সমললৈ যাওক

লীলাৱতী মুঞ্চি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লীলাৱতী মুঞ্চি
ৰাজ্যসভাৰ সদস্য
কাৰ্যকাল
১৯৫২-১৯৫৮
সমষ্টি বোম্বে প্ৰদেশ
বোম্বে বিধানসভাৰ সদস্য
কাৰ্যকাল
১৯৩৭-১৯৪৬
ব্যক্তিগত তথ্য
জন্ম ২১ মে', ১৮৯৯
মৃত্যু ২০ ফেব্ৰুৱাৰী, ১৯৭৮ (৭৮ বছৰ)
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী
  • লালবাই সেঠ (বি. ২০২৫; মৃ. ১৯২৬)
  • কানহায়ালাল মানেকলাল মুঞ্চি (বি. ১৯২৬; মৃ. ১৯৭১)
সন্তান ২ পুত্ৰ ৪ জীয়ৰী

লীলাৱতী মুঞ্চি (ইংৰাজী: Lilavati Munshi) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু গুজৰাটী নিবন্ধকাৰ আছিল। ১৯৩৭ চনৰ পৰা ১৯৪৬ চনলৈ বম্বে বিধানসভা আৰু ১৯৫২ চনৰ পৰা ১৯৫৮ চনলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰি ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

১৮৯৯ চনৰ ২১ মে'ত এটা গুজৰাটী জৈন পৰিয়ালত লীলাৱতীৰ জন্ম হয়। ১৯২০ চনৰ পৰা ভাৰতৰ স্বাধীনতা আন্দোলনৰ লগত তেওঁ জড়িত হৈ পৰিছিল আৰু লৱণ সত্যাগ্ৰহ আৰু আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰিছিল; যাৰ বাবে তেওঁ কাৰাবাস খাটিবলগীয়া হৈছিল।[1]

১৯৫০ চনত বোম্বাইত ‘ছোচাইটি ফৰ দ্য প্ৰিভেনচন অৱ আনহেল্থী ট্ৰেণ্ডছ ইন মোচন পিকচাৰ্ছ’ প্ৰতিষ্ঠা কৰে। ১৯৫৪ চনত তেওঁ ‘অবাঞ্চিত’চলচ্চিত্ৰ আৰু অশ্লীল দৃশ্য প্ৰদৰ্শন নিষিদ্ধ কৰাৰ প্ৰস্তাৱ আগবঢ়ায়, যিটো সদনে গ্ৰহণ কৰে আৰু তাৰ পিছত চৰকাৰে ১৯৫৯ চনত চিনেমেট’গ্ৰাফ আইন সংশোধন কৰে। ১৯৫০ চনলৈকে ভাৰতীয় ছবিত চুমা খোৱাৰ দৃশ্য অস্বাভাৱিক নাছিল; তেওঁৰ সক্ৰিয়তাৰ বাবেই তেনে দৃশ্য নাইকীয়া হৈ গৈছিল।[2]

১৯৩৭ চনৰ পৰা ১৯৪৬ চনলৈকে তেওঁ বোম্বে বিধানসভাৰ সদস্য আছিল। ১৯৫২ চনৰ ৩ এপ্ৰিলৰ পৰা ১৯৫৮ চনৰ ২ এপ্ৰিললৈকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে বম্বে প্ৰদেশক প্ৰতিনিধিত্ব কৰি ভাৰতৰ উচ্চ সদন ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[3]

১৯৭৮ চনৰ ২০ ফেব্ৰুৱাৰীত তেওঁৰ মৃত্যু হয়।

  1. Khan, Saeed (2012-05-06). "Gujarat woman gave censor the scissors". The Times of India (Ahmedabad). https://timesofindia.indiatimes.com/city/ahmedabad/Gujarat-woman-gave-censor-the-scissors/articleshow/13015091.cms. 
  2. Chaudhari, Raghuveer, ed (2005). "લેખિકા-પરિચય" (gu ভাষাত). વીસમી સદીનું ગુજરાતી નારીલેખન (1st সম্পাদনা). প্ৰকাশক New Delhi: Sahitya Akademi. পৃষ্ঠা. 351. ISBN 8126020350. OCLC 70200087. 
  3. "Rajya Sabha Members Biographical Sketches 1952 - 2003". Rajya Sabha. http://rajyasabha.nic.in/rsnew/pre_member/1952_2003/m.pdf। আহৰণ কৰা হৈছে: 9 November 2015.