লীমা ধৰ
| লীমা ধৰ | |
|---|---|
| জন্ম | ২২ ডিচেম্বৰ, ১৯৯৩ (৩২ বছৰ) এলাহাবাদ, উত্তৰ প্ৰদেশ, ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| শিক্ষানুষ্ঠান | সেণ্ট মেৰিজ কনভেণ্ট স্কুল; এলাহাবাদ বিশ্ববিদ্যালয় |
| পেচা | লেখিকা |
| উল্লেখযোগ্য কৰ্ম | টিল উই মিট এগেন, মম এণ্ড আই লাভ এ টেৰৰিষ্ট, দ্য গাৰ্ল হু কিস্ড দা স্নেক, ইউ টাচ্ড মাই হাৰ্ট, কুছ লফ্জ নকাব মে, ফৰ দা হানড্ৰেড টুমোৰোচ ইত্যাদি |
| ধৰ্ম | হিন্দুধৰ্ম |
| আত্মীয়-স্বজন | সমীৰ ধৰ (পিতা), মৌচুমী ধৰ (মাতা) |
| স্বাক্ষৰ | |
| ৱেবছাইট | |
| www | |
লীমা ধৰ (জন্ম: ২২ ডিচেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় ইংৰাজী ভাষাৰ লেখিকা।[1][2] বৰ্তমান ভাৰতত ২৫ বছৰৰ তলৰ জনপ্ৰিয় ইংৰাজী লেখিকাসকলৰ ভিতৰত তেওঁ অন্যতম হিচাপে পৰিগণিত।[3] মাত্ৰ ১৩ বছৰ বয়সতে লীমা ধৰৰ প্ৰথম হিন্দী কাব্যসংগ্ৰহ কুছ লফ্জ নকাব মে প্ৰকাশ পায়।[4] ইংৰাজীত তেওঁৰ প্ৰথম উপন্যাস টিল উই মিট এগেইন (২০১২) প্ৰকাশ পোৱাৰ দুসপ্তাহৰ ভিতৰতে জাতীয় বেষ্টচেলাৰ হিচাপে পৰিগণিত হয়। ইয়াৰ পিছত একে একে তেওঁৰ আন তিনিখন উপন্যাস প্ৰকাশ পায়— মম এণ্ড আই লাভ এ টেৰ’ৰিষ্ট (ডিচেম্বৰ ২০১২), দা গাৰ্ল হু কিস্ড দা স্নেক (জুন ২০১৩)[5] আৰু ইউ টাচ্ড মাই হাৰ্ট (ডিচেম্বৰ ২০১৩)।[6] লেখালেখিৰ উপৰি তেওঁ হিন্দুস্তান টাইমছ, হিন্দুস্তান, দৈনিক জাগৰণ, অমৰ উজালা আৰু য়থ একশ্বন আদি পত্ৰ-পত্ৰিকাত নিয়মীয়াকৈ কলাম লিখে।[7]
সংক্ষিপ্ত জীৱনী
[সম্পাদনা কৰক]লীমা ধৰ ১৯৯৩ চনৰ ২২ ডিচেম্বৰত ভাৰতৰ উত্তৰ প্ৰদেশৰ এলাহাবাদত জন্মগ্ৰহণ কৰে। যদিও তেওঁৰ পিতৃগৃহ পশ্চিমবঙ্গৰ বাঁকুড়া জিলাৰ মেজিয়াত আছিল, তথাপি তেওঁৰ পিতা সাহিত্যিক সমীৰ ধৰ কৰ্ম-সূত্ৰে এলাহাবাদত বসবাস কৰাত লীমাৰ স্কুল আৰু কলেজ জীৱনো তাতেই কটায়।
লীমাই এলাহাবাদ চহৰৰ সেণ্ট মেৰিজ কনভেণ্ট স্কুলত বিজ্ঞান শাখাত অধ্যয়ন কৰে আৰু ২০১১ চনত অনুষ্ঠিত অল ইণ্ডিয়া ইঞ্জিনিয়াৰিং প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হয়। ইঞ্জিনিয়াৰিং পঢ়াৰ সুযোগ লাভ কৰাৰ পাছতো সাহিত্যৰ প্ৰতি আগ্ৰহৰ বাবে তেওঁ ন্যাশনেল ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰিং কলেজত যোগদান নকৰি এলাহাবাদ বিশ্ববিদ্যালয়ত মনস্তত্ত্ব আৰু ইংৰাজী বিষয়ত স্নাতক স্তৰত অধ্যয়ন আৰম্ভ কৰে। ইংৰাজী বিষয়ত এম.এ. অধ্যয়নৰ সময়তে তেওঁৰ উৎকৃষ্ট লেখনীশৈলীৰ বাবে তেওঁ ২০১৫ চনত ইণ্ডো–কানাডিয়ান লেখক সন্মান লাভ কৰে।[8]
