সমললৈ যাওক

লীনা হিডী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লীনা হিডী

২০১৯ চনত হিডী
জন্ম লীনা কেথৰিন হিডী
৩ অক্টোবৰ, ১৯৭৩
হেমিল্টন,বাৰ্মুদা
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৯২–বৰ্তমান
দাম্পত্যসঙ্গী
  • পিটাৰ লঘৰান (বিবাহ ২০০৭; বিচ্ছেদ ২০১৩)
  • মাৰ্ক মেঞ্চাকা (বিবাহ ২০২২)
সন্তান

লীনা কেথৰিন হিডী (জন্ম: ৩ অক্টোবৰ, ১৯৭৩) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। এইচ.বি.অ’.ৰ ফেণ্টাচী ড্ৰামা ধাৰাবাহিক গেম অৱ থ্ৰোনছত (২০১১–২০১৯) চাৰ্চি লেনিনষ্টাৰৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি আৰু প্ৰশংসা লাভ কৰিছিল। এই চৰিত্ৰটোৰ বাবে তেওঁ পাঁচবাৰকৈ এমি বঁটাৰ মনোনয়ন আৰু এবাৰ গোল্ডেন গ্ল'ব বঁটাৰ মনোনয়ন লাভ কৰিছিল। ২০০৬ চনৰ বোলছবি ৩০০ত স্পাৰ্টাৰ ৰাণী গৰ্গোৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ চাটাৰ্ণ বঁটাৰ বাবে মনোনীত হৈছিল।

হিডীয়ে ৰহস্যধৰ্মী ড্ৰামা ছবি ৱাটাৰলেণ্ডৰ (১৯৯২) জৰিয়তে চলচ্চিত্ৰ জগতত অভিষেক ঘটায় আৰু ব্ৰিটিছ টেলিভিছন নাটক দ্য ক্লথছ ইন দা ৱাৰ্ডৰোবত (১৯৯৩) অভিনয় কৰে।[1] ২০০৫ চনৰ বোলছবি দ্য ব্ৰাদাৰ্ছ গ্ৰিম আৰু ২০০৬ চনৰ ৩০০ত মুখ্য চৰিত্ৰত অভিনয় কৰি অধিক পৰিচিতি লাভ কৰাৰ আগলৈকে তেওঁ ব্ৰিটিছ আৰু আমেৰিকান চলচ্চিত্ৰ তথা টেলিভিছনত নিয়মিতভাৱে কাম কৰি গৈছিল। তেওঁ অভিনয় কৰা অন্যান্য উল্লেখযোগ্য বোলছবিসমূহৰ ভিতৰত আছে দ্য ৰিমেইনছ অৱ দা ডেব (১৯৯৩), দ্য জাংগল বুক (১৯৯৪), মিচেছ ডালোৱে (১৯৯৭), ৰিপ্লিছ গেম (২০০২), ইমাজিন মি এণ্ড ইউ (২০০৫), ড্ৰেড (২০১২), দ্য পাৰ্জ (২০১৩), ৩০০: ৰাইজ অৱ এন এম্পায়াৰ (২০১৪), প্ৰাইড এণ্ড প্ৰিজুডিচ এণ্ড জম্বিজ (২০১৬), আৰু ফাইটিং উইথ মাই ফেমিলী (২০১৯)।

হিডীয়ে বিজ্ঞানভিত্তিক ধাৰাবাহিক টাৰ্মিনেটৰ: দা ছাৰা কনাৰ ক্ৰনিকলছত (২০০৮–২০০৯) ছাৰা কনাৰৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ এনিমেটেড ধাৰাবাহিক ৰাইজ অৱ দা টিনেজ মিউটেণ্ট নিনজা টাৰ্টলছ (২০১৮–২০২০) আৰু ৱেব ধাৰাবাহিক ইনফিনিটি ট্ৰেইনত (২০১৯–২০২১) অভিনয় কৰিছিল। তেওঁ ভিডিঅ’ গেম ৰাইজেন (২০০৯) আৰু চলচ্চিত্ৰ কিঙছগ্লেভ: ফাইনেল ফেণ্টাচী ১৫ (২০১৬) ত কণ্ঠদান কৰিছিল। লগতে তেওঁ এনিমেটেড ধাৰাবাহিক ডেঞ্জাৰ মাউচ (২০১৫–২০১৭), টেলছ অৱ আৰ্কেডিয়া (২০১৭–২০১৮; ২০২০) আৰু পাপেট ধাৰাবাহিক দ্য ডাৰ্ক ক্ৰিষ্টাল: এজ অৱ ৰেজিষ্টেন্সতো (২০১৯) কণ্ঠ দিছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

