লীলাম্মা কোছি
লীলাম্মা কোছি (ইংৰাজী: Leelamma Koshie; ৩০ মাৰ্চ ১৯২৩ - ১৯৮৯, জন্ম: লীলাম্মা জৰ্জ)[1] এগৰাকী ভাৰতীয় মহিলা সাধাৰণ অভিযন্তা। ভাৰতৰ প্ৰথম মহিলা অভিযন্তা তিনিগৰাকীৰ ভিতৰত তেওঁ অন্যতম আছিল৷ অন্য কেইগৰাকী আছিল আয়ালাসোমায়াজুলা ললিতা আৰু পি. কে. থ্ৰেছিয়া৷[2] ১৯৪৪ চনত তেওঁলোকে অভিযান্ত্ৰিক মহাবিদ্যালয়, গুইণ্ডিৰ (চিইজি) পৰা অভিযান্ত্ৰিক ডিগ্ৰী অৰ্জন কৰে।[3]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৯২৩ চনৰ ৩০ মাৰ্চত কেৰালাত চেণ্ট থমাছ খ্ৰীষ্টিয়ান পিতৃ-মাতৃ এ.কে. আৰু আনাম্মা জৰ্জৰ ঘৰত তেওঁৰ জন্ম হৈছিল৷ তেওঁৰ দেউতাকে ইংলেণ্ডত পঢ়া-শুনা কৰিছিল। ছয় বছৰ বয়সতে তেওঁ ত্ৰিবেন্দ্ৰমত স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল আৰু মাত্ৰ ছবছৰৰ পিছতেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল; ১৪ বছৰ বয়সত তেওঁ প্ৰাক বিশ্ববিদ্যালয়ৰ পৰীক্ষাত উচ্চ স্থান লাভ কৰে। দেউতাকে তেওঁক চিকিৎসা বিজ্ঞান পঢ়োৱাৰ বাবে আগ্ৰহী আছিল আৰু পাঁচ দিনীয়া ৰেল যাত্ৰা কৰি লুধিয়ানাৰ খ্ৰীষ্টান মেডিকেল কলেজত নামভৰ্তি কৰি দিছিল। এবছৰীয়া পঢ়া-শুনা সম্পূৰ্ণ কৰিলেও দ্বিতীয় বৰ্ষত তেওঁ শৰীৰবিজ্ঞানৰ পাঠ্যক্ৰমৰ বাবে প্ৰয়োজনীয় ব্যৱহাৰিক পৰীক্ষাত কৰিবলগীয়া বিচ্ছেদনত বিতৃষ্ণা পাই চিকিৎসা বিজ্ঞান ত্যাগ কৰে। লেডী হাৰ্ডিং মেডিকেল কলেজত কিছু সময়ৰ বাবে চিকিৎসা বিজ্ঞানৰ অধ্যয়ন সামৰি তেওঁ ১৬ বছৰ বয়সত চেন্নাইৰ কলেজ অৱ ইঞ্জিনিয়াৰিং, গুইণ্ডী (CEG)ত ভৰ্তি হয়।[1]
চেন্নাইৰ কলেজ অৱ ইঞ্জিনিয়াৰিঙত তেওঁ আছিল প্ৰথম তিনিগৰাকী মহিলা ছাত্ৰীৰ ভিতৰত অন্যতম৷
১৯ বছৰ বয়সত চেন্নাইৰ কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি বিশ্ববিদ্যালয়খনৰ শীৰ্ষ তিনিগৰাকী ছাত্ৰী হিচাপে পৰিচয় লাভ কৰে।[1]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৯৪৯ চনত লীলামা জৰ্জে থমাছ কোছিৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ১৯৮৯ চনত তেওঁৰ মৃত্যু হয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- 1 2 3 Mohan, Shantha (2018). "Leelamma (George) Kochie: Kerala's First Woman Engineer: the Resilient Builder" (en ভাষাত). Roots and Wings: Inspiring Stories of Indian Women in Engineering. Notion Press. ISBN 978-1-64429-133-7. https://books.google.com/books?id=-zhsDwAAQBAJ&dq=koshie+leelamma&pg=PT26। আহৰণ কৰা হৈছে: 1 November 2024.
- ↑ Dsouza, Krystelle (7 November 2023). "History in Pics: 8 Women Engineers Whose Victories Led India Into a Future Full of Innovations". The Better India. https://thebetterindia.com/333726/women-engineers-in-indian-history-a-lalitha-ila-majumdar-innovation/.
- ↑ "Leelamma (George) Koshie". Compendium on 75 Women Engineer Jewels of India. Institution of Civil Engineers, India. 2021. পৃষ্ঠা. 3. https://ice.net.in/newsletter/75women.pdf। আহৰণ কৰা হৈছে: 1 November 2024.