লীনা চন্দাৱৰকৰ
লীনা চন্দাৱৰকৰ | |
---|---|
![]() ২০১৪ চনত চন্দাৱৰকৰ | |
জন্ম | ২৯ আগষ্ট, ১৯৫০ (৭৪ বছৰ)[1] ধাৰৱাড়, মহীশূৰ ৰাজ্য |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৬৮- ১৯৮৯ |
দাম্পত্যসঙ্গী | সিদ্ধাৰ্থ বন্দোদকাৰ (বি. ১৯৭৫; মৃ. ১৯৭৬)[2] কিশোৰ কুমাৰ (বি. ১৯৮০; মৃ. ১৯৮৭) |
সন্তান | ১[3] |
লীনা চন্দাৱৰকৰ ইংৰাজী: Leena Chandavarkar ; জন্ম: ২৯ আগষ্ট ১৯৫০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী ছবিত মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল আৰু বৰ্তমান তেওঁ ৰিয়েলিটি শ্ব'ত অভিনয় কৰি আছে। ১৯৬০ দশক শেষৰ ফালে আৰু ১৯৭০ দশকৰ আৰম্ভণিতে তেওঁ অতি সক্ৰিয় আছিল। সেই যুগৰ প্ৰায় সকলো প্ৰবীণ অভিনেতাৰ বিপৰীতে মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰা চন্দ্ৰাৱৰকৰে ৰাজেশ খান্না, ধৰ্মেন্দ্ৰ, জীতেন্দ্ৰ, সঞ্জীৱ কুমাৰ, বিনোদ খান্না, দিলীপ কুমাৰ, সুনীল দত্ত, ৰাজ কুমাৰৰ সৈতে সঘনাই যুটী বান্ধিছিল।
কৰ্মজীৱন
[সম্পাদনা কৰক]ফিল্মফেয়াৰে সমগ্ৰ দেশতে আয়োজন কৰা ফ্ৰেছ ফেচ প্ৰতিযোগিতাৰ অন্যতম ৰানাৰ্ছ আপ হিচাপে স্থান লাভ কৰি চন্দাৱৰকৰ লাইমলাইটলৈ আহে। প্ৰথম অৱস্থাত বিজ্ঞাপনত কাম কৰিছিল যদিও শেষত ছবিৰ ক্ষেত্ৰখনলৈ আহে। সুনীল দত্তৰ বাবে তেওঁ ‘মন কা মিত’ যোগে তেওঁ ছবি জগতত প্ৰবেশ কৰে আৰু সুনীল দত্তৰ পত্নী নাৰ্গিছে তেওঁক অভিনেত্ৰী প্ৰস্তুত কৰে। [4] ১৯৬৯ চনৰ পৰা ১৯৭৯ চনৰ ভিতৰত লীনাই বহু ছবিত অভিনয় কৰিছিল। সেই যুগৰ বহু জনপ্ৰিয় নায়কৰ বিপৰীতে তেওঁ অভিনয় কৰিছিল। ১৯৭১ চনত ৰাজেশ খান্নাৰ সৈতে ‘মেহবুব কী মেহেন্দী’ ছবিত তেওঁৰ অন্যতম শ্ৰেষ্ঠ অভিনয় কৰে। [5] [6]
১৯৭৬ চনৰ 'বৈৰাগ' আন এক উদাহৰণ য’ত তেওঁ দিলীপ কুমাৰ আৰু ছায়েৰা বানো, প্ৰেম চোপ্ৰা আৰু হেলেনৰ সৈতে একেলগে অভিনয় কৰিছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "The hardships of Leena Chandavarkar". 4 February 2019. http://www.youtube.com/watch?v=FejQKnYFm8g। আহৰণ কৰা হৈছে: 8 September 2019.
- ↑ "After being widowed at the age of 25, Leena Chandavarkar married a 25-year-older singer". 1 September 2018. http://www.youtube.com/watch?v=hLODvBfdAuM। আহৰণ কৰা হৈছে: 8 September 2019.সাঁচ:Dead Youtube links
- ↑ "Kishore Kumar's son Sumeet Kumar to sing title track of film 'Naach'" (en ভাষাত). India Today Dot In. 13 September 2004. https://www.indiatoday.in/magazine/eyecatchers/story/20040913-kishore-kumars-son-sumeet-kumar-to-sing-title-track-of-film-naach-789273-2004-09-13। আহৰণ কৰা হৈছে: 4 April 2022.
- ↑ "Leena Chandavarkar gets candid about life, love and marriage" (en ভাষাত). filmfare.com. https://www.filmfare.com/filmfare-flashback/leena-chandavarkar-gets-candid-about-life-love-and-marriage-27959.html। আহৰণ কৰা হৈছে: 16 February 2021.
- ↑ Malhotra, Aps (4 June 2015). "Mehboob Ki Mehndi (1971)" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/features/friday-review/mehboob-ki-mehndi-1971/article7282427.ece.
- ↑ "Can't change one's destiny". 11 August 2011. Archived from the original on 15 August 2012. https://web.archive.org/web/20120815144833/http://www.deccanchronicle.com/tabloid/sunday-chronicle/heartitude/%E2%80%98can%E2%80%99t-change-one%E2%80%99s-destiny%E2%80%99-219। আহৰণ কৰা হৈছে: 24 November 2018.