হিডীৰ জন্ম সুজান আৰু জন হিডীৰ কন্যা হিচাপে হৈছিল।[2][3] তেওঁৰ পিতৃ ইয়ৰ্কশ্বায়াৰৰ এজন আৰক্ষী বিষয়া আছিল আৰু সেই সময়ত বাৰ্মুডা আৰক্ষী সেৱাৰ বাবে হেমিল্টনত কৰ্মৰত আছিল।[4][5] হিডীৰ টিম নামৰ এজন কনিষ্ঠ ভাতৃ আছে।[6] যেতিয়া তেওঁৰ বয়স পাঁচ বছৰ আছিল, তেওঁৰ পৰিয়ালটো ইংলেণ্ডলৈ উভতি আহে আৰু প্ৰথমতে ছামাৰছেটত বসতি স্থাপন কৰে।[6] শৈশৱত তেওঁ বেলে নৃত্যৰ শিক্ষা গ্ৰহণ কৰিছিল।[7] শ্বেলী কলেজত পঢ়ি থকাৰ সময়তে তেওঁ পোনপ্ৰথমে অভিনয়ৰ অভিজ্ঞতা লাভ কৰিছিল। ১৭ বছৰ বয়সত ৰয়েল নেচনেল থিয়েটাৰত এখন স্কুলীয়া নাটকত অভিনয় কৰি থকা অৱস্থাত তেওঁক লক্ষ্য কৰা হৈছিল আৰু ১৯৯২ চনৰ ছবি ৱাটাৰলেণ্ডৰ এটা চৰিত্ৰৰ বাবে বাছনি কৰা হৈছিল।[8]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

