lily-thomas-supreme-court-lawyer-whose-fight-ended-reign-of-convicted-politicians-in-elections/1789468/. 
  17. "The judgment will create awareness". FRONTLINE. 9 August 2013. http://www.frontline.in/the-nation/the-judgment-will-create-awareness/article4944713.ece। আহৰণ কৰা হৈছে: 3 October 2014. 
  18. "Archived copy". http://supremecourtofindia.nic.in/circular/old_lawyers_chambers.pdf। আহৰণ কৰা হৈছে: 4 October 2014.