বৰ্তমান তেওঁ এলাহাবাদ বিশ্ববিদ্যালয়ৰপৰা পিএইচডি কৰি আছে। তেওঁৰ গৱেষণাৰ বিষয় হৈছে চাৰ্লট ব্ৰণ্টেৰ Jane Eyre আৰু এন্নে ব্ৰণ্টেৰ Agnes Grey উপন্যাসত নাৰীবাদী চেতনাৰ উদ্ভৱ আৰু বিকাশ। নাৰীবাদত বিশ্বাসী লেখিকা হিচাপে লীমা ধৰ বৰ্তমান নাৰীস্বাধীনতা কেন্দ্ৰিক তেওঁৰ আগন্তুক উপন্যাস ৰচনাতো ব্যস্ত।[9]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Lime Light (Novel Belle)". The Telegraph (Calcutta). 8 May 2016. http://epaper.telegraphindia.com/details/186444-4445886.html.
- ↑ Dr. Sufian Ahmad & Sri Biswajit Sinha, ed (2015). WHO’S WHO OF INDIAN WRITERS, 2015: A–M. Sahitya Akademi. ISBN 978-81-260-4812-0. http://sahitya-akademi.gov.in/sahitya-akademi/SASearchSystem/sauser/writerinfo.jsp?wrids=367.
- ↑ Manini Menon (20 February 2016). "A Few Must Read Books Of Contemporary Women Novelist Who Are Below 25". Women's Web. Archived from the original on 17 April 2016. https://web.archive.org/web/20160417101925/http://www.womensweb.in/2016/02/indian-women-novelists/। আহৰণ কৰা হৈছে: 22 March 2026.
- ↑ "Hindi-English literature drawing attention: Leema Dhar". Anandabazar Patrika. 3 June 2016. http://www.anandabazar.com/national/lima-s-creations-drawing-attention-through-out-the-country-dgtl-1.402376.
- ↑ "Yuva lekhika Leema Dhar ke khate mein ek aur uplabdhi". Amar Ujala. 22 June 2013. http://www.amarujala.com/uttar-pradesh/allahabad/Allahabad-30609-8.
- ↑ "Leema Dhar becomes online bestseller writer". Dainik Jagran. 20 June 2014. http://www.jagran.com/uttar-pradesh/lucknow-city-lima-dhar-become-best-oneline-writer-11412584.html.
- ↑ "It’s An Apple, Either Way…". Youth Action. 13 August 2015. Archived from the original on 13 April 2016. https://web.archive.org/web/20160413223546/http://youthaction.in/2015/08/its-an-apple-either-way/। আহৰণ কৰা হৈছে: 22 March 2026.
- ↑ "28 IACS International Conference (India–Canada)". University of Allahabad. 6 January 2015. http://www.allduniv.ac.in/images/seminar/2015/eng/DSCN1505.jpg.
- ↑ "Bulandi Ki Aasman (Bronte bahinon ki baat bakhubi kar rahi Leema)". Amar Ujala (Allahabad, India). March 2019. https://epaper.amarujala.com/allahabad-city/20190308/09.html?format=img&ed_code=allahabad-city.