হিডীয়ে ২০০৭ চনৰ মে' মাহত সংগীতশিল্পী পিটাৰ লঘৰানৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[9] ২০১০ চনত তেওঁলোকৰ এজন পুত্ৰ সন্তান জন্ম হয়।[10] সন্তানটিৰ জন্মৰ পাছত তেওঁ প্ৰসৱোত্তৰ বিষাদগ্ৰস্ততাত ভোগাৰ কথা প্ৰকাশ কৰিছে।[11] হিডী আৰু লঘৰান ২০১১ চনত পৃথক হয় আৰু তেওঁ ২০১২ চনৰ জুলাই মাহত বিবাহ বিচ্ছেদৰ বাবে আৱেদন কৰে, যিটো ২০১৩ চনৰ ডিচেম্বৰত চূড়ান্ত হয়।[9][12] ২০১৫ চনৰ ১০ জুলাইত হিডীয়ে তেওঁৰ বাল্যকালৰ বন্ধু তথা চলচ্চিত্ৰ নিৰ্মাতা ডেন কাডানৰ এগৰাকী কন্যা সন্তান জন্ম দিয়ে। কাডানে তেওঁৰ চুটি ছবি দ্য ডেভিলছ ৱেডিংত হিডীৰ সৈতে কাম কৰিছিল।[13] ২০১৯ চনৰ জুন মাহৰ ভিতৰত তেওঁলোক পৃথক হৈছিল।[14] ২০২২ চনৰ অক্টোবৰত হিডীয়ে আমেৰিকান অভিনেতা মাৰ্ক মেঞ্চাকাক বিবাহ কৰায়, যাৰ সৈতে তেওঁ ২০২০ চনৰপৰা প্ৰেমৰ সম্পৰ্কত আছিল।[15][16]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Screen Two: The Clothes in the Wardrobe". BBC. 17 January 1993. Archived from the original on 29 September 2022. https://web.archive.org/web/20220929152013/https://genome.ch.bbc.co.uk/e9367ed6959540939367df732fb72740 আহৰণ কৰা হৈছে: 29 September 2022.
  2. "THE MARRIAGE ACT, 1944. Notice of Intended Marriage.". The Royal Gazette (City of Hamilton, Pembroke, Bermuda): পৃষ্ঠা 4. 1 April 1972. "The persons named and described hereunder have given notice to me of their intended marriage, namely: — JOHN STEPHEN HEADEY of St. George’s Parish (Bachelor) and SUSAN BROWN of St. George’s Parish (Spinster). Any person knowing any just cause or impediment why this marriage should not be allowed should enter caveat forthwith in the office of the Registrar General. Dated 29th day of March, 1972. VALERIE T. SCOTT Registrar General"
  3. "Lena Headey". TV Guide. https://www.tvguide.com/celebrities/lena-headey/bio/161706.
  4. "WEEKEND SPORT ONE: Title out of reach... but COLTS PLAY LIKE CHAMPIONS". The Royal Gazette (City of Hamilton, Pembroke, Bermuda): পৃষ্ঠা 7. 5 February 1973. "The second Colts’ goal was scored by luckless Police defender John Headey, who tried to nod the ball out after a Marcus Douglas shot; Unfortunately for Police, his bullett header went straight into the net. This came after 30 minutes."
  5. "WEEKEND SPORT ONE: COLTS CRUISE TO THE TOP: Devonshire Colts 5, Police 0". The Royal Gazette (City of Hamilton, Pembroke, Bermuda): পৃষ্ঠা 10. 15 February 1973. "Cassidy’s unfortunate exit was a big blow to Police, but his replacement, Headey, did surprisingly well on the occasions he was needed.....Though the Police defenders showed up fairly well — with John Headey and Brian McManus standing out — the simple fact was that they were just not capable of dealing with the likes of Dowling, Hubert Douglas and Ellsworth Lambert without the occasional collapse."
  6. 1 2 Wolff, Jennifer (5 October 2010). "Lena Headey Profile: She's Beautiful When She's Angry". Men's Health. http://www.menshealth.com/sex-women/lena-headey-profile?fullpage=true আহৰণ কৰা হৈছে: 28 January 2015.
  7. "Lena Heady on Letterman". YouTube. 1 April 2008. https://www.youtube.com/watch?v=4f0NUmL6eig আহৰণ কৰা হৈছে: 28 January 2015.
  8. Campling, Katie (16 January 2008). "Lena gets ready to terminate TV ratings". Huddersfield Daily Examiner. http://www.examiner.co.uk/leisure-and-entertainment/2008/01/16/lena-gets-ready-to-terminate-tv-ratings-86081-20354247/.
  9. 1 2 "Game of Thrones Star Lena Headey Files for Divorce". People. 25 July 2012. https://people.com/celebrity/game-of-thrones-star-lena-headey-files-for-divorce/.
  10. /note.php?note_id=178409168873594 "Wiley's birthdate". Lena Headey's Facebook page. 1 April 2011. http://www.facebook.com/marcia.gaines#! /note.php?note_id=178409168873594. "Wylie was a year old yesterday .."
  11. de Bertodano, Helena (25 March 2014). "Game of Thrones star Lena Headey: I believe Cersei is very frightened and paranoid". The Daily Telegraph. https://www.telegraph.co.uk/culture/tvandradio/game-of-thrones/10704946/Game-of-Thrones-star-Lena-Headey-I-believe-Cersei-is-very-frightened-and-paranoid.html.
  12. "'Game of Thrones' star Lena Headey strikes divorce settlement with ex". Toronto Sun. 26 December 2013. http://www.torontosun.com/2013/12/26/game-of-thrones-star-lena-headey-strikes-divorce-settlement-with-ex.
  13. Lee, Esther (7 July 2017). "'Game of Thrones' Star Lena Headey Is Engaged to Childhood Friend Dan Cadan". The Knot. http://www.theknotnews.com/game-of-thrones-lena-headey-engaged-21019 আহৰণ কৰা হৈছে: 8 July 2017.
  14. Anthony, Andrew (16 June 2019). "Lena Headey: 'I wanted a better death for Cersei'". The Guardian. https://www.theguardian.com/tv-and-radio/2019/jun/16/lena-headey-cersei-death-game-of-thrones-the-flood-interview.
  15. Choudhary, Sayantan (8 October 2022). "Lena Headey (Cersei) marries actor Marc Mechaca in private ceremony in Italy" (en-US ভাষাত). Wiki of Thrones. https://wikiofthrones.com/game-of-thrones-lena-headey-cersei-married-actor-marc-mechaca-in-a-private-ceremony-in-italy আহৰণ কৰা হৈছে: 8 October 2022.
  16. Wynne, Kelly (10 October 2022). "Lena Headey Marries 'Ozark' 's Marc Menchaca in Italy with 'Game of Thrones' Stars in Attendance" (en ভাষাত). People. https://people.com/tv/lena-headey-marries-marc-menchaca/ আহৰণ কৰা হৈছে: 13 October 2022.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]