লি কিয়াওচু
| লি কিয়াওচু | |
|---|---|
২০২০ চনত লি | |
| স্থানীয় নাম | 李翘楚 |
| জন্ম | ১৩ জানুৱাৰী, ১৯৯১ (৩৫ বছৰ) বেইজিং |
| শিক্ষানুষ্ঠান | ৰেনমিন ইউনিভাৰ্ছিটি ইয়ৰ্ক ইউনিভাৰ্ছিটি |
| জনা যায় | নাগৰিক অধিকাৰৰ পৃষ্ঠপোষক |
লি কিয়াওচু (ইংৰাজী: Li Qiaochu; জন্ম: ১৩ জানুৱাৰী ১৯৯১, বেইজিং)[1][2] এগৰাকী চীনা শ্ৰমিক আৰু মহিলা অধিকাৰ কৰ্মী আৰু শ্ৰমিক বিষয়ৰ গৱেষক।[3] ২০২০ চনৰ প্ৰথমাৰ্ধত চাৰি মাহৰ বাবে আৰু ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত পুনৰ কৰ্তৃপক্ষই দুয়োটা গোচৰতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ অভিযোগত আটক কৰি ৰাখিছিল। এইবোৰৰ কাৰণ আছিল তেওঁৰ সংগী জু জিয়ঙকে ধৰি কৰ্মীসকলৰ সৈতে সম্পৰ্ক, যি ২০১৯ চনৰ ডিচেম্বৰ মাহত দক্ষিণ-পূব চহৰ জিয়ামেনত গোপনে লগ হৈ "চীনত গণতান্ত্ৰিক পৰিৱৰ্তন"ৰ বিষয়ে আলোচনা কৰিছিল।[4][5] ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত লিক "ৰাষ্ট্ৰীয় ক্ষমতা বিধ্বস্ত কৰাৰ বাবে উচটনি দিয়াৰ" অপৰাধত তিনি বছৰ আৰু আঠ মাহৰ কাৰাদণ্ড বিহা হয়।[6] শাস্তি সম্পূৰ্ণ কৰাৰ পিছত ২০২৪ চনৰ আগষ্ট মাহত তেওঁক মুকলি কৰি দিয়া হয়।[7]
২০১৭ চনত লিয়ে অন্যান্য স্বেচ্ছাসেৱকৰ সৈতে কাম কৰিছিল বিশেষভাৱে ঠাণ্ডা শীতকালত বেইজিঙৰ কৰ্তৃপক্ষই উচ্ছেদ কৰা হাজাৰ হাজাৰ প্ৰব্ৰজিত শ্ৰমিকৰ বাবে বিনামূলীয়া বা সস্তা গৃহ বিচাৰি উলিওৱাৰ কাম কৰিছিল।[4][8] ২০১৮ চনত তেওঁ যৌন নিৰ্যাতনৰ গোচৰৰ তথ্য সংকলন কৰে আৰু চীনত মি টু আন্দোলনৰ সমৰ্থনত প্ৰতিবেদনৰ খচৰা প্ৰস্তুত কৰে।[1][3] ৯৯৬ কৰ্মঘণ্টা ব্যৱস্থাৰ বিৰুদ্ধে কৰা প্ৰচেষ্টাতো তেওঁ অংশগ্ৰহণ কৰিছিল।[9]
২০২০ চনৰ আৰম্ভণিতে লিয়ে তেওঁৰ সংগী, আইনী কৰ্মী তথা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা জু জিয়ঙৰ এখন ৰচনা প্ৰচাৰ কৰিছিল, য’ত চীনৰ নেতা ছি জিনপিঙক ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত বিশেষভাৱে অযোগ্যতাৰ অভিযোগ উত্থাপন কৰি পদত্যাগ কৰিবলৈ আহ্বান জনাইছিল।[10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Li Qiaochu (李翘楚)". Chinese Human Rights Defenders. 5 June 2020. https://www.nchrd.org/2020/06/li-qiaochu/। আহৰণ কৰা হৈছে: 17 March 2021.
- ↑ "The Sixth Anniversary of "709 Crackdown": A Tribute to the Women Who Resist". Human Rights in China. n.d.. https://www.hrichina.org/en/sixth-anniversary-709-crackdown-tribute-women-who-resist। আহৰণ কৰা হৈছে: 9 July 2021.
- ↑ 3.0 3.1 "Female activist held incommunicado for months". Amnesty International. n.d.. Archived from the original on 30 December 2021. https://web.archive.org/web/20211230043348/https://www.amnesty.org.uk/urgent-actions/female-activist-held-incommunicado-months। আহৰণ কৰা হৈছে: 17 March 2021.
- ↑ 4.0 4.1 Han, Qing (8 February 2021). "Chinese police hold women's rights activist thousands of miles from home". Radio Free Asia. https://www.rfa.org/english/news/china/activist-02082021105311.html। আহৰণ কৰা হৈছে: 17 March 2021.
- ↑ Guo, Rui (15 March 2021). "China arrests girlfriend of detained legal activist Xu Zhiyong on subversion charge". South China Morning Post. https://www.scmp.com/news/china/politics/article/3125558/china-arrests-girlfriend-detained-legal-activist-xu-zhiyong। আহৰণ কৰা হৈছে: 17 March 2021.
- ↑ Davidson, Helen; Doherty, Ben; Karp, Paul (5 February 2024). "Australian academic Yang Hengjun given suspended death sentence by Chinese court". The Guardian. https://www.theguardian.com/world/2024/feb/05/australian-academic-yang-hengjun-given-suspended-death-sentence-by-chinese-court-writer-wong। আহৰণ কৰা হৈছে: 5 February 2024.
- ↑ "李翘楚出狱后首发声:"让我们免于恐惧的活"" (zh-hans ভাষাত). Voice of America. 17 August 2024. https://www.voachinese.com/a/announcement-of-rights-activist-li-qiaochu-20240817/7746363.html। আহৰণ কৰা হৈছে: 19 August 2024.
- ↑ Wang, Yaqiu (11 March 2020). "Chinese Social Justice Activist 'Disappeared'". Human Rights Watch. https://www.hrw.org/news/2020/03/11/chinese-social-justice-activist-disappeared। আহৰণ কৰা হৈছে: 17 March 2021.
- ↑ "因一个馒头引起的煽颠罪,李翘楚遭当局正式批准逮捕" (zh-hans ভাষাত). Voice of America. 17 March 2021. https://www.voachinese.com/amp/Li-Qiaochu-outspokenness-sheds-light-on-Chinese-police-brutality-20210317/5817800.html। আহৰণ কৰা হৈছে: 19 March 2021.
- ↑ "中国法律活动人士许志永的女友李翘楚被正式批准逮捕" (zh-hans ভাষাত). Voice of America. 16 March 2021. https://www.voachinese.com/a/China-human-rights-xu-zhiyong-li-qiaochu-20210315/5815610.html। আহৰণ কৰা হৈছে: 18 March 2021.